ডিব্ৰুগড়, 15 মাৰ্চ : মৰাণ উষাপুৰ মহিলা সমাজৰ উদ্যোগত আৰু মৰাণ দল-সংগঠন তথা মৰাণবাসী ৰাইজৰ সহযোগত 8 চ'ত অৰ্থাৎ 22 মাৰ্চত মৰাণত অনুষ্ঠিত হ'ব কেন্দ্ৰীয় তৰা চিঙা বিহু ৷ মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'বলগা বিহু অনুষ্ঠানটোৰ দেওবাৰে সম্পূৰ্ণ তাই আহোমৰ মাংগলিক পৰম্পৰাৰে লাই খুঁটা পোতা হয় ৷ নতুন প্ৰজন্মৰ মাজত ঐতিহাসিক তৰা চিঙা বিহুৰ পৰম্পৰা জীয়াই ৰখাৰ স্বাৰ্থত এই বিহু প্ৰতিবছৰে অনুষ্ঠিত কৰা হয় বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে ৷
লাই খুঁটা পোতা অনুষ্ঠানত উপস্থিত থাকে মৰাণৰ বিভিন্ন দল-সংগঠনৰ নেতৃবৃন্দৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি ৷ পূৰ্বৰ দৰে এইবাৰো পৰম্পৰা ৰক্ষা কৰি বৰ্ণাঢ্য কাৰ্যসূচীৰে বিহু অনুষ্ঠিত কৰা হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে ৷
22 মাৰ্চৰ দিনা পুৱাৰ ভাগত উদযাপন সমিতিৰ সভানেত্ৰী ভানু লাহন গগৈয়ে পতাকা উত্তোলন কৰাৰ পাচতে তৰা চিঙা বিহুৰ মাংগলিক কাৰ্য আৰম্ভ কৰা হ'ব ৷ ইয়াৰ পাছতে তৰা গছ তুলিবলৈ দোলা যাত্ৰা, তৰা গছ আসনত স্থাপন, তৰা চিঙা বিহুৰ শুভাৰম্ভ কৰা হ'ব ৷ বিহুৰ পাছতে অনুষ্ঠিত হ'ব মুকলি সভা আৰু সাংস্কৃতিক অনুষ্ঠান ৷
উল্লেখ্য যে, তৰা চিঙা বিহু হৈছে ৰঙালী বিহুৰ মাতৃস্বৰূপ ৷ এই বিহুৰ পৰম্পৰা আৰম্ভ কৰিছিল আহোম ৰজা চাওলুং চ্যুকাফাই ৷ পৰম্পৰা অনুসৰি 4 জোপা তৰা গছ চিঙি দোলাত ভৰাই আনি থাপনা পাতি এই বিহু আৰম্ভ কৰা হয় ৷
আৰু পঢ়ক : COVID-19 : গুৱাহাটী উচ্চ ন্যায়ালয়ে জাৰী কৰিলে অধিসূচনা