ETV Bharat / city

গুৱাহাটীত উত্তৰ-পূর্বাঞ্চলৰ স্বাস্থ্যমন্ত্ৰী সকল আৰু আয়ুসৰ সন্মিলন

আয়ুস আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমুহৰ স্বাস্থ্যমন্ত্ৰীসকলৰ মাজত গুৱাহাটীত অনুষ্ঠিত হ’ল এদিনীয়া সন্মিলন । উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমুহৰ বাবে ১০০০ স্বাস্থ্য আৰু কুশলকেন্দ্ৰ ঘোষণা কেন্দ্ৰীয় আয়ুস মন্ত্রণালয়ৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ।

Conference of AYUSH and Health Ministers of North Eastern States in guwahati
গুৱাহাটীত উত্তৰ-পূর্বাঞ্চলৰ স্বাস্থ্যমন্ত্ৰী সকল আৰু আয়ুসৰ সন্মিলন
author img

By

Published : Aug 28, 2021, 9:18 PM IST

গুৱাহাটী, ২৮ আগষ্ট : উত্তৰ-পুৰ্বাঞ্চলত আয়ুস পদ্ধতিসমূহৰ উন্নয়ণৰ বাবে আয়ুস আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ স্বাস্থ্যমন্ত্ৰীসকলৰ এখন সন্মিলন আজি গুৱাহাটী অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হয় । কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুস মন্ত্রণালয়ৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত সন্মিলনখন উদ্বোধন কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই । সন্মিলনত উপস্থিত প্রতিনিধিসকলক সম্বোধন কৰি মুখ্যমন্ত্রী শর্মাই কয় যে, আয়ুস আমাৰ ঐতিহ্য আৰু আমাৰ সভ্যতাৰ সৈতে গভীৰভাৱে সংপৃক্ত হৈ আছে ।

Conference of AYUSH and Health Ministers of North Eastern States in guwahati
গুৱাহাটীত উত্তৰ-পূর্বাঞ্চলৰ স্বাস্থ্যমন্ত্ৰী সকল আৰু আয়ুসৰ সন্মিলন

তেওঁ লগতে কয় আয়ুস ব্যৱস্থাটোত আমি অৰিহণা যােগাব পাৰিলে ই আমাৰ সভ্যতাক আৰু অধিক সমৃদ্ধ কৰি তুলিব । উত্তৰ-পূর্বাঞ্চলত থকা সমৃদ্ধ জৈৱ-বৈচিত্রৰ বাবে এই অঞ্চলটোত আয়ুস খণ্ডক বিকশাই তােলাৰ বাবে যথেষ্ট সম্ভাৱনা আছে। এই সম্ভাৱনা এক প্রণালীবদ্ধভাৱে বিকশাই তুলিব পাৰিলে উত্তৰ-পূর্বাঞ্চল ভৱিষ্যতে আয়ুস হাব হিচাপে পৰিগণিত হ'ব ।

ক'ভিডকালত ৰোগ প্রতিৰোধ আৰু ক্লিনিকেল ব্যৱস্থাপনাত আয়ুর্বেদিক ঔষধে লােৱা ভূমিকাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয়, ৰাজ্য চৰকাৰে আয়ুস পদ্ধতিটোক অধিক বিকশাই তােলাৰ বাবে দুধনৈ আৰু মাজুলীত আয়ুস চিকিৎসালয় নির্মাণৰ বাবে পদক্ষেপ গ্রহণ কৰিছে ।

সন্মিলনত কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সােণােৱালে উত্তৰ-পূর্বাঞ্চলক দেশৰ বিকাশৰ হাব হিচাপে গঢ়ি তােলাৰ সম্ভাৱনীয়তাৰ বিষয়ে আলােকপাত কৰে । কেন্দ্রীয় মন্ত্রীগৰাকীয়ে কয় যে, উত্তৰ পূৰ্বাঞ্চলৰ আয়ুস পদ্ধতি সমুহৰ বিকাশ আৰু উন্নয়ণৰ বাবে ৰাষ্ট্ৰীয় আয়ুস মিচন আঁচনিৰ অংশ হিচাপে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্রান্তত ১০০ৰাে অধিক নতুন স্বাস্থ্য আৰু যতন কেন্দ্র মুকলি কৰা হ'ব । আনহাতে গােৱালপাৰাৰ দুধনৈত ৭০ কোটি টকা ব্যয় সাপেক্ষে এখন নতুন আয়ুর্বেদিক মহাবিদ্যালয় স্থাপন কৰা হ'ব বুলিও কেন্দ্রীয় মন্ত্রী সােনােৱালে ঘােষণা কৰে ।

আয়ুস মন্ত্রালয়ে গুৱাহাটীৰ চৰকাৰী আয়ুর্বেদিক মহাবিদ্যালয়খনক এখন উন্নত তথা অন্যতম আয়ুর্বেদিক কেন্দ্র হিচাপে স্থাপন কৰাৰ বাবে ১০ কোটি টকাৰ আর্থিক অনুদান আগবঢ়াব বুলিও তেওঁ কয় । লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমুহৰ বাবে ১০০০ স্বাস্থ্য আৰু কুশলকেন্দ্ৰ স্থাপন কৰাৰ কথাও তেওঁ উল্লেখ কৰে।

সন্মিলনত আয়ুস, মহিলা আৰু শিশু বিকাশ দপ্তৰৰ কেন্দ্রীয় ৰাজ্যিক মন্ত্রী ডাঃ মঞ্জুপাৰা মহেন্দ্রভাই, অসমৰ স্বাস্থ্য মন্ত্রী কেশৱ মহন্ত, ছিকিমৰ স্বাস্থ্য মন্ত্রী ড° মনি কুমাৰ শর্মা আৰু নাগালেণ্ডৰ স্বাস্থ্য মন্ত্রী এছ পাংনিউ ফমেও বক্তব্য আগবঢ়ায় ।ইয়াৰ পূর্বে কেন্দ্রীয় আয়ুর্বেদিক বিজ্ঞান গৱেষণা পৰিষদৰ (চি চি আৰ এ এছ) সঞ্চালকপ্রধান ড°এন শ্রীকান্ত, এন এম পি বিৰ উপ-মুখ্য কার্যবাহী বিষয়া শেখৰ চানবাল, ডাবৰ ৰিচার্ছ এণ্ড ডেভেলপমেন্ট চেন্টাৰৰ ড° গুডউইন নিউটন আৰু আয়ুসৰ যুটীয়া উপদেষ্টা ড° এ ৰঘুৱে উত্তৰ-পূর্বাঞ্চলৰ আয়ুস খণ্ডৰ সম্ভাৱনা আৰু অঞ্চলটোত মন্ত্রণালয়ৰ দ্বাৰা গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰে। সন্মিলনৰ লগত সংগতি ৰাখি চি চি আৰ এ এছৰ দ্বাৰা প্রকাশিত কেইবাখনাে গৱেষণা গ্রন্থ উন্মোচন কৰা হয়। আনহাতে সন্মিলনখনত উপস্থিত উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যসমুহৰ প্রতিনিধিসকলে এই সন্মিলনত আয়ুস মন্ত্রালয়ক নিজ-নিজ ৰাজ্যত একোখনকৈ নতুন আয়ুস শিক্ষা প্রতিষ্ঠান মুকলি কৰিবলৈ অনুৰােধ জনায়। উত্তৰ পূর্বাঞ্চলত কেঁচামাল সমুহৰ যোগেদি ঔষধ প্ৰস্তুত কৰি উলিওৱাৰ বাবেও এটা উৎকর্ষসাধন কেন্দ্র স্থাপন কৰাৰ কথা সন্মিলনত উল্লেখ কৰা হয় । এই সন্মিলনত আয়ুসৰ শীৰ্ষ বিষয়ববীয়াৰ উপৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বিষয়াসকলো উপস্থিত আছিল ।

লগতে পঢ়ক : 'ফ্ৰী লেন্সাৰ' আন্দোলনকাৰীক কেৰেপ নকৰে বিধায়ক জিতু গোস্বামীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.