ETV Bharat / city

বান পৰিস্থিতিৰ লগত যুঁজিবলৈ সাজু স্বাস্থ্য বিভাগ - স্বাস্থ্য বিভাগ

গুৱাহাটী মহানগৰীৰ বিজেপিৰ ৰাজ্যক যুৱমৰ্চাৰ কাৰ্যনিৰ্বাহত অনুষ্ঠিত হোৱা এখন সভাত মন্ত্ৰী পিয়ুষ হাজৰিকাই অংশগ্ৰহণ কৰি বানাক্ৰান্তৰ বাবে স্বাস্থ্য বিভাগ সাজু বুলি মন্তব্য কৰে ।

বান পৰিস্থিতিৰ লগত যুঁজিবলৈ সাজু স্বাস্থ্য বিভাগ
author img

By

Published : Jul 14, 2019, 5:18 PM IST

গুৱাহাটী,১৪জুলাই : বানৰ পাছত হ'বলগীয়া ৰোগৰ বাবে স্বাস্থ্য বিভাগ সম্পূৰ্ণৰূপে সাজু ৷ এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ ৷ লগতে জাপানীত এনকেফেলাইটিছ প্ৰতিৰোধ তথা নিৰ্মূলৰ বাবেও স্বাস্থ্য বিভাগে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰখা বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

বান পৰিস্থিতিৰ লগত যুঁজিবলৈ সাজু স্বাস্থ্য বিভাগ

দেওবাৰে গুৱাহাটী মহানগৰীৰ বিজেপিৰ ৰাজ্যক যুৱমৰ্চাৰ কাৰ্যনিৰ্বাহত অনুষ্ঠিত হয় এখন সভা । সভাত উপস্থিত থাকে মন্ত্ৰী হাজৰিকা । অসমত বিজেপিৰ সদস্য সংখ্যা ৪০ লাখলৈ বৃদ্ধি কৰাৰ লক্ষ্য বুলি মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ।

Intro:বিজেপিৰ ৰাজ্যক যুৱমৰ্চাৰ কাৰ্যনিৰ্বাহত উপস্থিত মন্ত্ৰী পিয়ুষ হাজৰিকা । সভাত উপস্থিত হৈ মন্ত্ৰী গৰাকীৰ মন্ত্যৱ্য অসমত বিজেপিৰ সদস্যৰ সংখ্যা ৪০ লাখলৈ বৃদ্ধি কৰা লক্ষ নিৰ্ধাৰণ কৰা হৈছে । শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভতো সংবাদ মাধ্যমত মন্তব্য মন্ত্ৰীগৰাকীৰ বানপানীৰ পিছত হব লগা বিভিন্ন ৰোগ উপশম কৰাৰ বাবে সাজু আছে স্বাস্থ্য বিভাগ । জাপানীজ এনকেফেলাইটিচ নিঃশেষ কৰাৰ বাবে জপিয়াই পৰিছে চিকিৎসক সকল । যিহেতু বানপানী আৰম্ভ হোৱা দুই তিনিদিন হৈছে আমি চিকিৎসাক পেৰণৰ ব্যৱস্থা কৰিছোঁ ।

Body:লগতে মন্ত্ৰী গৰকীয়ে কয় পূৰ্বৰ তুলনাত জাপানীজ এনকেফেলাইটিচ ৰোগ নিয়ন্ত্ৰণ হৈছে । শনিবাৰে তিনিজনৰ মৃত্যু হৈছে আৰু আজি এই পৰ্যন্ত এজনো মৃত্যুৰ খবৰ অহা নাই । লগতে ৰোগীৰ ভৰ্তিৰ সংখ্যাও কমি আহিছে বুলি মন্তব্য ৰাজ্যক স্বাস্থ্য মন্ত্ৰী পিয়ুষ হাজৰিকা ।

Conclusion:বৰ্তমান চিকিৎসাক সকলক নিৰ্দেশ অনুসৰি স্পৰ্শকাতৰ প্ৰতিটো ঠাইৰ প্ৰত্যেক জন লোকৰ তেজৰ নমুনা সংগ্ৰহ কৰিছে । আৰু ঠায়ে ঠায়ে ফগিং ৰ ব্যৱস্থা কৰাৰ ফলত যথেষ্ঠ নিয়ন্ত্ৰণত জাপানীজ এনকেফেলাইটিচ ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.