ETV Bharat / city

মহালক্ষ্মী পূজনৰ সামগ্ৰীৰে উভৈনদী মহানগৰীৰ বজাৰ

author img

By

Published : Oct 30, 2020, 2:14 PM IST

Updated : Oct 30, 2020, 3:02 PM IST

আজি ধন, ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীৰ পূজা। মহালক্ষ্মীৰ পূজাত ব্যৱহৃত সামগ্ৰীৰে উভৈনদী মহানগৰীৰ বজাৰ। দেৱাৰ প্ৰতিমা, আমপাত ধানৰ থোক, ফল-মূল সকলো উপলব্ধ হৈছে বজাৰত। গ্ৰাহকৰ সেৰঙা উপস্থিতিয়ে হতাশ কৰিছে বিক্ৰেতাক। পূজাত ব্যৱহৃত সামগ্ৰীৰ বৰ্দ্ধিত মূল্যই চকু কপালত তুলিছে গ্ৰাহকৰ।

মহালক্ষ্মী পূজনৰ সামগ্ৰীৰে উভৈনদী মহানগৰীৰ বজাৰ
মহালক্ষ্মী পূজনৰ সামগ্ৰীৰে উভৈনদী মহানগৰীৰ বজাৰ

গুৱাহাটী, ৩০ অক্টোবৰ: কৰ'ণাৰ ভয়াৱহ সংক্ৰমণৰ মাজতে স্বাস্থ্যবিধি মানি চলি মহালক্ষ্মী পূজাৰ পবিত্ৰ ক্ষণত দেৱীৰ আশিস ল'বলৈ প্ৰস্তুতি চলাইছে ৰাজ্যবাসীয়ে। ধন, ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱীৰ বন্দনাৰে মুখৰিত হৈ পৰিছে চৌদিশ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰ বজাৰো ভৰি পৰিছে পূজাত ব্যৱহৃত সামগ্ৰীৰে।

কিন্তু সামগ্ৰী সমূহৰ মূল্যই ৰামটাঙোন সোধাইছে গ্ৰাহকৰ মূৰত। দেৱীৰ প্ৰতিমাৰ মূল্য ১৫০-৫৫০ টকা পৰ্যন্ত হৈছেগৈ। আকাৰৰ ওপৰত ভিত্তি কৰি মূল্য নিৰ্ধাৰণ কৰা হৈছে। ১০-২৫ টকা দৰত বিক্ৰী হৈছে প্ৰতি থোক ধান। প্ৰতিযোৰ নাৰিকল ৯০-১২০ টকাকৈ বিক্ৰী হৈছে মহানগৰীৰ বজাৰত। এধাৰি নাৰ্জি ফুলৰ মালাৰ মূল্য ৪০-৬০ টকা নিৰ্ধাৰণ কৰিছে বিক্ৰেতাই। আমপাত, তামোল-পাণ, চাকি আৰু ফল-মূলৰো জুই চাই দাম।

লকডাউনে আৰ্থিক অৱস্থা কোঙা কৰি যোৱাৰ পিছত এতিয়া বজাৰত অভাৱনীয় হাৰত বৃদ্ধি পাইছে সামগ্ৰীসমূহৰ মূল্য। বিশেষকৈ পূজাৰ বাবে প্ৰয়োজনীয় সামগ্ৰীখিনি ক্ৰয় কৰিবলৈ আহি মূৰে-কপালে হাত দিবলগীয়া হৈছে গ্ৰাহকে। আনহাতে, প্ৰয়োজনতকৈ অধিক দামত পূজাৰ সামগ্ৰী বিক্ৰী কৰি ধন ঘটিছে একাংশ ব্যৱসায়ীয়ে।

পূৰ্বৰ তুলনাত এইবাৰ বজাৰত গ্ৰাহকৰ সংখ্যা হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। মহামাৰীৰ সংক্ৰমণৰ আশংকাত বজাৰলৈ ওলাই অহাৰ পৰা বিৰত আছে বহু লোক। যি কি নহওক, সীমিত আয়োজনৰেই এইবাৰ সংকটৰ সময়তো দেৱী লক্ষ্মীৰ শ্ৰী চৰণত শৰণাপন্ন হ'বলৈ সাধ্য অনুসাৰে প্ৰস্তুতি চলাইছে ৰাজ্যবাসীয়ে।

লগতে পঢ়ক:ধুবুৰীৰ জ্যেষ্ঠ সাংবাদিক কুলধৰ দাস আৰু নাই

Last Updated : Oct 30, 2020, 3:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.