ETV Bharat / city

অসমৰ ভূমি বেদখলক লৈ উত্তপ্ত বিধানসভা : বিৰোধীৰ সদন ত্যাগ

author img

By

Published : Aug 9, 2021, 2:17 PM IST

আজি বাজেট অধিৱেশনৰ একাদশ দিন ৷ একাদশ দিনাও উত্তপ্ত হৈ পৰিল সদনৰ মজিয়া ৷ অসম ভূমি বেদখল কৰা ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰে সদন ৷ যাৰ ফলত সদন ত্যাগ কৰিবলৈ বাধ্য হয় দুই বিৰোধী দল কংগ্ৰেছ আৰু এআইইউডিএফ ৷

Assam assembly witness noisy scene over land encroachment
অসমৰ ভূমি বেদখলক লৈ উত্তপ্ত বিধানসভাৰ মজিয়া

গুৱাহাটী, 9 আগষ্ট : চুবুৰীয়া ৰাজ্যই এফালৰ পৰা অসমৰ ভূমি বেদখল কৰা ঘটনাক কেন্দ্ৰ কৰি সোমবাৰে উত্তপ্ত হৈ পৰে অসম বিধানসভা । বিধানসভাৰ চলিত বাজেট অধিৱেশনৰ আজি আছিল একাদশ দিন । সদনত বিধায়ক অখিল গগৈয়ে প্ৰথমে উত্থাপন কৰে শেহতীয়াকৈ চুবুৰীয়া ৰাজ্য মেঘালয়ে ৰাজধানী গুৱাহাটীৰ মজিয়াতেই প্ৰায় ডেৰ কিল’মিটাৰ পৰ্যন্ত অসমৰ সীমা ঠেলি অহাৰ প্ৰসংগ ।

চুবুৰীয়া ৰাজ্যৰ এনে আগ্ৰাসন আৰু বেদখলক লৈ সদনত সৰৱ হৈ পৰে দুই বিৰোধী দল কংগ্ৰেছ আৰু এআইইউডিএফ । ক্ৰমাৎ সদনত উদ্ভৱ হয় এক তীব্ৰ হুলস্থূলীয়া পৰিস্থিতিৰ । উত্তপ্ত হৈ পৰে বিধানসভাৰ মজিয়া । এইক্ষেত্ৰত ৰাজ্য চৰকাৰখনে গ্ৰহণ কৰা দুৰ্বল ভূমিকাক কঠোৰ ভাষাৰে সমালোচনা কৰি বিৰোধীয়ে সদন ত্যাগ কৰে ।

লগতে পঢ়ক: উত্তৰ প্ৰদেশ নিৰ্বাচন: কংগ্ৰেছৰ BJP Gaddi Chhodo শীৰ্ষক পদযাত্ৰা

আনহাতে, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বিষয়টোত উষ্মা প্ৰকাশ কৰি কয় যে, অসম আৰু মেঘালয়ৰ দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে সীমা সমস্যাক লৈ বুজা-বুজিত উপনীত হোৱাৰ পিছতেই মেঘালয়ে ডেৰ কিল’মিটাৰ সীমা ঠেলি গুৱাহাটীত অসমৰ মাটি বেদখল কৰাটো চিন্তনীয় । চুবুৰীয়া ৰাজ্যৰ আগ্ৰাসনৰ বিষয়টো গুৰুত্ব সহকাৰে বিধানসভাত এটা সম্পূৰ্ণ দিন আলোচনা কৰাৰ দাবী তোলে বিৰোধীয়ে ।

ইপিনে, সদনত সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে চুবুৰীয়া ৰাজ্য মিজোৰামৰ কবলৰ পৰা বৰ্তমানলৈকে অসমে ৬০০ হেক্টৰ ভূমি বেদখলমুক্ত কৰিছে । মিজোৰামে কৰিমগঞ্জ জিলাত ৪০০ হেক্টৰ অসমৰ ভূমি বেদখল কৰিছে । একেদৰে কাছাৰত ৩৭৭ হেক্টৰ আৰু হাইলাকান্দিত ৮০০ হেক্টৰ অসমৰ ভূমি মিজোৰামে বেদখল কৰিছে বুলিও মন্ত্ৰীগৰাকীয়ে সদনত প্ৰকাশ কৰে ।

লগতে পঢ়ক: গ্ৰাম্য কৰৰ কথা কৈ বিপদত ৰণজিৎ কুমাৰ দাস : পদত্যাগৰ দাবী বিৰোধীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.