ETV Bharat / city

চিআৰপিএফত কৰ্মৰত কোভিড আক্ৰান্ত হাবিলদাৰৰ ইটিভি ভাৰতলৈ বাৰ্তা, চিকিৎসাত অৱহেলাৰ অভিযোগ

author img

By

Published : Aug 14, 2020, 3:17 AM IST

অসম চিকিৎসা মহাবিদ্যালয়ত কৰ'ণা ৰোগীৰ চিকিৎসা বিচাৰি হাহাকাৰ । Etv bharatলৈ ৰোগীয়ে প্ৰেৰণ কৰিলে ভিডিঅ' বাৰ্তা । পলে পলে স্বাস্থ্যৰ অধিক অৱনতি ঘটিব ধৰিছে ৰোগীগৰাকীৰ । মুখেৰে নিৰ্গত হৈছে তেজ । স্বাস্থ্য বিভাগে চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়ৰ কেবিনত ভৰ্তি কৰোৱাৰ পাছৰে পৰা মাত্ৰ শৰীৰৰ উত্তাপ জুখিয়েই দ্বায়িত্ব সামৰাৰ অভিযোগ ।

চিআৰপিএফত কৰ্মৰত কোভিড আক্ৰান্ত হাবিলদাৰৰ ইটিভি ভাৰতলৈ বাৰ্তা, চিকিৎসাত অৱহেলাৰ অভিযোগ
কোবিড-19ত আক্ৰান্ত চিআৰপিএফ হাবিলদাৰ বিজিত দাসৰ গুৰুতৰ অভিযোগ

ডিব্ৰুগড়, 14 আগষ্ট : কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ 171 বেটেলিয়ানত কৰ্মৰত এগৰাকী হাবিলদাৰৰ গুৰুতৰ অভিযোগ অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ৷ ডিব্ৰুগড়ত কৰ্মৰত হৈ থকা হাবিলদাৰগৰাকী শিৱসাগৰ দিখৌমুখৰ বিজিত দাস ।

চিআৰপিএফত কৰ্মৰত কোভিড আক্ৰান্ত হাবিলদাৰ বিজিত দাস

ইতিমধ্যেই কৰ'ণাত আক্ৰান্ত হোৱা হাবিলদাৰগৰাকীক 8 আগষ্টত স্বাস্থ্য বিভাগে ডিব্ৰুগড়ৰ ডনবস্ক স্কুলৰ কোৱাৰেইন্টাইনত পঠিওৱাৰ পাছত স্বাস্থ্যৰ অধিক অৱনতি ঘটাত 9 আগষ্টত অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱাই ৷ কিন্তু অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱাৰ পাছৰে পৰা তেওঁক গুৰুত্বহীন কৰি পেলাই থোৱাৰ অভিযোগ বিজিত দাস আৰু পৰিয়ালৰ । ক্ৰমান্বয়ে স্বাস্থ্যৰ অধিক অৱনতি ঘটিব ধৰিছে বিজিত দাসৰ ।

অসহায় হৈ বিগত এইদৰে নিজৰ শোচনীয় অৱস্থা আৰু অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ অৱহেলাৰ কথা জনাই অকণমান চিকিৎসা পোৱাৰ আশাত এই ভিডিঅটো ইটিভি ভাৰতৰ সাংবাদিকলৈ প্ৰেৰণ কৰাৰ চেষ্টা চলাইছে । কিন্তু ইয়াৰ পাছৰে পৰা তেওঁ আনকি ফোনতো কথা পাতিবলৈও নোৱাৰা হৈ পৰিব ধৰিছে ।

অসম চিকিৎসা মহাবিদ্যালয়ৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ কোভিড-19ত আক্ৰান্ত চিআৰপিএফ হাবিলদাৰৰ

উল্লেখ যে, অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই যাতে বিষয়টো গুৰুত্ব প্ৰদান কৰি অতি সোনকালে ৰোগীগৰাকীৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰে তাৰ বাবে কাতৰ অনুৰোধ কৰিছে বিজিতৰ পৰিয়ালে ৷ দেশৰ সুৰক্ষাত নিয়োজিত এইসকল বীৰ জোৱানৰ স্বাস্থ্যৰ প্ৰতি এইদৰে চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ অৱহেলাৰ পিচতে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ ফোঁপোলা স্বৰূপ ওলাই পৰিছে ৷ এইক্ষেত্ৰত স্বাস্থ্য বিভাগে চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষক কি ধৰণে গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ৷

লগতে পঢ়কঃ হতাশাগ্ৰস্ত হৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাঃ ৰিপুন বৰা

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.