কৰিমগঞ্জ : জুন 9 :
কৰিগঞ্জত সপ্নাৰগোল গাঁৱত এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যু ৷ চিপ লৈ থকাৰ অৱস্থাত মৃতদেহটো উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি এতিয়া বিপাঙত পৰিছে আৰক্ষী ৷ স্বামীগৃহৰ মতে এইয়া আত্মহত্যাৰ ঘটনা আৰু বোৱাৰীগৰাকীৰ পৰিয়ালৰ মতে হত্যা কৰা হৈছে তেওঁক ৷ উল্লেখ্য যে পাঁচ বছৰ পূৰ্বে ৰাজেশ চন্দ্ৰ নামৰ লোকজনৰ সৈতে প্ৰেমবিবাহেৰে সংসাৰ তৰিছিল মধুমিতা দাসে ৷ কিন্তু বোৱাৰীগৰাকীৰ মাতৃৰ ভাষ্য অনুসৰি বিয়াৰ পাচৰ পৰাই ৰাজেশৰ পৰিয়ালত আৰম্ভ হয় কাজিয়া ৷ এই কাজিয়া পৰৱৰ্তী সময়ত হৈছিল পৰিছিল নিত্যনৈমিত্তিক ঘটনা ৷ এই কাজিয়াৰেই পৰিণতি স্বৰূপে নিজ কন্যাই জীৱন তেজিব লগীয়া হ'ল বুলি মন্তব্য কৰে মৃত বোৱাৰীগৰাকীৰ মাতৃয়ে ৷
আনহাতে, শনিবাৰেও স্বামী ৰাজেশৰ সৈতে কাজিয়া হোৱাৰ কথা স্বীকাৰ কৰিছে খোদ মহিলাগৰাকীৰ স্বামীয়ে ৷ প্ৰথমে কাজিয়া, তাৰ পাচত উদ্ধাৰ হয় চিপ লৈ থকা অৱস্থাত মধুমিতাৰ দেহ ৷ পৰিয়ালৰ লোকে ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে মহিলাগৰাকীক ৷ এই ঘটনাক সহজভাৱে মানি ল'ব নোৱাৰি বোৱাৰীগৰাকীৰ পিতৃৰ পৰিয়ালে ৰাজেশৰ বিৰুদ্ধে কৰিমগঞ্জ সদৰ থানাত তৰিছে এক গোচৰ ৷ বৰ্তমান স্বামী ৰাজেশ চন্দক আৰক্ষীয়ে আটক কৰি শোধাপোচা অব্যাহত ৰাখিছে ।
তদন্তৰ অন্ততহে পোহৰলৈ আহিব প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল মহিলাগৰাকীৰ ৷