ETV Bharat / city

কৰ’ণা ৰোগীৰ মনোবল বঢ়াবলৈ চিকিৎসকৰ গীত পৰিৱেশন

author img

By

Published : May 12, 2021, 8:55 PM IST

মহামাৰী কৰ’ণাৰ মাজতো ৰোগীৰ মনোবল বঢ়াবলৈ চিকিৎসক-নাৰ্চৰ ব্যতিক্ৰমী প্ৰয়াস ৷ গীত ৰচনা কৰি ৰোগীৰ সন্মুখত পৰিৱেশন কৰিলে চাবুৱাৰ মডেল চিকিৎসালয়ৰ উপ অধীক্ষক ডাঃ তৰুণ কুমাৰ দেউৰীয়ে ৷

কৰ’ণা ৰোগীৰ মনোবল বঢ়াবলৈ চিকিৎসকৰ গীত পৰিৱেশন
কৰ’ণা ৰোগীৰ মনোবল বঢ়াবলৈ চিকিৎসকৰ গীত পৰিৱেশন

মৰাণ,12 মে': ক’ভিড -19 ৰ বিভীষিকাৰ মাজতেই কৰ’ণাৰ ৰোগীসকলৰ মনোবল বৃদ্ধিৰ ব্যতিক্ৰমী প্ৰয়াস চাবুৱাৰ চিকিৎসকৰ । চাবুৱাৰ মডেল হাস্পতালত মুখত মাস্ক মাৰি এজন ব্যক্তিয়ে গীত গাই আছে আৰু হাত তালি মাৰি তেওঁক সহযোগ কৰিছে অন্য ব্যক্তিসকল । এই দৃশ্য় বুধবাৰে পোহৰলৈ আহে ৷ প্ৰকৃততে এইদৰে গীত গাই থকা ব্যক্তিজন হৈছে চাবুৱা মডেল হাস্পতালৰ উপ অধীক্ষক ডাঃ তৰুণ কুমাৰ দেউৰী আৰু তেওঁক সহযোগ কৰা অন্য ব্যক্তিসকল হৈছে হাস্পতালখনৰে কৰ্মচাৰী ।

দুৱাৰৰ ইফালে থাকি গীত উপভোগ কৰি থকা লোকসকল হৈছে চিকিৎসালয়খনত চিকিৎসাধীন হৈ থকা কেইজনমান কৰ’ণা ৰোগী । উল্লেখ্য যে, বৰ্তমানৰ এই ক'ভিড সৃষ্ট পৰিৱেশত চিকিৎসক তথা চিকিৎসা কৰ্মীসকলে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি দিনে-নিশাই সন্মুখৰ পৰাই কৰ’ণাৰ লগত যুঁজি আহিছে ।

কিন্তু তাৰ মাজতো চিকিৎসক তৰুণ কুমাৰ দেউৰীয়ে এইদৰে গীত গাই এক সুন্দৰ পৰিৱেশ সৃষ্টি কৰি কৰ’ণা ৰোগীসকলৰ মনোবল বঢ়াবলৈ প্ৰয়াস কৰি আহিছে । ব্যস্ততাৰ মাজতো ডাঃ দেউৰীয়ে গীতটি নিজে লিখাৰ লগতে সুৰ কৰি এইদৰে পৰিৱেশন কৰে । চিকিৎসকজনৰ এই প্ৰচেষ্টাক সকলোৱে এতিয়া একেমুখে শলাগিছে । উল্লেখ্য যে, চাবুৱা মডেল হাস্পতালত বৰ্তমান 15 গৰাকী কৰ’ণা ৰোগী চিকিৎসাধীন হৈ আছে ।

লগতে পঢ়ক : গদ্য শৈলীৰ দিশত বেজবৰুৱাৰ সমপৰ্যায়ৰ আছিল হোমেন বৰগোহাঞি: প্ৰহ্লাদ তাছা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.