ETV Bharat / city

বাইহাটাত ড্ৰাগছসহ আটক এজন সৰবৰাহকাৰী

author img

By

Published : Jun 2, 2021, 4:32 PM IST

ৰাজ্যজুৰি আৰক্ষীৰ অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান ৷ বাইহাটা আৰক্ষীয়ে মঙলবাৰে নিশা ড্ৰাগছসহ কৰায়ত্ত কৰে মুক্তাপুৰ জটিয়াভাঙ্গাৰাৰ মুজিবৰ আলী নামৰ এজন ব্যক্তিক ৷ মুক্তাৰপুৰত থকা ম’বাইল দোকানৰ পৰা চলাই গৈছিস ড্ৰাগছৰ ৰমৰমীয়া বেহা ৷

বাইহাটাত ড্ৰাগছসহ আটক এজন সৰবৰাহকাৰী
বাইহাটাত ড্ৰাগছসহ আটক এজন সৰবৰাহকাৰী

বাইহাটা, 2 জুন : সমগ্ৰ ৰাজ্যজুৰি আৰক্ষীৰ অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান ৷ ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে ড্ৰাগছৰ ঘাটি উচ্ছেদত বিশেষ সফলতা লাভ কৰিছে অসম আৰক্ষীয়ে । বিভিন্ন প্ৰান্তৰপৰা ড্ৰাগছৰ লগতে আটক কৰা হৈছে সৰবৰাহকাৰীক ৷

বতৰ্মান অপৰাধীৰ ৰম্যভূমিলৈ পৰ্যবসিত হৈছে উত্তৰ কামৰূপ । গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী এলেকা বৃহত্তৰ বাইহাটা চাৰিআলিত এতিয়া ড্ৰাগছৰ ৰমৰমীয়া বেহা চলিছে বুলি জানিব পৰা গৈছে ৷ কিন্তু ইয়াৰ বিপৰীতে অদ্যপি ৰাজ্যৰ বহুতো অঞ্চলত নিৰ্বিবাদে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা ।

বাইহাটাত ড্ৰাগছসহ আটক এজন সৰবৰাহকাৰী

বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত মুক্তাপুৰত আৰক্ষীৰ বৃহৎ সফলতা । আৰক্ষীয়ে মঙলবাৰে নিশা ড্ৰাগছসহ কৰায়ত্ত কৰে মুক্তাপুৰ জটিয়াভাঙ্গাৰাৰ মুজিবৰ আলী নামৰ এজন ব্যক্তিক । ধৃত ব্যক্তিজনে দীৰ্ঘদিন ধৰি বৃহত্তৰ অঞ্চলটিত চলাই ৰাখিছিল ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় ।

মুক্তাপুৰৰ লাকী ম'বাইল ফোন মেৰামতি কৰা এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা চলাই ৰাখিছিল ড্ৰাগছৰ বেহা । কমলপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া আৰু বাইহাটা চাৰিআলিৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত চলা এই অভিযানত উদ্বাৰ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ ৷

লগতে পঢ়ক : বনিয়াৰ হাতলৈ যাব অসমৰ দুয়োটা কাগজকল : বিক্ৰীৰ বিজ্ঞাপন প্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.