ETV Bharat / business

ইৰাণৰ পৰা কেঁচা তেল ক্ৰয় কৰিব নোৱাৰিব ভাৰতে - oil

আমেৰিকাই ইৰাণৰ পৰা ভাৰতক কেঁচা তেল ক্ৰয়ৰ যি ৰেহাই দিছিল, সেই ৰেহাই 1 মেৰ পৰা পুনৰ নিষিদ্ধ  কৰিলে ৷ এই নিষিদ্ধতাৰ বাবে ভাৰতে ইৰাণৰ পৰা কোনো ধৰণে কেঁচা তেল ক্ৰয় কৰিব নোৱাৰিব ৷ ভাৰতে  ইৰাণৰ পৰা 12%  তেল  ৰপ্তানি কৰে ৷

ইৰাণৰ পৰা কেঁচা তেল ক্ৰয় কৰিব নোৱাৰিব ভাৰতে
author img

By

Published : May 2, 2019, 3:11 PM IST

নিউজ ডেস্ক 2 মেঃ- ইৰাণৰ পৰা কেঁচা তেল ক্ৰয় কৰাৰ ৰেহাইৰ 1 মে তাৰিখে ম্যাদ উকলিছে ভাৰতৰ ৷ যাৰ পৰিপেক্ষিতত ভাৰতে তেলৰ বৃহত্তম উৎপাদনকাৰী দেশ চৌদি আৰৱ, ইৰাক আৰু ইউএই ৰ পৰা কেঁচা তেল ক্ৰয় কৰাৰ সংকেত দিছে ৷

উল্লেখ্য যে আমেৰিকাই ইৰাণৰ পৰা ভাৰতক কেঁচা তেল ক্ৰয়ৰ ক্ষেত্ৰত যি ৰেহাই দিছিল, সেই ৰেহাই 1 মেৰ পৰা পুনৰ নিষিদ্ধ কৰিলে ৷ এই নিষিদ্ধতাৰ বাবে ভাৰতে ইৰাণৰ পৰা কোনো ধৰণে কেঁচা তেল ক্ৰয় কৰিব নোৱাৰিব ৷ ভাৰতে ইৰাণৰ পৰা 12% তেল ৰপ্তানি কৰে ৷

বিশেষজ্ঞসকলৰ মতে এনে পৰিস্থিতত কেঁচা তেলৰ দাম দ্ৰুত ভাৱে বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ৷ ফলত পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধি হ’ব পাৰে ৷

মনকৰিব লগীয়া যে ইৰাণৰ পৰা কেঁচা তেল ক্ৰয় কৰা ভাৰত বিশ্বৰ তৃতীয় খন দেশ ৷ ইৰাণৰ পৰা ভাৰতে 2018-19 ত 2.39 কোটি টন কেঁচা তেল ক্ৰয় কৰিছিল ৷ আমেৰিকাৰ বৈদেশিক মন্ত্ৰালয়ৰ এক বিবৃত্তিত প্ৰকাশ যে যি কেইখন দেশে ইৰাণৰ পৰা কেঁচা তেল সংগ্ৰহ কৰা সম্পূৰ্ণ ৰূপে বন্ধ নকৰে তেতিয়া আমেৰিকাৰ পৰা সেইকেইখন দেশে নিষিদ্ধতাৰ সন্মুখীন হ’ব লাগিব ৷

etv bharat

Breaking news
গোলাঘাটত শ্ৰম বিভাগৰ অভিযান। গোলাঘাটৰ বহু কেইটা বাণিজ্যিক কেন্দ্ৰত অভিযান শ্ৰম বিভাগৰ। গোলাঘাটৰ আগশাৰী ব্যক্তিগত চিকিৎসালয়টো শ্ৰম বিভাগৰ অভিযান। কৰ্মচাৰী, শ্ৰমিকৰ নিযুক্তি পত্ৰ, প্ৰতিস্থান পৰিচালনাৰ অনুজ্ঞাপত্ৰ আদি বিচাৰি অভিযান। শ্ৰমিকক উচিত মজুৰি প্ৰদান কৰাক লৈ প্ৰতিস্থান সমূহৰ কাৰ্যালয়ত প্ৰ-পত্ৰ নিৰীক্ষণ শ্ৰম বিভাগৰ। শ্ৰম বিভাগে দণ্ডাধীশ লৈ লাইফ লাইন নাৰ্চিং হোম, জিবিএম নাৰ্চিং হোমতো চলাইছে এই অভিযান।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.