ETV Bharat / city

কবিতা লিখাত ব্যস্ত থাকিলে কংগ্ৰেছৰ গ্ৰহণযোগ্যতা একেবাৰেই নোহোৱা হ'ব : মন্ত্ৰী বিমল বৰা

"কবিতা লিখাত ব্যস্ত থাকিলে কংগ্ৰেছৰ গ্ৰহণযোগ্যতা একেবাৰেই নোহোৱা হ'ব..." এইবাৰ ভূপেন বৰাৰ কবিতা (Bhupen kumar Borah's poem)ক লৈ সৰৱ মন্ত্ৰী বিমল বৰা ৷ দেওবাৰে খোৱাং মহাবিদ্যালয়ৰ এক অনুষ্ঠানত অংশ লৈ মন্ত্ৰীজনে সাংবাদিকৰ আগত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীৰ বিৰুদ্ধে সৰৱতা প্ৰকাশ কৰা দেখা গ’ল ৷

author img

By

Published : Jan 30, 2022, 10:48 PM IST

Updated : Jan 31, 2022, 2:35 PM IST

minister-bimal-borah-criticize-bhupen-kumar-borahs-poem
কবিতা লিখাত ব্যস্ত থাকিলে কংগ্ৰেছৰ গ্ৰহণযোগ্যতা একেবাৰেই নোহোৱা হ'ব

মৰাণ, 30 জানুৱাৰী : "কবিতা লিখাত ব্যস্ত থাকিলে কংগ্ৰেছৰ গ্ৰহণযোগ্যতা একেবাৰেই নোহোৱা হ'ব..." এইবাৰ ভূপেন বৰাৰ কবিতা (Bhupen kumar Borah's poem)ক লৈ মন্ত্ৰী বিমল বৰা ৷ শেহতীয়াকৈ ৰাজনীতিত চলিছে কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ কবিতাৰ চৰ্চা ৷ এই কবিতাৰ ৰাজনীতিয়ে উত্তাল কৰি তুলিছে এতিয়া অসমৰ ৰাজনীতি৷ তেনে সময়তে ভূপেন বৰাৰ কবিতাৰ জৰিয়তে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰাৰ পাছতে শাসক দলৰ মন্ত্ৰী বিধায়ক নেতা সকলোৱে কংগ্ৰেছৰ সভাপতি গৰাকীক তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হয় ।

ইয়াৰ পাছতে দেওবাৰে ভূপেন বৰাৰ কবিতাক লৈ মন্ত্ৰী বিমল বৰা সৰৱ হৈ উঠিল (Minister Bimal Borah criticize Bhupen kumar Borah's poem) ৷ দেওবাৰে খোৱাং মহাবিদ্যালয়ৰ আদৰণি আৰু সম্বৰ্ধনাৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত মন্ত্ৰী বিমল বৰাই কয় যে, " যাৰ প্ৰতিভা আছে তেওঁ কবিতা লিখিবই ৷ কিন্তু কবিতাৰ প্ৰতিভাৰ লগত কবিতাৰ অৰ্থ বিলাক মিলিলেহে ভাল লাগে ।

বিগত দিন কেইটাত কংগ্ৰেছ দল প্ৰায় সকলো নিৰ্বাচনতে বিফল হৈছে । ভূপেন বৰাৰ এনেধৰণৰ কৰ্মকাণ্ডই তেওঁলোকৰ গ্ৰহণযোগ্যতা হ্ৰাসহে কৰিব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ইফালে খোৱাং মহাবিদ্যালয়ৰ অধ্যক্ষ ত্ৰৈলোক্য দিহিঙীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই বিশেষ আদৰণি অনুষ্ঠানত অংশ লৈ মন্ত্ৰীজনে মহাবিদ্যালয়খনৰ উত্তৰণৰ দিশত কেইবাটাও পৰামৰ্শ আগবঢ়ায় ।

মহাবিদ্যালয়খনৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হোৱা অনুষ্ঠানটোত মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে । উল্লেখ্য যে, বিগত কিছুদিন আগতে মুখ্যমন্ত্ৰীয়ে ড্ৰাগছৰ বিৰুদ্ধে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া স্বৰূপে ৰা ভূপেন বৰাই প্ৰায় 26 টা লাইনৰ এটি কবিতাৰ জৰিয়তে বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷

লগতে পঢ়ক : বৰপেটাক পবিত্ৰ নগৰী ঘোষণা কৰিবলৈ খালেকৰ পত্ৰ

Last Updated : Jan 31, 2022, 2:35 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.