ETV Bharat / city

এইবাৰ ধুবুৰীত মহৰি আৰু দালালৰ মাৰপিটৰ ঘটনা

author img

By

Published : May 30, 2022, 10:26 PM IST

পুনৰ উত্তপ্ত ধুবুৰী চক্ৰ বিষয়াৰ কাৰ্যালয় (Tense situation in Dhubri Circle Office) । এইবাৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ এগৰাকী মহিলা মহৰি আৰু এজন দালালৰ সৈতে মাৰপিটৰ ঘটনা। সোমবাৰে সংঘটিত হয় এই ঘটনা ৷

এইবাৰ ধুবুৰীত মহৰি আৰু দালালৰ মাৰপিটৰ ঘটনা
এইবাৰ ধুবুৰীত মহৰি আৰু দালালৰ মাৰপিটৰ ঘটনা

ধুবুৰী, 30মে’: প্ৰায়েই মাটিৰ কাম কাজক লৈ উত্তপ্ত হয় ধুবুৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় (Tense situation in Dhubri Circle Office) । কেতিয়াবা যদি লাট মণ্ডলক আক্ৰমণ, কেতিয়াবা আকৌ মাটিৰ দালালক আক্ৰমণ । সোমবাৰে কাৰ্যালয়টোত পঞ্জীয়নকৃত এগৰাকী মহিলা মহৰী আৰু এজন দালালৰূপী লোকৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয় (Clash between office staff and middleman) ।

তাৰ পিছতেই দুয়োৰে মাজত আৰম্ভ হয় খণ্ডযুদ্ধ । অভিযোগ অনুসৰি, এডোখৰ মাটিৰ চিতা কপি উলিওৱাৰ আবেদন লিখাৰ বাবে মহিলা মহৰীগৰাকীয়ে লোকজনৰ পৰা লৈছিল ধন । কিন্তু এই পৰ্যন্ত মহৰী গৰাকীয়ে আবেদন লিখি দিয়া নাই বুলি আৰ্শ্বাদ আলী নামৰ দালালজনে অভিযোগ উত্থাপন কৰে । ইফালে, মহিলা মহৰীগৰাকীৰ মতে 6 মাহ পূৰ্বেই আবেদন পত্ৰ লিখি দিছিল লোকজনক ।

ইয়াকে লৈ দুয়োৰে মাজত প্ৰথমে তৰ্কা-তৰ্কিৰ সৃষ্টি হয় । এই কাজিয়াই পৰৱৰ্তীসময়ত মাৰপিটৰ ৰূপ লয় ৷ অভিযোগ অনুসৰি, ধুবুৰীৰ ঝগৰাৰ পাৰৰ আৰ্শ্বাদ আলীয়ে মহিলা মহৰীগৰাকীক শাৰীৰিকভাৱে অপদস্ত কৰে ৷ এই খবৰ লাভ কৰি লগে লগে ধুবুৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰ্শ্বাদ আলী আৰু মহিলাগৰাকীক ধুবুৰী সদৰ থানা লৈ লৈ যায় ।

ঘটনা সন্দৰ্ভত মহিলা মহৰীগৰাকীয়ে সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ কথাও উল্লেখ কৰে । ধুবুৰী আৰক্ষীয়ে ইতিমধ্যে সমগ্ৰ ঘটনাক লৈ আৰম্ভ কৰিছে তদন্ত ৷

লগতে পঢ়ক : দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.