ETV Bharat / city

Anti CAA Movement Martyrs: পাঁচ ছহিদক শ্ৰদ্ধাঞ্জলি অখিল গগৈৰ

author img

By

Published : Dec 12, 2021, 8:15 PM IST

নাগৰিকত্ব সংশোধনী আইন বাতিল(Repeal Of Citizenship Amendment Act) কৰাৰ বাবে বিগত বৰ্ষত ৰাজপথলৈ ওলাই আহিছিল অসমৰ জনগণ । এই আন্দোলনত ছহিদ হ'ব লগা হৈছিল ৫ জনকৈ যুৱক । ৫ শ্বহীদক দেওবাৰে শ্ৰদ্ধাঞ্জলি জনায় বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ।

Akhil gogoi Pay Tribute to 5 Martyrs of Anti-CAA Movement
৫ ছহিদক শ্ৰদ্ধাঞ্জলি অখিল গগৈৰ

গুৱাহাটী, ১২ ডিচেম্বৰ : কা বিৰোধী আন্দোলন(Anti CAA movement in Assam)ৰ ৫ ছহিদক সুঁৱৰি দেওবাৰে তেওঁলোকক শ্ৰদ্ধাঞ্জলি জনায় শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ(Sivasagar MLA Akhil Gogoi)য়ে । ছহিদ চেম ষ্টেফৰ্ডৰ হাতীগাঁওস্থিত বাসগৃহত উপস্থিত হৈ ছহিদকেইগৰাকীক শ্ৰদ্ধাঞ্জলী জনায় অখিল গগৈয়ে । গগৈয়ে ছহিদকেইগৰাকীক শ্ৰদ্ধাঞ্জলী জনোৱাৰ পাছত 'কা' বিৰুদ্ধে সৰৱ হৈ পৰে ।

বিধায়ক তথা ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে পুনৰ সকলো জাতীয় সংগঠনক একত্ৰিত হৈ ৰাজপথলৈ ওলাই অহাৰ বাবে আহ্বান জনায় । তেওঁ সংবাদমাধ্যমৰ আগত কয় যে, কা আন্দোলনত ৫ গৰাকী নিৰীহ লোকক গুলিয়াই হত্যা কৰিলে চৰকাৰে । আজিলৈ ক্ষতিপূৰণ নিদিলে । এই কথাটোৱে প্ৰমাণ কৰিছে যে, বিজেপি চৰকাৰখন অসমীয়া জাতিৰ শত্ৰু অসমীয়া জাতিৰ বিৰোধী ।

৫ ছহিদক শ্ৰদ্ধাঞ্জলি অখিল গগৈৰ

তেওঁলোকে লগতে কয় যে, চৰকাৰে কা আন্দোলনত ছহিদ(Anti CAA Movement Martyr) হোৱা ৫ গৰাকী ছহিদক ছহিদ হিচাপে স্বীকৃতি আৰু ক্ষতিপূৰণ নিদিয়ালৈকে ক্ষান্ত নহও । কা নামানো 'কা' গৃহত হ'লে ১কোটি ৭০ লাখ হিন্দু বাংলাদেশী ভাৰতলৈ আহিব । যাৰ বোজা ল'ব লাগিব অসম আৰু ত্ৰিপুৰাই । ‘কা' গৃহীত হ'লে ভাৰতত থকা ২০ লাখ হিন্দু বাংলাদেশী নাগৰিকত্ব লাভ কৰিব বুলি মন্তব্য কৰে । তেওঁ লগতে কয় যে, কা বিৰোধী আন্দোলন শক্তিশালী কৰিবলৈ সকলোকে ঐক্যবদ্ধ হৈ সংগ্ৰাম আগবঢ়াই নিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক : Anti CAA movement: কা' প্ৰত্যাহাৰৰ দাবীত উত্তৰ-পূৱে পালন কৰিলে ক'লা দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.