ETV Bharat / city

বানৰ পৰিস্থিতিৰ বুজ লৈ মহানগৰীৰ ৰাজপথত সৰৱ ভূপেন বৰা - মহানগৰীৰ ৰাজপথত সৰৱ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

জলমগ্ন গুৱাহাটী ৷ বিগত কেইবাদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত এতিয়া বানৰ কৱলত মহানগৰী বহু অঞ্চল(Floods in Guwahati) । ৰাইজৰ সুবিধাৰ বাবে প্ৰশাসনে বিভিন্ন ধৰণৰ নিৰ্দেশনা জাৰী কৰিছে । বুধবাৰে বিদ্যালয়সমূহ বন্ধ ঘোষণা কৰা হৈছে ৷ ইয়াৰ মাজতেই অসম প্ৰদেশ কংগ্ৰেছৰ এটা সঁজাতি দলে পৰ্যবেক্ষণ কৰে মহানগৰীৰ বানাক্ৰান্ত অঞ্চল ৷

Bhupen Borah visited flood affected area of Guwahati
বানৰ পৰিস্থিতিৰ বুজ লৈ মহানগৰীৰ ৰাজপথত সৰৱ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা
author img

By

Published : Jun 15, 2022, 12:56 PM IST

Updated : Jun 15, 2022, 2:13 PM IST

গুৱাহাটী, 15 জুন : গুৱাহাটীৰ বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে (Floods in Guwahati)। মহানগৰীৰৰ নতুন নতুন অঞ্চল কৃত্ৰিম বানত ডুব গৈছে । হাতীগাঁও আৰু ৰুক্মিনী নগৰ আদি নতুন নতুন অঞ্চল জলমগ্ন হৈছে । মহানগৰীৰৰ অনিল নগৰ, নবীন নগৰ, ৰাজগড়, ভূতনাথ, মালিগাঁৱৰ বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে । গুৱাহাটীৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যৰে বুধবাৰে পুৱা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এক সঁজাতি দল লৈ হাতীগাঁৱত উপস্থিত হয় ।

মহানগৰীৰ বান পৰিস্থিতি অধ্যয়ন কৰি ভূপেন বৰাই বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে(Bhupen Borah visited flood affected area of Guwahati) । তেওঁ কয় যে, গুৱাহাটীৰ মানুহে পৰিৱৰ্তন বিচাৰি বিজেপিক ভোট দিছিল । বিজেপি চৰকাৰে মহানগৰবাসীক ঠগিলে । বিজেপিৰ অহংকাৰ হৈছে । বিজেপিৰ নেতাই কয়, বিজেপি 2014 চনৰ পৰা পাঁচটা নিৰ্বাচনত জয়ী হৈছে । এই অহংকাৰ লৈ বিজেপিয়ে ডাংকোপ মাৰি মহানগৰবাসীৰ সমস্যাৰ প্ৰতি আওকাণ কৰিছে (Bhupen Bora on Guwahati Flood)।

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

বিজেপি চৰকাৰৰ চৰম দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ বাবেই গুৱাহাটীৰ বান সমস্যা সমাধান হোৱা নাই বুলি উল্লেখ কৰি এতিয়া গুৱাহাটীৰ মানুহক চৰকাৰে বানৰ বাবে ঘৰত সোমাই থাকিব দিছে ।

তেওঁ লগতে কয়, ‘‘এতিয়া সময় আহি পৰিছে গুৱাহাটীৰ মানুহে ঘৰত সোমাই থাকিব নে ওলাই আহি আন্দোলন কৰিব’’ । গুৱাহাটীৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ বাবে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লগত যোৱা সঁজাতি দলটোৱে বানৰ মাজত বিজেপি চৰকাৰৰ ব্যৰ্থতাৰ বিৰুদ্ধে ধ্বনি দি পৰিবেশ উত্তাল কৰি তোলে ।

লগতে পঢ়ক : Floods in Guwahati : আজিও জলমগ্ন গুৱাহাটীৰ বিভিন্ন অঞ্চল

Last Updated : Jun 15, 2022, 2:13 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.