ETV Bharat / business

কেন্দ্ৰৰ বিত্তীয় উদ্দীপক পৰ্যাপ্ত নহয়, বিত্তীয় ঘাটি ১৪ %লৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা

২৬ মাৰ্চত কেন্দ্ৰই পৰৱৰ্তী তিনি মাহৰ বাবে দুখীয়াসকলক খাদ্য আৰু ৰন্ধন গেছ যোগানৰ বাবে ১.৭০ লাখ কোটিৰ পূঁজি ঘোষণা কৰিছিল । ৰাজনৈতিক চিন্তাৰ উৰ্ধত আৰু নৈতিকতাৰ খাতিৰত চৰকাৰে এইক্ষেত্ৰত আৰু অধিক ব্যয় কৰিব লাগিব বুলি তেওঁ উল্লেখ কৰে । অধিক বিনিয়োগৰ বাবে চৰকাৰে অধিক ধাৰ কৰিব লাগিব । পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ধাৰৰ নিৰ্দিষ্ট সীমা নিৰ্ধাৰণ কৰি দিয়াটোত তেওঁ চৰকাৰৰ সৈতে সহমত নহয় বুলিও উল্লেখ কৰে ।

বিত্তীয় ঘাটি ১৪ %লৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা

author img

By

Published : May 10, 2020, 9:03 PM IST

নিউজ ডেস্ক, ১০ মে' : কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সংযুক্ত বিত্তীয় ঘাটি চলিত বিত্তীয় বৰ্ষত ১৩-১৪ শতাংশলৈ বৃদ্ধি হ'ব বুলি দেওবাৰে উল্লেখ কৰে ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্নৰ দুভ্ভুৰি চুব্বাৰাওৱে । লকডাউনৰ মাজতে কেন্দ্ৰই ২৫ মাৰ্চত ঘোষণা কৰা বিত্তীয় উদ্দীপক, ইয়াৰ বাবে পৰ্যাপ্ত নহয় বুলি কয় তেওঁ ।

"The Challenge of the Corona Crisis - Economic Dimensions" শীৰ্ষক ৱেবিনাৰত অংশগ্ৰহণ কৰি ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্নৰগৰাকীয়ে কয় যে, চৰকাৰে ঋণ লোৱাত অপেন চৰ্চৰ বিপৰীতে ইয়াক বন্ধ কৰি দিয়াত অধিক গুৰুত্ব প্ৰদান কৰিবলৈ কয় তেওঁ । কিয়নো এইসমূহ ব্যৱস্থাৰ ফলত সূদৰ হাৰ অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকে ।

"চৰকাৰে ঘোষণা কৰা বিত্তীয় সাহাৰ্য পূঁজি দেশৰ জনমুৰি আয়ৰ মাত্ৰ ০.৮ শতাংশ । এয়াই যথেষ্ট নহয় । বৰ্তমান ইয়াক বহুত কম যেনেই লাগে । দৰাচলতে চৰকাৰে অধিক বিনিয়োগ কৰাৰ প্ৰয়োজন আছে । আৰু এই দিশত তিনিটা খণ্ডত অধিক বিনিয়োগ কৰাৰ প্ৰয়োজন আছে । ব্যয়ৰ প্ৰথমটো বস্তু হৈছে জীৱিকাক সমৰ্থনকাৰী দিশসমূহ অধিক বৃদ্ধি কৰা ।" এইদৰে কয় চুব্বাৰাওৱে ।

যেতিয়াই ২৪ মাৰ্চত লকডাউন ঘোষণা কৰা হৈছিল, মিলিয়নসংখ্যক পৰিয়াল ইয়াৰ কৱলত আহিছিল আৰু বেছিভাগ পৰিয়ালৰে জমাৰাশি শেষ হৈ যোৱাৰ ফলত তেওঁলোকৰ জীৱন আৰু জীৱিকাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰাটো জৰুৰী হৈ পৰিছে । চৰকাৰে অধিক পৰিয়ালক সাঙুৰি ল'ব লাগিব, সাঙুৰি লোৱা পৰিয়ালসমূহক দীৰ্ঘদিনৰ বাবে অধিক পৰিমানে প্ৰদান কৰিব লাগিব । এইটো হ'ব চৰকাৰৰ ব্যয়ৰ বাবে প্ৰথম প্ৰত্যাহ্বান ।

উল্লেখ্য যে, ২৬ মাৰ্চত কেন্দ্ৰই পৰৱৰ্তী তিনি মাহৰ বাবে দুখীয়াসকলক খাদ্য আৰু ৰন্ধন গেছ যোগানৰ বাবে ১.৭০ লাখ কোটিৰ পূঁজি ঘোষণা কৰিছিল । ৰাজনৈতিক চিন্তাৰ উৰ্ধত আৰু নৈতিকতাৰ খাতিৰত চৰকাৰে এইক্ষেত্ৰত আৰু অধিক ব্যয় কৰিব লাগিব বুলি তেওঁ উল্লেখ কৰে । অধিক বিনিয়োগৰ বাবে চৰকাৰে অধিক ধাৰ কৰিব লাগিব । পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ধাৰৰ নিৰ্দিষ্ট সীমা নিৰ্ধাৰণ কৰি দিয়াটোত তেওঁ চৰকাৰৰ সৈতে সহমত নহয় বুলিও উল্লেখ কৰে ।

বাজেটত উত্থাপন কৰা অনুসৰি, কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ বিত্তীয় ঘাটি জিডিপিৰ ৬.৫ শতাংশ । লকডাউনৰ বাবে ৰাজহ ঘাটি, লকডাউনৰ বাবে নমিনেল জিডিপি হ্ৰাসে, বিত্তীয় ঘাটি জিডিপিৰ পৰা ১০ শতাংশৰো বাহিৰলৈ যাব ।

অতিৰিক্ত ধাৰে বিত্তীয় ঘাটি জিডিপিৰ ১৩ৰ পৰা ১৪ শতাংশলৈ বৃদ্ধি কৰিব । এইটো অতিকে বেছি আৰু জিডিপি তথা বিত্তীয় ঘাটিৰ ওপৰত ইয়াৰ সৰ্বাধিক ঋণাত্মক প্ৰভাৱ পৰিব ।

ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্নৰগৰাকীৰ মতে, ঘৰুৱা বিত্তীয় খণ্ডটো যথেষ্ট চাপৰ মাজত আছে, আৰু কোভিড-১৯ মহামাৰী অন্ত পৰাৰ পিচত এই চাপ আকৌ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । ভাৰতত জীৱন আৰু জীৱিকাৰ প্ৰত্যাহ্বান তীক্ষ্ণ হৈ পৰিছে, আমাৰ জনসংখ্যাৰ ঘনত্ব আৰু স্বাস্থ্য আন্তঃগাঁথনিৰ বাবে । প্ৰতিৰোধত কোনোবাখিনিত অকনমান যতি পৰিলেই দেশত মিলিয়নসংখ্যক লোকে মৃত্যুক সাৱতি ল'ব বুলি তেওঁ মন্তব্য় কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.