ETV Bharat / city

GMC Elections 2022 : গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে বিভিন্ন দলৰ প্ৰস্তুতি

author img

By

Published : Mar 8, 2022, 10:07 PM IST

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনক কেন্দ্ৰ কৰি কংগ্ৰেছে পৌৰ নিগমৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে । নিৰ্বাচন সন্দৰ্ভত এক সূত্ৰই জনোৱা মতে আগন্তুক পৌৰ নিগমৰ নিৰ্বাচন এপ্ৰিলৰ শেষত অনুষ্ঠিত হোৱাৰ বহুখিনি সম্ভাৱনা আছে (GMC Elections will be held in April 2022) ৷

guwahati-municipal-elections-will-be-held-in-april
গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে বিভিন্ন দলৰ প্ৰস্তুতি

গুৱাহাটী, 8 মাৰ্চ : গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ (Guwahati Municipal elections) চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে যদিও ৰাজ্যিক নিৰ্বাচন আয়োগে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ চূড়ান্ত দিন বৰ্তমানো ঘোষণা কৰা নাই । এই সন্দৰ্ভত নিৰ্বাচন আয়োগৰ এক সূত্ৰই জনোৱা মতে আগন্তুক পৌৰ নিগমৰ নিৰ্বাচন এপ্ৰিলৰ শেষত অনুষ্ঠিত হোৱাৰ বহুখিনি সম্ভাৱনা আছে (GMC Elections will be held in April 2022) ।

জানিব পৰা মতে, গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনক কেন্দ্ৰ কৰি কংগ্ৰেছে পৌৰ নিগমৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে । অসম প্ৰদেশ কংগ্ৰেছৰ পৌৰ নিগমৰ নিৰ্বাচন কমিটীৰ বিষয়ববীয়া তথা পৌৰ নিগমৰ প্ৰাক্তন কংগ্ৰেছৰ মেয়ৰ কুশল কুমাৰ কলিতাই কয় যে অসম কংগ্ৰেছ কমিটীৰ অধীনত পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে এখন কমিটী গঠন কৰা হৈছে । পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ ইস্তাহাৰ প্ৰস্তুতৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে । ইতিমধ্যে প্ৰাৰ্থী নিৰ্বাচনৰ প্ৰাৰম্ভিক কামকাজ চলি আছে বুলিও জানিব দিয়ে কুশল কুমাৰ কলিতাই ৷

তাৰ বিপৰীতে বিজেপি দলৰ মাজত পৌৰ নিগমৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে প্ৰস্তুতি বিশেষ আগবঢ়া নাই । বিজেপিৰ কামৰূপ মহানগৰ জিলা কমিটীৰ সভাপতি তথা পৌৰ নিগমৰ পূৰ্বৰ বিজেপিৰ মেয়ৰ মৃগেন শৰণীয়াই কয় যে, পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে বৰ্তমানলৈকে কোনো কমিটী গঠন কৰা হোৱা নাই । ইপিনে, পৌৰ নিগমৰ নিৰ্বাচনত এইবাৰ ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে কি ভূমিকা গ্ৰহণ কৰিব সেয়া এই পৰ্যন্ত স্পষ্ট হোৱা নাই ।

উল্লেখ্য যে, শেহতীয়া পৌৰ নিগমৰ 31 ৱাৰ্ডত বি জে পিৰ 19 গৰাকী আৰু কংগ্ৰেছৰ 13 গৰাকী কাউন্সিলৰ আছিল । কামৰূপ মহানগৰ জিলাৰ নিৰ্বাচনী বিষয়া শেখৰণ ফুকনে বিগত শনিবাৰে আনুষ্ঠানিকভাৱে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ চুড়ান্ত ভোটাৰ তালিকা মুকলি কৰা (Voters list released of Guwahati Municipal Corporation elections) মতে মুঠ 60 টা ৱাৰ্ডত অনুষ্ঠিত হ'বলগীয়া এই পৌৰ নিগমৰ নিৰ্বাচনৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে 7,97,807 গৰাকী ।

ইয়াৰে ভিতৰত 3,97,128 গৰাকী পুৰুষ ভোটাৰ 4,00654 গৰাকী মহিলা ভোটাৰ আৰু 26 গৰাকী তৃতীয় লিংগৰ ভোটাৰ বুলি জানিব পৰা গৈছে । আনহাতে এইবাৰ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটদান মুঠ 780 টা ভোটকেন্দ্ৰত অনুষ্ঠিত হ’ব । মনকৰিবলগীয়া যে, এইবাৰ পৌৰ নিগমৰ নিৰ্বাচনত গুৱাহাটীৰ খোৱা পানীৰ সমস্যা, কৃত্ৰিম বানৰ সমস্যা, ৱাৰ্ড সমূহৰ বিজুলী বাতিৰ সমস্যা আদি সমস্যাবোৰে মূল বিষয় হ’ব (Problems in Guwahati City) ।

লগতে পঢ়ক : Mission one lakh: আইনী জটিলতা বাধা হ'ব পাৰে চৰকাৰৰ এক লাখ নিযুক্তি প্ৰদানৰ লক্ষ্যত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.