ETV Bharat / city

নামৰূপত নতুনকৈ 7 গৰাকী কৰ’ণা পজিটিভ

author img

By

Published : Jul 31, 2020, 5:08 AM IST

নামৰূপত শেহতীয়াকৈ 7 গৰাকী লোকৰ দেহত ধৰা পৰিছে মহামাৰী কৰ’ণা ভাইৰাছৰ অৱস্থিতি ৷ সত্তৰগৰাকীৰ লোকৰ ভিতৰত কৰা ৰেপিড এণ্টিজেন্ট টেষ্ট ধৰা পৰে ক’ভিড পজিটিভ ৷

Rapid antigen Test at Namrup 7 positive
Rapid antigen Test at NamruRapid antigen Test at Namrup 7 positivep 7 positive

নামৰূপ, 31 জুলাই: নামৰূপত ৰেপিড এণ্টিজেন্ট পৰীক্ষা শিবিৰ ৷ সত্তৰগৰাকীৰ স্বাৱ পৰীক্ষাৰ ফলাফলত 7 জন লোকৰ দেহত কৰ’ণা ভাইৰাছৰ অৱস্থিতি ৷ বৃহস্পতিবাৰে পুৱা 10 বজাৰ পৰা বিভিএফচি বিহু পেণ্ডেলত ক’ভিড-19 ৰ নমুনা পৰীক্ষাৰ এক শিবিৰ অনুষ্ঠিত কৰা হয় । উক্ত শিবিৰত কাহ ,পানী লগা জ্বৰত ভুগি থকা ৰোগী সকলৰ লগতে তেনে কোনো লক্ষণ নথকা মুঠ সত্তৰ জনৰ স্বাৱ পৰীক্ষা কৰা হয় ।

নামৰূপৰ নগমাটি, কছাৰী পথাৰ, মিলনপুৰ, পানী দৰিয়া নগা গাঁও, আদিৰ লগতে সাৰ উদ্যোগৰ আৱাসিক এলেকাৰ উক্ত লোক সকল স্বতঃস্ফূৰ্ত ভাবেই নমুনা পৰীক্ষাৰ বাবে আগ বাঢ়ি আহে । এই সকলৰ ভিতৰত সাত গৰাকীৰ দেহত ক’ভিড-19 ৰ বীজাণু ধৰা পৰে । ইয়াৰে এগৰাকী খেৰেমীয়াৰ, পানীদৰিয়া নগা গাঁৱৰ এজন, মিলন পুৰৰ এজন,আৰু চাৰি গৰাকী সাৰ উদ্যোগৰ আৱাসিক এলেকাৰ বাসিন্দা ৷

নামৰূপত ৰেপিড এণ্টিজেন্ট পৰীক্ষা শিবিৰ
নামৰূপত ৰেপিড এণ্টিজেন্ট পৰীক্ষা শিবিৰ

সাৰ উদ্যোগৰ কৰ্মচাৰী এম কে চাহুৰ স্বাস্থ্য অধিক অৱনতি ঘটাত তেওঁক ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় । আন ছয়গৰাকীক মৰাণ আৰু দুলিয়াজান ক’ভিড কেয়াৰ চেণ্টাৰলৈ প্ৰেৰণ কৰা হৈছে । বৃহস্পতিবাৰে এই শিবিৰত নাহৰকটীয়া ৰাজহ চক্ৰ বিষয়া বিক্ৰম ছেত্ৰীও উপস্থিত আছিল ।

লগতে চাওক-গণ সংক্ৰমণৰ দিশে ধুবুৰী জিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.