ETV Bharat / city

চেচাঁ নদীৰ ৰিং বান্ধৰ ওপৰেদি বাগৰিল পানী

ডিব্ৰুগড়ৰ লৰুৱা মৌজাৰ ৩০ খন গাৱঁৰ বানপানীৰ সুৰক্ষাৰ বাবে নিৰ্মীয়মাণ লেজাই চেচাঁনদী পাৰৰ ৰিং বান্ধ এতিয়া ফুটুকাৰ ফেনত পৰিণত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ ইতিমধ্যে বান্ধটোৰ ওপৰেইদি পানী বাগৰাত জলমগ্ন হৈ পৰিছে বিস্তীৰ্ণ অঞ্চল ৷

author img

By

Published : Jun 29, 2020, 9:15 PM IST

Flood At Dibrugarh District
চেচাঁ নদীৰ ৰিং বান্ধৰ ওপৰেদি বাগৰিল পানী

ডিব্ৰুগড়, 29 জুনঃ ডিব্ৰুগড় জিলাৰ লেজাইত চেচাঁ নদীৰ ৰিং বান্ধৰ ওপৰেদি হোৰাহোৰে বাগৰিছে পানী । নৈ খনৰ বাঢ়নী পানীয়ে ইতিমধ্যে বুৰাই পেলাইছে বিস্তীৰ্ণ অঞ্চল ৷

উল্লেখ্য যে, ২২ কোটি টকা ব্যয় সাপেক্ষে চৰকাৰে নিৰ্মাণ কৰিছিল ১০ কিলোমিটাৰ দৈৰ্ঘৰ ৰিং বান্ধটো । নিৰ্মাণৰ কাম সম্পূৰ্ণ নহওঁতেই ৰিং বান্ধটোৰ প্ৰায় তিনি কিল'মিটাৰ পৰ্যন্ত বুৰ গৈছে ৷ ইতিমধ্যে ৰিং বান্ধৰ ওপৰেইদি ভয়াৱহ ভাবে পানী সোমাই বুৰাই পেলাইছে ইখনৰ পিছত সিখনকৈ গাঁও ৷ ইতিমধ্যে ভয়ংকৰ হৈ পৰিছে বান পৰিস্থিতি ৷ নৈ খনৰ বাঢ়নী পানীত ঘৰ-দুৱাৰ বুৰ যোৱাৰ লগতে নষ্ট হৈছে বহু সা-সম্পত্তি ৷ তাৰোপৰি বানত ক্ষতি সাধন হয় বহু পশু ধনৰ ৷ আনহাতে লেজাই-কলাখোৱা অঞ্চলৰ বহু পৰিয়ালৰ কৃষিভূমি বানে নষ্ট কৰাত কৃষক সকল এতিয়া সৰ্বস্বান্ত হ'ব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ।

উল্লেখ্য যে, স্বয়ং অসমৰ মুখ্যমন্ত্ৰীয়ে ৰিংবান্ধটো নিৰ্মানৰ শুভাৰম্ভ কৰি অতিশীঘ্ৰে সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়া পিছতো বিভাগীয় কৰ্তৃপক্ষই নিৰ্মাণৰ কাম সম্পূৰ্ণ নকৰা বুলি অভিযোগ কৰে স্থানীয় ৰাইজে ৷ লগতে বান্ধটোৰ নিৰ্মাণৰ কামত ঠিকাদাৰে বহু হেমাহি কৰা বুলি স্থানীয় ৰাইজে অভিযোগ উৎত্থাপন কৰে । আনহাতে পুৰণি মথাউৰি কালভাৰ্টৰ ওপৰতেই কিছু মাটি পেলাই নিৰ্মাণৰ দায়িত্ব সামৰা বুলি ৰাইজে ক্ষোভ প্ৰকাশ কৰে । স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি শাসকীয় দলৰ পালি নেতাই ৰিং বান্ধটো নিৰ্মাণত জড়িত হৈ বহু অনিয়ম সংঘটিত কৰিছে ৷ ফলস্বৰূপে মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰি যোৱা ২২ কোটি টকীয়া আঁচনি এতিয়া ফুটুকাৰ ফেনত পৰিণত হ'ল বুলি মন্তব্য কৰে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক- ভূমিস্খলনঃ পাহাৰীয়া লোকক জাননী জাৰি প্ৰশাসনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.