গুৱাহাটী, 17 এপ্ৰিল: প্ৰত্যেক বছৰে বাৰিষাৰ সময়ত হোৱা বান-খহনীয়াই ৰাজ্যৰ ব্যাপক ক্ষতি সাধন কৰি অহাৰ লগতে গ্ৰাম্য অৰ্থনীতিত প্ৰভাৱ পেলাই আহিছে (flood affected Assam) । দীৰ্ঘদিনীয়া এই সমস্যাৰ সৈতে ৰাজ্যবাসীয়ে বছৰৰ পাছত বছৰ ধৰি যুঁজ দি আহিছে যদিও কোনো এখন চৰকাৰেই ইয়াৰ স্থায়ী সমাধানৰ ক্ষেত্ৰত ফলপ্ৰসু ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই ।
ভয়াৱহ বান-খহনীয়াৰ বাবে প্ৰত্যেক বছৰেই ৰাজ্যৰ হাজাৰ হাজাৰ লোক ভূমিহীন হোৱাৰ লগতে গৃহহীন হৈ আহিছে । ইতিমধ্যে ৰাজ্যত বানৰ প্ৰকোপ আৰম্ভ হৈছে । লক্ষণীয় বিষয় যে, বানৰ লগতে খহনীয়াৰ কৱলত পৰি সৰ্বহাৰা হোৱা লোকসকলক সকাহ দিয়াৰ ক্ষেত্ৰত চৰকাৰে এই পৰ্যন্ত বিশেষ কোনো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ।
বিশেষকৈ কেন্দ্ৰীয় চৰকাৰে ক্ষতিপূৰণ দিয়াৰ নামত সদায়ে অসমৰ ক্ষেত্ৰত কৃপণালি কৰি আহিছে (misery of union in flood aid for Assam) । উল্লেখ্য যে, বিগত বৰ্ষত ৰাজ্যত বানৰ ফলত হোৱা ক্ষয়ক্ষতিৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰলৈ আগবঢ়াইছে মাত্ৰ 51.53 কোটি টকাৰ সাহায্য ।
উল্লেখ্য যে, 2021-22 চনত বানত হোৱা ক্ষয়ক্ষতিৰ বাবে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ পৰা 1,018.19 কোটি টকাৰ সহায় বিচাৰি আবেদন জনাইছিল । পিছে কেন্দ্ৰীয় চৰকাৰে সদ্যসমাপ্ত বিত্তীয় বর্ষটোত বানবিধ্বস্ত অসমৰ বাবে মাত্ৰ 51.53 কোটি টকাহে আবণ্টন জনাইছে ।
বানৰ ক্ষতিপূৰণৰ বাবে আবেদন জনোৱা পুঁজিৰ মাত্ৰ 5 শতাংশহে কেন্দ্ৰীয় চৰকাৰে আবণ্টন কৰিছে । উল্লেখ যে লোকসভাৰ মজিয়াত কেন্দ্ৰীয় গৃহ বিভাগৰ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে এই তথ্য প্ৰকাশ কৰিছে । সদনত দিয়া তথ্য মতে অসম চৰকাৰে বিচৰা 1,018.19 কোটি টকাৰ বিপৰীতে মাত্ৰ 51.53 কোটি টকা অনুমোদন জনাইছে যদিও উক্ত পৰিমাণৰ পুঁজিও পূৰ্বৰ বছৰবাোৰত আবণ্টিত ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজিৰ পৰা মিলাই ল'বলৈ কোৱা হৈছে ।
অর্থাৎ পূৰ্বৰ দৰে বিগত বিত্তীয় বৰ্ষতো ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন পুঁজিৰ (এন ডি আৰ এফ) পৰা অসমক এটকাও আবণ্টন দিয়া নাই কেন্দ্ৰই । তথ্য মতে ৰাজ্যসমূহৰ বানপানীৰ ক্ষয়ক্ষতিৰ বুজ লোৱাৰ বাবে কেন্দ্ৰীয় গৃহ বিভাগে গঠন কৰা উচ্চ পর্যায়ৰ কমিটীয়েই কোনখন ৰাজ্যই কিমান ক্ষতিপূৰণ পাব সেয়া নির্ধাৰণ কৰি দিছে ।
বানত ক্ষতিগ্ৰস্ত অসমে কেন্দ্ৰীয় চৰকাৰৰ পৰা সঁহাৰি লাভ নকৰাৰ বিপৰীতে 2021-22 বিত্তীয় বৰ্ষত প্ৰাকৃতিক দুৰ্যোগৰে মোকাবিলাৰ বাবে গুজৰাটে 1,133.35 কোটি টকাৰ আবণ্টন লাভ কৰিছে । তাৎপর্যপূর্ণভাৱে উচ্চ পর্যায়ৰ কমিটীয়ে নির্ধাৰণ কৰি দিয়াৰ পূৰ্বেই 1,133.35 কোটি টকাৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে গুজৰাটক 1,000 কোটি টকা আগতীয়াকৈ মোকলাই দিছিল ।
উক্ত ধনখিনি আগবঢ়োৱা হৈছিল এন ডি আৰ এফ শিতানৰ পুঁজিৰ পৰাই । অনুৰূপভাৱে কৰ্ণাটকে 996.45 কোটি, মধ্যপ্ৰদেশে 600.50 কোটি আৰু বিহাৰে 1,038.96 কোটি টকা লাভ কৰিছে প্ৰাকৃতিক দুৰ্যোগৰ পৰা হোৱা ক্ষয়ক্ষতিৰ বাবে । লক্ষণীয়ভাৱে এই সকলোবোৰ ৰাজ্যই এন ডি আৰ এফ শিতানৰ পৰাহ উক্ত বুজন পৰিমাণৰ ধন লাভ কৰিবলৈ সক্ষম হৈছে ।
আনহাতে প্ৰাকৃতিক দুৰ্যোগৰ বাবে পশ্চিমবংগই আনকি 2021-22 বিত্তীয় বৰ্ষত কেন্দ্ৰৰ পৰা 1,061.63 কোটি টকাৰ সহায় লাভ কৰিবলৈ সক্ষম হৈছে । কিন্তু অসমৰ ক্ষেত্ৰত ছবিখন পৃথক । কেন্দ্ৰই যে অসমক প্ৰৱঞ্চনা কৰে সেই কথা ইয়াৰ দ্বাৰা সহজে অনুমান কৰিব পাৰি ।
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী চৰকাৰে অসমসহ উত্তৰ পূৰ্বাঞ্চলক সৰ্বাধিক গুৰুত্ব দিয়া বুলি সততে উল্লেখ কৰে । আনকি উত্তৰ-পূৰ্বাঞ্চলক অষ্টলক্ষ্মী আখ্যা দিছে । কিন্তু বাস্তৱ ক্ষেত্ৰত কেন্দ্ৰই অসমক অলপো গুৰুত্ব নিদিয়ে । অসমৰ সমস্যাক লৈ কোনো গুৰুত্ব নাই কেন্দ্ৰৰ । যাৰ বাবেই ক্ষতিপূৰণৰ নামত এনেদৰে প্ৰতাৰণা কৰিছে ।
লগতে পঢ়ক : ডিমা হাছাওৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মালবাহী ট্ৰাকৰ চলাচলত নিষেধাজ্ঞা