গুৱাহাটী, 14 মাৰ্চ : কৰ'ণা ভাইৰাছৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে উত্তৰ পূব সীমান্ত ৰেলৱেৰ জনসম্পর্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই । যাত্ৰীসকল কৰ'ণা ভাইৰাছৰ বাবে আতংকিত হোৱাৰ প্ৰয়োজন নাই কিয়নো যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে উত্তৰ পূব ৰেলৱেৰ কৰ্তৃপক্ষই ।
উত্তৰ পূব সীমান্ত ৰেলৱেৰ অধীনত বৰ্তমানলৈ কোনো যাত্ৰী কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা নাই বুলি জানিবলৈ দিয়ে জনসম্পর্কৰক্ষী গৰাকীয়ে । কৰ'ণা ভাইৰাছৰ কোনো লক্ষণ থকা ব্যক্তিক যদিহে ৰেলৰ ভিতৰত প্ৰত্যক্ষ কৰা হয়, তেন্তে ৰেলৰ টিকট পৰীক্ষকসকলক ততালিকে ৰেল কৰ্তৃপক্ষৰ লগতে হেল্প লাইন নম্বৰত অৱগত কৰাবলৈ নিৰ্দেশনা প্ৰদান কৰা হৈছে ।
আনহাতে জনসম্পর্ক ৰক্ষী বিষয়া গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, উত্তৰ পূব সীমান্ত ৰেলৱে 1122 খন বিচনা সাজু কৰি ৰাখিছে য'ত কৰ'ণা ভাইৰাছত আক্ৰান্ত অথবা কৰ'ণা আক্ৰান্ত সন্দেহজনক লোকৰ চিকিৎসা কৰা হ'ব । লগতে সমগ্ৰ ভাৰতত 20 হাজাৰ বিচনা ৰেল মন্ত্ৰণালয়ে সাজু কৰি ৰাখিছে বুলিও জানিবলৈ দিয়ে জনসম্পর্কৰক্ষীগৰাকীয়ে । ইয়াৰ উপৰিও কৰ'ণা ভাইৰাছৰ পৰা কেনেদৰে নিজক ৰক্ষা কৰিব পাৰি তাৰ সজাগতামূলক শিবিৰ নিৰ্মাণ কৰাৰ কথা জানিবলৈ দিয়ে জনসম্পর্কৰক্ষী গৰাকীয়ে । আনহাতে যাত্ৰী সকলৰ সজাগতাৰ বাবে ৰেল কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰিছে যদিও বৰ্তমানলৈ কৰ'ণা ভাইৰাছ নিৰ্ধাৰণ কৰাৰ বাবে যাৱতীয় পৰীক্ষা কৰাৰ পদ্ধতি বৰ্তমানলৈ কৰা নাই উত্তৰ পূব সীমান্ত ৰেল কৰ্তৃপক্ষই ৷ ৰেল মন্ত্ৰালয়ে বৰ্তমানলৈ কৰ'ণা ভাইৰাছ পৰীক্ষা কৰিবৰ বাবে কোনো নিৰ্দেশনা জাৰি কৰা নাই বুলি জনায় জনসম্পর্কৰক্ষী গৰাকীয়ে ।