গুৱাহাটী, 20 জুলাইঃ শনিবাৰে গুৱাহাটী ৰেল আৰক্ষীয়ে নিয়মীয়া তালাচী অভিযানত বেংগলৰ এক্সপ্ৰেছ ৰেলখনৰ পৰা 406 পেকেট কোৰিয়াত নিৰ্মিত চিগাৰেট জব্ধ কৰিবলৈ সক্ষম হৈছে ৷
ৰংগাস্বামী পনীৰ চালভেম(51) নামৰ লোকজনে উক্ত চিগাৰেট খিনি ৰেলৰ জৰিয়তে আন ৰাজ্যলৈ সৰবৰাহ কৰিছিল । জব্দ কৰা চিগাৰেটৰ মূল্য ভাৰতৰ বজাৰত প্ৰায় 5 লাখ বুলি ৰেল আৰক্ষীয়ে জানিবলৈ দিয়ে আৰক্ষীয়ে ।
সৰবৰাহকাৰী সহ উক্ত চিগাৰেট খিনি ৰেল আৰক্ষীয়ে সীমা শুক্ল বিভাগক চমজাই দিয়ে । এই সম্পৰ্কত সীমা শুক্ল বিভাগে এটা কেচ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ।