ETV Bharat / city

Pure Drinking Water Scheme: মহানগৰীৰ ৭০ শতাংশ মানুহেই বঞ্চিত - Pure Drinking Water Scheme

গুৱাহাটী মহানগৰীত বিশেষকৈ মাৰ্চ, এপ্ৰিল আৰু মে’ মাহত খোৱাপানীৰ যথেষ্ট হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় । মহানগৰীৰ চৰকাৰী পানী যোগান ব্যৱস্থা(Pure Drinking Water Scheme)ই এতিয়াও গুৱাহাটীৰ আধাতকৈও অধিক মানুহক খোৱাপানী যোগান ধৰিব পৰা নাই ।

70 per cent of the people in Guwahati are deprived of the Pure Drinking Water Scheme
Pure Drinking Water Scheme: মহানগৰীৰ ৭০ শতাংশ মানুহেই বঞ্চিত
author img

By

Published : Nov 20, 2021, 3:32 PM IST

গুৱাহাটী, 20 নৱেম্বৰ : গুৱাহাটী মহানগৰীত খোৱাপানী সমস্যাই এক জটিল সমস্যা হিচাপে দেখা দি আহিছে । চৰকাৰী পানী যোগান ব্যৱস্থাই এতিয়াও গুৱাহাটীৰ আধাতকৈও অধিক মানুহক খোৱাপানী যোগান ধৰিব পৰা নাই । গুৱাহাটী পৌৰ নিগমৰ তথ্য মতে, মহানগৰীৰ মাত্ৰ ৩০ শতাংশ মানুহে চৰকাৰী আঁচনিৰ খোৱাপানী পায় । বাকী ৭০ শতাংশ মহানগৰীবাসীয়ে চৰকাৰী খোৱাপানী আঁচনি(Guwahati Water Supply Project)ৰ পৰা বঞ্চিত হৈ আছে ।

পৌৰ নিগমৰ এক তথ্য মতে বৰ্তমানৰ জনসংখ্যা অনুযায়ী গুৱাহাটীত দৈনিক ৩২৮.৮৬ নিযুত লিটাৰ খোৱাপানীৰ প্ৰয়োজন । কিন্তু খোৱাপানীৰ যোগান ধৰি অহা তিনিটাকৈ চৰকাৰী বিভাগ ক্ৰমে গুৱাহাটী পৌৰ নিগম(Guwahati Municipal Corporation), জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু গুৱাহাটী মহানগৰ পানী যোগান আৰু অনাময় পৰিষদে ইয়াৰে মাত্ৰ ৭২.৪০ নিযুত লিটাৰ পানীহে যোগান ধৰিবলৈ সক্ষম হয় । অৰ্থাৎ মহানগৰীখনত দৈনিক ২৫৬.৪৬ নিযুত লিটাৰ খোৱাপানীৰ অভাৱ থাকে ।

70 per cent of the people in Guwahati are deprived of the Pure Drinking Water Scheme
জনস্বাস্থ্য কাৰিকৰী বিভাগ

চৰকাৰী তথ্য মতে, গুৱাহাটী পৌৰ নিগমে দৈনিক ৪১.২৫ নিযুত লিটাৰ পানী যোগান ধৰাৰ বিপৰীতে জনস্বাস্থ্য কাৰিকৰী বিভাগে(Public Health Department assam) দৈনিক ২৩.৬৫ নিযুত লিটাৰ আৰু গুৱাহাটী মহানগৰ পানী যোগান আৰু অনাময় পৰিষদে ৭.৫০ নিযুত লিটাৰ খোৱাপানী যোগান ধৰে । গুৱাহাটী পৌৰ নিগমৰ অধীনত পানবজাৰ, খাৰঘুলিৰ সাতপুখুৰী আৰু কামাখ্যাত থকা ৩টা পানী যোগান প্ৰকল্পৰ জৰিয়তে ক্ৰমে ২২.৫০, ১৫.৭৫ আৰু ৩ নিযুত লিটাৰ খোৱাপানী যোগান ধৰা হয় ।

আনহাতে গুৱাহাটী মহানগৰ পানী যোগান আৰু অনাময় পৰিষদৰ অধীনৰ জুৰোড পানী যোগান প্ৰকল্পৰ জৰিয়তে দৈনিক ৭.৫০ নিযুত লিটাৰ আৰু জনস্বাস্থ্য কৰিকৰী বিভাগৰ অধীনৰ গুৱাহাটী বিশ্ববিদ্যালয় পানী যোগান প্ৰকল্প(Guwahati University Water Supply Project ), গেম ভিলেজ প্ৰকল্প, পানবজাৰ আৰু উত্তৰ গুৱাহাটী পানী যোগান প্ৰকল্পৰ জৰিয়তে দৈনিক ২৩.৬৫ নিযুত লিটাৰ খোৱাপানী যোগান ধৰি অহা হৈছে । মনকৰিবলগীয়া যে গুৱাহাটী পৌৰ নিগমৰ এই প্ৰকল্পকেইটাৰে যোগান ধৰা পানী প্ৰায়ে ঘোলা, বালিৰ প্ৰলেপ থকা আৰু লেতেৰা হোৱাৰ অভিযোগ উঠে ।

মহানগৰীৰ ৭০ শতাংশ মানুহেই বঞ্চিত

উল্লেখ্য যে, পৌৰ নিগমৰ তিনিওটা প্ৰকল্পৰে যন্ত্ৰসমূহ বহু পুৰণি । প্ৰকল্পকেইটাৰ পানী যোগান ধৰিব পৰা ক্ষমতা ক্ৰমাৎ হ্ৰাস পাই আহিছে । অনুৰূপভাৱে জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু জুৰোডত থকা মহানগৰ পানী যোগান আৰু অনাময় পৰিষদৰ পানীযোগান প্ৰকল্পটো আওপুৰণি হৈ পৰিছে । যাৰবাবে প্ৰকল্পকেইটাৰ পানী যোগান ক্ষমতা পূৰ্বৰ তুলনাত হ্ৰাস পাই আহিছে । এনে পৰিপ্ৰেক্ষিতত মহানগৰীৰ অধিকাংশ লোকে খোৱাপানীৰ বাবে পানীৰ ব্যৱসায়ীৰ ওচৰতে হাত পাতিব লাগে । কিন্তু এই পানী খোৱাৰ কিমান উপযোগী তাক লৈ সন্দেহৰ অৱকাশ আছে ।

ইয়াৰ কাৰণ হিচাপে আমি ক’ব পাৰো যে, ব্যৱসায়ীয়ে নিজৰ ইচ্ছামতে দাম নিৰ্দ্ধাৰণ কৰা খোৱাপানীসমূহ পৰীক্ষা কৰাৰ কোনো ব্যৱস্থা নাই ৷ তদুপৰি উক্ত পানী তেওঁলোকে কৰ পৰা সংগ্ৰহ কৰি আনে তাৰো কোনো ঠিকনা নাথাকে । বৰ্তমান গুৱাহাটীত প্ৰায় ১০ হাজাৰ অট’ভানে দৈনিক খোৱাপানী যোগান ধৰে । গুৱাহাটী পানী যোগান প্ৰকল্পকেইটা সম্পূৰ্ণ হৈ নুঠালৈকে মহানগৰীত খোৱাপানীৰ নাটনি যে অব্যাহত থাকিব সেয়া নিশ্চিত । আনহাতে, ২০১০ চনৰ পৰা চলি থকা বৃহৎ গুৱাহাটী পানী যোগান প্ৰকল্পকেইটা আজিলৈকে সম্পূৰ্ণ হৈ উঠা নাই ৷

লগতে পঢ়ক : বঢ়মপুৰত একেদিনাই তিনিখনকৈ পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.