ETV Bharat / city

বিশুদ্ধ খোৱা পানীৰ দাবীত মহানগৰীত আছুৰ প্ৰতিবাদ

মহানগৰী গুৱাহাটীবাসীৰ বাবে বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ দাবীত আছুৰ উত্তাল প্ৰতিবাদ । হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে গুৱাহাটী ক্লাৱত সদৌ গুৱাহাটী ছাত্ৰ সন্থাই সাব্যস্ত কৰিলে প্ৰতিবাদ ।

author img

By

Published : Jun 8, 2020, 5:53 PM IST

বিশুদ্ধ খোৱা পানীৰ দাবীত মহানগৰীত আছুৰ প্ৰতিবাদ
বিশুদ্ধ খোৱা পানীৰ দাবীত মহানগৰীত আছুৰ প্ৰতিবাদ

গুৱাহাটী, 8 জুন : মহানগৰী গুৱাহাটীবাসীৰ বাবে বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ দাবীত গুৱাহাটী ক্লাৱৰ সন্মুখত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ ৷ হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ চৰকাৰ বিৰোধী শ্লোগানেৰে সদৌ গুৱাহাটী ছাত্ৰ সন্থাই এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে ।

বিভিন্ন সমস্যাৰে জৰ্জৰিত গুৱাহাটী মহানগৰবাসীৰ অন্যতম সমস্যা হৈছে বিশুদ্ধ খোৱা পানী । স্মাৰ্ট চিটিৰ কথা কোৱা চৰকাৰখনে বিগত চাৰি বছৰে নোৱাৰিলে মহানগৰবাসীৰ বিশুদ্ধ খোৱা পানী সমস্যাৰ সমাধান ৷ যাৰ বাবে সোমবাৰে গুৱাহাটীবাসীৰ বাবে বিশুদ্ধ খোৱা পানীৰ দাবীত ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হ'ল সদৌ গুৱাহাটী ছাত্ৰ সন্থা । গুৱাহাটী ক্লাৱত গুৱাহাটী ছাত্ৰ সন্থাৰ সদস্যসকলে হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । ছাত্ৰ সন্থাৰ সদস্যসকলে গুৱাহাটীবাসীৰ বাবে অতি শীঘ্ৰে বিশুদ্ধ খোৱা পানীৰ যোগান ধৰিবলৈ চৰকাৰক দাবী জনায় ।

ইফালে, মহানগৰবাসীৰ বাবে বিশুদ্ধ খোৱা পানী যোগান ধৰিবলৈ চৰকাৰে হাতত লোৱা জাইকা আঁচনি সন্দৰ্ভত আছুৰ সদস্য সকলে মন্তব্য প্ৰকাশ কৰে যে, এই আঁচনি সম্পূৰ্ণ হওক বা নহওক কিন্তু গুৱাহাটীবাসীক বিশুদ্ধ খোৱা পানী লাগিবই । এই ক্ষেত্ৰত চৰকাৰে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰক ।

লগতে পঢ়কঃ দুমাহৰ পাছতো প্ৰতিবেদন দাখিল কৰা নাই জামাতৰ প্ৰধানে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.