মৰাণ, 29 ডিচেম্বৰ : অসম আৰক্ষী সৱলীকৰণৰ জৰিয়তে প্ৰশাসন ব্যৱস্থাক শক্তিশালী কৰাৰ উদ্দেশ্যে অহা ৩ আৰু ৪ জানুৱাৰীত দুলীয়াজানত অনুষ্ঠিত হ'ব আৰক্ষী অধীক্ষক সন্মিলন (Assam Police SP Conference in Duliajan)। দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ(Oil India Limited Duliajan) বিষয়া সকলৰ জাননী ক্লাৱত অনুষ্ঠিত হ'ব এই সন্মিলন । আৰক্ষী অধীক্ষক সন্মিলনৰ প্ৰস্তুতিৰ বুজ ল'বলৈ মঙলবাৰে দুলীয়াজানৰ সন্মিলনস্থলীত উপস্থিত হয় মন্ত্ৰী বিমল বৰা (Minister Bimal Bora visits Duliajan)।
উক্ত অনুষ্ঠানত দুলীয়াজানৰ বিধায়ক তেৰচ গোৱালা, ডিব্ৰুগড় জিলাৰ উপাযুক্ত আৰু আৰক্ষী অধীক্ষকৰ লগতে অইলৰ বিষয়া সকল উপস্থিত থাকে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এই সন্মিলনত ৰাজ্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হ'ব বুলি মন্ত্ৰী বিমল বৰাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে ।
উল্লেখ্য যে, এইখন হৈছে অসমৰ আৰক্ষী অধীক্ষক সকলৰ দ্বিতীয়খন সন্মিলন ৷ প্ৰথমখন সন্মিলন অনুষ্ঠিত হৈছিল কাজিৰঙাত জুন মাহত (Assam Police SP Conference in Kaziranga) ৷ সেই সন্মিলনতো ৰাজ্য চৰকাৰৰ মন্ত্ৰী, উচ্চপদস্থ বিষয়া আৰু আৰক্ষী বিভাগৰ শীৰ্ষ বিষয়া আৰু প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষকসকল উপস্থিত থাকে ৷
লগতে পঢ়ক : বিষয় PSO: কেবিনেটে ল’ব গুৰুত্বপূৰ্ণ সিদ্ধান্ত