গুৱাহাটী, 15 নৱেম্বৰ: নাগৰিকত্ব সংশোধনী বিধেয়ক চমুকৈ কেবৰ বিৰুদ্ধে পুনৰ সৰৱ হৈছে কৃষক নেতা অখিল গগৈ ৷ আগন্তক সাংসদৰ শীতকালীন অধিৱেশনত গেৰুৱা দলে কেব গৃহীত কৰাৰ কুচকাৱাজ অব্যাহত ৰখাৰৰ মাজতে শুকুৰবাৰে গুৱাহাটীৰ গান্ধীবস্তিত থকা কৃষক মুক্তিৰ কাৰ্যালয়ত এক সংবাদমেল যোগে অসমবাসীক ৰাইজক কেবৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিবলৈ আহ্বান জনালে অখিল গগৈয়ে ৷ সাংবাদমেল যোগে নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে বি জে পিয়ে 1 কোটি 90 লাখ হিন্দু বাংলাদেশী অসম আৰু ত্ৰিপুৰাত জাপি দিব বিচৰা কাৰ্যক কোনো কাৰণতেই মানি লোৱা নহ'ব বুলি হুংকাৰ কৃষক নেতা গৰাকীৰ ৷ সংবাদমেলত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰি অখিল গগৈয়ে কয়, " অসম চৰকাৰে ইতিমধ্যে দিল্লী আৰু নাগপুৰৰ ওচৰত আঁঠু লৈছে, গতিকে এনে ধৰণৰ বহতীয়া চৰকাৰে কেতিয়াও ৰাইজৰ হকে কাম কৰিব নোৱাৰে"৷
আনহাতে, কেব গৃহীত হলে অসম তথা ত্ৰিপুৰা সৰ্বাধিক ক্ষতিগ্ৰস্ত হ'ব বুলি মন্তব্য কৰি কৃষক নেতাজনে কয় যে, কৃষক মুক্তিয়ে আগৰ পৰাই বিদেশীৰ বিৰুদ্ধে যুঁজ দি আহিছে আৰু আগলৈও যুঁজ দি যাব ৷ সংবাদমেল যোগে, কেবৰ বিৰুদ্ধে অসমবাসী ৰাইজৰ লগতে ৰাজ্যৰ সমূহ জাতীয় দল সংগঠনক ঐক্যৱদ্ধ হ'বলৈ আহ্বান জনাই অখিল গগৈয়ে লগতে কয় যে, কেবৰ বিৰুদ্ধে যুঁজখনত আছু, এ জে ৱাই ছি পি, আৰু কৃষক মুক্তি সকলোয়ে ঐক্যৱদ্ধ হৈ যুঁজ দিব লাগিব ৷ ইফালে 16 নৱেম্বৰত কেব সন্দৰ্ভত আলোচনাৰ বাবে জৰুৰী ৰাজহুৱা সভাৰ আয়োজন কৰিছে কৃষক মুক্তিয়ে ৷ সংবাদমেলত জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলোকে অংশগ্ৰহণৰ বাবে আহ্বান জনাই কৃষক নেতা অখিল গগৈয়ে ৷