গুৱাহাটী,১০ জুন : ১৯৭৪ চনৰ ১০ জুনত ঐতিহাসিক খাদ্য আন্দোলন(food agitation)ত নিহত হোৱা মৰিগাঁও জিলাৰ ভূৰবন্ধা গাঁৱৰ ছাত্র গজেন ইংতি আৰু পুতুল শইকীয়াৰ প্রতি শ্রদ্ধাঞ্জলি জনাই আজি সদৌ গুৱাহাটী ছাত্র সন্থা(All Guwahati Students Union)ই গুৱাহাটীৰ নেহৰু পার্কস্থিত শ্বহীদ বেদীত ছাত্র সংহতি দিৱস পালন কৰে । প্ৰতি বছৰে সদৌ অসম ছাত্র সন্থাই এই দিনটো ছাত্র সংহতি দিৱস হিচাপে পালন কৰি আহিছে ।
আনহাতে, গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যজুৰি ক'ভিড প্ৰটক'ল মানি চলি ছাত্ৰ সংগঠনটোৱে পালন কৰিলে ছাত্ৰ সংহতি দিৱস । সদৌ অসম ছাত্র সন্থা(All Assam Students' Union) ৰ আহ্বানত সদৌ গুৱাহাটী ছাত্র সন্থাই পালন কৰা ছাত্র সংহতি দিৱসৰ অংশ হিচাপে শ্বহীদ বেদীত বন্তি প্রজ্বলনৰ লগতে পুষ্পাঞ্জলি অৰ্পণ কৰা কৰা হয় । এই কাৰ্যসূচীত সদৌ অসম ছাত্র সন্থাৰ সাংগঠনিক সম্পাদক ৰাইফুদ্দিন আহমেদ, সদৌ গুৱাহাটী ছাত্র সন্থাৰ সভাপতি আনোৱাৰ হুছেইন, সাধাৰণ সম্পাদক অলকেশ নাথকে ধৰি আন বিষয়-ববীয়াসকল উপস্থিত থাকি শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে ।
উল্লেখ্য যে, ১৯৭৪ চনত খাদ্য আন্দোলনৰ সূচনা কৰি অৰ্থনৈতিক শোষণ আৰু কৃত্ৰিম অনাটনৰ বিৰুদ্ধে অসমৰ ছাত্ৰ সমাজে মাৰ বান্ধি থিয় দিছিল ৷ চৰকাৰে দমন নীতিৰে সমগ্ৰ আন্দোলনটো ধ্বংস কৰিব খোজাৰ পৰিণতিতেই ১৯৭৪ চনৰ আজিৰ দিনটোত প্ৰাণ আহুতি দিবলগীয়া হৈছিল মৰিগাঁও জিলাৰ ভূৰবন্ধা অঞ্চলৰ গজেন ইংতি আৰু পুতুল শইকীয়াই । শ্বহীদদ্বয়ৰ পৱিত্ৰ সোঁৱৰণত সদৌ অসম ছাত্ৰ সন্থাই প্ৰতি বছৰে ১০ জুন দিনটো ছাত্ৰ সংহতি দিৱস হিচাপে পালন কৰি আহিছে ।
লগতে পঢ়ক : টেঙাখাতত একে নিশাই দুঘৰত বাইক চুৰি