ETV Bharat / city

নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰীলৈ সমৰ্থন বিধায়ক হাফিজ বছিৰ আহমেদৰ - HAFIR BASIR AHMED

বিজেপি তথা মিত্ৰজোঁটে মুখ্যমন্ত্ৰী হিচাপে যি জনকে প্ৰক্ষেপ কৰিব তেওঁৰ প্ৰতি আমাৰ আস্থা, বিশ্বাস থাকিব । বিলাসীপাৰাত এই মন্তব্য এ আই ইউ ডি এফৰ বিধায়িনী দলৰ দলপতি হাফিজ বছিৰ আহমেদৰ ৷

ইচ্ছা শক্তি থাকিলে বিৰোধী হৈয়ো সমষ্টিৰ কাম কৰিব পাৰি : হাফিছ বছিৰ আহমেদ

author img

By

Published : May 9, 2021, 6:11 PM IST

বিলাসীপাৰা, 9 মে': বিলাসীপাৰা ২৭ নং পূৱ সমষ্টিৰ নৱ-নিৰ্বাচিত বিধায়ক ছামচুল হুদাৰ বাসগৃহত দেওবাৰে ইউ ডি এছ এফে এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে । সংগঠনটোৰ জিলা সভাপতি মোঃ আবু হানিফৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ২৬ নং পশ্চিম আৰু ২৭ নং পূৱ বিলাসীপাৰা সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়কদ্বয়ে অংশগ্ৰহণ কৰে । এ আই ইউ ডি এফৰ বিধায়কদ্বয় ক্ৰমে হাফিজ বছিৰ আহমেদ আৰু চামছুল হুদাক সংগঠনটোৰ আঞ্চলিক সমিতিৰ সদস্যই জাপি, মালা, ফুলাম গামোচাৰে উষ্ম আদৰণি জনায় ।

ইচ্ছা শক্তি থাকিলে বিৰোধী হৈয়ো সমষ্টিৰ কাম কৰিব পাৰি : হাফিছ বছিৰ আহমেদ

সভাত বিধায়কদ্বয়ে সমষ্টিবাসীক নিৰংকুশ সংখ্যক ভোট দান কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে । ইয়াৰ পিছতে চাৰিবাৰকৈ বিধায়ক হোৱা তথা এ আই ইউ ডি এফৰ বিধায়িনী দলপতি হাফিজ বছিৰ আহমেদে সাংবাদিকৰ আগত কয় যে, বিৰোধী হৈয়ো সমষ্টিৰ উন্নয়ন সাধন কৰিব পাৰি ৷ ইয়াৰ বাবে লাগে কেৱল ইচ্ছাশক্তি, যি আমাৰ আছে । আমি চৰকাৰৰ গঠনমূলক কামত সহযোগ কৰিম । ঠিক তেনেদৰে চৰকাৰৰ ধ্বংসাত্মক কাৰ্যত বিৰোধ কৰিম বুলি মন্তব্য কৰে হাফিজ বছিৰ আহমেদে ।

তাৰোপৰি গৰিষ্ঠসংখ্যক আসন লাভ কৰা বিজেপি তথা মিত্ৰজোঁটে আগন্তুক সময়ত চৰকাৰ গঠন কৰিব । মুখ্যমন্ত্ৰী হিচাপে যাকেই প্ৰক্ষেপ কৰিব তেওঁৰ প্ৰতি আমাৰ আস্থা আৰু বিশ্বাস থাকিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে হাফিজ বছিৰ আহমেদে ৷

লগতে পঢ়ক : নতুন মন্ত্ৰীসভাত অগপৰ তিনি বিধায়কে পাব মন্ত্ৰীত্ব : কেশৱ মহন্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.