ETV Bharat / city

গোলকগঞ্জত কংগ্ৰেছ প্ৰাৰ্থী আব্দুছ ছুবাহান আলী সৰকাৰক উষ্ম আদৰণি

author img

By

Published : Mar 17, 2021, 5:15 PM IST

কংগ্ৰেছে মঙলবাৰে ঘোষণা কৰিলে তৃতীয়খন প্ৰাৰ্থী তালিকা ৷ ২৫ নং গোলকগঞ্জ সমষ্টিত কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব প্ৰদান কৰে আব্দুছ ছুবাহান আলী সৰকাৰক ৷ গোলকগঞ্জ সমষ্টিৰ কংগ্ৰেছ কৰ্মীসকলৰ মাজত আনন্দৰ বন্যা ৷

গোলকগঞ্জ সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী আব্দুছ ছুবাহান আলী সৰকাৰক উষ্ম আদৰণি

বিলাসীপাৰা,17 মাৰ্চঃ কংগ্ৰেছ দলে তৃতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ পাছতেই গোলকগঞ্জত কংগ্ৰেছ দলৰ কৰ্মীৰ মাজত বৈছে আনন্দৰ বন্যা ৷ দলীয় টিকট সংগ্ৰহ কৰি বুধবাৰে আব্দুছ ছুবাহান আলী সৰকাৰ উপস্থিত হয় গৃহ জিলা ধুবুৰীত ৷ বুধবাৰে জিলাখনৰ মহামায়া ৰাজীৱ ভৱনত প্ৰাৰ্থী গৰাকীক উষ্ম আদৰণি জনোৱা হয় ৷ মহামায়া ব্লক কংগ্ৰেছৰ উদ্যোগত প্ৰাৰ্থী গৰাকীক আদৰণি জনায় কংগ্ৰেছী নেতা-কৰ্মীসকলে ৷

উল্লেখ্য যে, মহাজোঁটে ধুবুৰীৰ পাঁচটা সমষ্টিৰ ভিতৰত চাৰিটায়ে এআইইউডিএফক এৰি দিয়াৰ বিপৰীতে একমাত্ৰ গোলকগঞ্জ সমষ্টিটোত কংগ্ৰেছ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে ৷ এনে সিদ্ধান্তত বিক্ষুব্ধ হৈ পৰে জিলাখনৰ কংগ্ৰেছ কৰ্মীসকল ৷ একমাত্ৰ কংগ্ৰেছ প্ৰাৰ্থী গৰাকীক মহামায়া ৰাজীৱ ভৱনত উষ্ম আদৰণি জনোৱাৰ লগতে আৱেগিক হৈ পৰে কংগ্ৰেছী নেতা-কৰ্মীসকল ৷

লগতে পঢ়কঃ ৰজা হৈ প্ৰজাৰ মূল‍্য নুবুজা মন্ত্ৰী-বিধায়কক ভোট নিদিয়ে চাহ শ্ৰমিকে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.