ETV Bharat / city

মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদত ফাঁচীবজাৰ কঁপালে অসম জাতীয় পৰিষদে - ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধি

শনিবাৰে পেট্ৰ’ল-ডিজেল আদি ইন্ধনজাত সামগ্ৰীৰ লগতে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি অসম জাতীয় পৰিষদ (Assam Jatiya Parishad) দলে জাতীয় বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ন কৰে (AJP protest against price hike in Assam) ৷

ajp-protest-against-price-hike-in-assam
মূল্যবৃদ্ধিৰ প্ৰতিবাদত ফাঁচীবজাৰ কঁপালে অসম জাতীয় পৰিষদে
author img

By

Published : Apr 30, 2022, 9:05 PM IST

গুৱাহাটী, 30 এপ্ৰিল : পৰিৱৰ্তনৰ কথা কোৱা বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনতে আৰম্ভ হৈছে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ । নিৰ্বাচনৰ সময়ত মূল্যবৃদ্ধিৰ সমস্যাৰ পৰা ৰাইজক মুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি মিত্ৰজোঁট চৰকাৰৰ দিনত সম্প্ৰতি অত্যাৱশ্যকীয় সামগ্ৰী আৰু ইন্ধনজাত সামগ্ৰীৰ লগতে ঔষধৰ অত্যাধিক মূল্যবৃদ্ধিয়ে জুৰুলা কৰি তুলিছে সাধাৰণ ৰাইজক (Petrol price hike in Assam) ৷

মূল্যবৃদ্ধিৰ প্ৰতিবাদত ফাঁচীবজাৰ কঁপালে অসম জাতীয় পৰিষদে

যাৰ ফলত ক্ষোভিত হৈ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ৰাজপথলৈ ওলাই আহিছে বিভিন্ন দল-সংগঠনৰ লগতে স্থানীয় ৰাইজ ৷ শেহতীয়াকৈ শনিবাৰে পেট্ৰ’ল-ডিজেল আদি ইন্ধনজাত সামগ্ৰীৰ লগতে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি জাতীয় বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ন কৰে অসম জাতীয় পৰিষদে (AJP protest against price hike in Assam) ৷

গুৱাহাটীত দলৰ কামৰূপ (মহানগৰ) জিলাৰ উদ্যোগত ফাঁচী বজাৰৰ মাজমজিয়াত জাতীয় পৰিষদৰ কেইবাশ প্ৰতিবাদকাৰীয়ে চৰকাৰৰ আৰু মোনাফাখোৰ বনিয়া গোষ্ঠীৰ বিৰুদ্ধে শ্লোগান দিয়ে ৷ এই প্ৰতিবাদী কাৰ্যসূচীত দলটোৰ কেইবাগৰাকী কেন্দ্ৰীয় নেতাই অংশগ্ৰহণ কৰে ৷ ‘হয় মূল্য নিয়ন্ত্ৰণ কৰক, নহ’লে চৰকাৰে গাদী এৰক’ এই শ্লোগানেৰে উত্তাল কৰি তুলিছিল প্ৰতিবাদস্থলী ৷

প্ৰতিবাদস্থলীত AJPৰ সম্পাদক ৰাজীৱ ভট্টাচাৰ্য্যই কয়, ‘‘এই প্ৰতিবাদেৰে দলে চৰকাৰক জনসাধাৰণৰ মনৰ অৱস্থা উপলব্ধি কৰিবলৈ সকীয়াই দিছে৷ চৰকাৰে যদি জনসাধাৰণৰ অৱস্থা উপলব্ধি কৰি মূল্য বৃদ্ধি নিয়ন্ত্ৰণ নকৰে, তেনেহ’লে আগন্তুক দিনত অধিক প্ৰতিবাদী কাৰ্যসূচী হাতত ল‘ব ৷’’

উল্লেখ্য যে, ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, চৰাইদেও, লখিমপুৰ, ধেমাজি, যোৰহাট, গোলাঘাট, নগাঁও, মৰিগাঁও, দৰং, হোজাই, নলবাৰী, বৰপেটা, বজালী, ধুবুৰী আদি জিলাৰ সদৰতো জাতীয় পৰিষদৰ নেতা-কৰ্মীসকলে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ প্ৰতিবাদত জাতীয় বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে ৷

ইফালে গুৱাহাটীৰ এই প্ৰতিবাদকাৰী দলটোক বিভিন্ন ঠাইত আৰক্ষীয়ে বাধা দিবলৈ চেষ্টা কৰে যদিও আৰক্ষীৰ বাধা নেওচি ‘ভাল দিনৰ সপোন ভংগ কৰা বিজেপি প্ৰতাৰকৰ দল’, ‘গণবিৰোধী বিজেপি চৰকাৰ হুচিয়াৰ’, ‘ হিমন্ত বিশ্বৰ কাম নাই’ আদি শ্লোগান দি প্ৰতিবাদস্থলী উত্তপ্ত কৰি তোলে ৷

লগতে পঢ়ক : বৰাহীবাৰীত ছাগলীৰ মাজত দেখা দিছে এণ্টাৰটক্সমিয়া ৰোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.