ETV Bharat / city

গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ ২০৮ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ

author img

By

Published : Apr 2, 2022, 7:57 PM IST

গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ ২১২ প্ৰাৰ্থীৰ ভিতৰত ২০৮ গৰাকীৰ মনোনয়ন বৈধ হয় (GMC validates nominations of 208 election candidates) ৷ অহা ২২ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতাৰ বাবে ৩০ মাৰ্চত মনোনয়ন পত্ৰ দাখিল কৰা মুঠ ২১২ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ পৰীক্ষণ শনিবাৰে সম্পন্ন হয়।

gmc-validates-nominations-of-208-election-candidates
গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ ২০৮ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ

গুৱাহাটী, 2 এপ্ৰিল : গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ পৰীক্ষণ (Scrutiny of GMC election candidates nomination papers ) শনিবাৰে সম্পন্ন হয় । গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ ২১২ প্ৰাৰ্থীৰ ভিতৰত ২০৮ গৰাকীৰ মনোনয়ন বৈধ হয় আৰু ৪ গৰাকীৰ নাকচ হয় । অহা ২২ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতাৰ বাবে ৩০ মাৰ্চত মনোনয়ন পত্ৰ দাখিল কৰা মুঠ ২১২ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ শুকুৰবাৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাৰ তত্ত্বাৱধানত তথা নিৰ্বাচন পৰ্যবেক্ষকসকলৰ উপস্থিতিত পৰীক্ষা কৰা হয়।

মহানগৰীৰ ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত হোৱা এই পৰীক্ষণ কাৰ্যসূচীত সহকাৰী নিৰ্বাচনী বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশসকলে মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰাৰ অন্তত ২০৮ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ গ্ৰহণযোগ্য হিচাপে বিবেচনা কৰাৰ বিপৰীতে ৪ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ নাকচ কৰা হয়। প্ৰাৰ্থীসকলৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰাৰ অন্তিম তাৰিখ হৈছে অহা ৪ এপ্ৰিল ।

উল্লেখযোগ্য যে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত (GMC election 2022) পঞ্চাশ শতাংশ ৱাৰ্ড মহিলা প্ৰাৰ্থীৰ বাবে সংৰক্ষণ কৰা হৈছে । অহা ২২ এপ্ৰিলৰ পুৱা ৭.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ মুঠ ৭৮০ টা ভোটগ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হ’বলগীয়া ভোটগ্ৰহণত মুঠ ৭, ৯৭,৮০৭ গৰাকী ভোটাৰে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিব ।

ইয়াৰে ৩,৯৭,১২৮ গৰাকী পুৰুষ, ৪,০০,৬৫৪ গৰাকী মহিলা আৰু ২৬ জন তৃতীয় লিংগৰ ভোটাৰ। ইপিনে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত শনিবাৰে গুৱাহাটী পৌৰ নিগম নিৰ্বাচনত প্ৰতিদন্দ্বিতা আগবঢ়োৱা বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলৰ উপস্থিতিত নিৰ্বাচনত ব্যৱহাৰ কৰিবলগীয়া ই ভি এম সমূহৰ প্ৰথম পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন কৰা হয় ।
লগতে পঢ়ক : APSC কেলেংকাৰী : ন্যায়াধীশ শৰ্মা আয়োগে দাখিল কৰিলে প্ৰতিবেদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.