গোলাঘাট, 15 জুন: ড্ৰাগছ প্ৰচলন বন্ধ আৰু ড্ৰাগছ ব্যৱসায়িক অতি শীঘ্ৰে কঠোৰ শাস্তি প্ৰদানৰ দাবীত শনিবাৰে গোলাঘাট জিলা ছাত্ৰ সন্থাই সাব্যস্ত কৰে এক প্ৰতিবাদী কাৰ্যসূচী ৷ অঞ্চলটোৰ ড্ৰাগছ ব্যৱসায়ীক অতি শীঘ্ৰে শাস্তি প্ৰদানৰ দাবীত গোলাঘাট জিলাৰ কাৰ্যালয়ৰ পৰা ছাত্ৰ সন্থাই উলিয়াই এক প্ৰতিবাদী সমদল ৷ সমদলটোৱে নগৰৰ মাজেৰে ড্ৰাগছ বিৰোধী বিভিন্ন শ্ল'গানৰে গৈ উপস্থিত হয় উপায়ুক্ত কাৰ্যালয়ৰ সমুখত ৷
প্ৰতিবাদকাৰীসকলে ড্ৰাগছ ব্যৱসায়িক উচিত শাস্তি প্ৰদান কৰক, গোলাঘাটত অতি শীঘ্ৰে ড্ৰাগছৰ প্ৰচলন বন্ধ কৰক আদি বিভিন্ন শ্লো'গানেৰে উত্তাল কৰি তোলে প্ৰতিবাদ স্থলী ৷ অতিশীঘ্ৰে যদিহে চৰকাৰে এই ক্ষেত্ৰত কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে কম সময়ৰ ভিতৰত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে গোলাঘাট জিলা ছাত্ৰ সন্থাই ৷
প্ৰতিবাদৰ অন্তত গোলাঘাট উপায়ুক্তৰ যোগেদি মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে সংগঠনটোৱে ৷ উল্লেখ্য যে, ইতিমধ্যেই গোলাঘাটত ড্ৰাগছ সেৱনৰ ফলত বহু যুৱক আসক্ত হোৱাৰ উপৰিও দুজন ছাত্ৰই মৃত্যুক আকোঁৱালি ল'ব লগা হয় ৷