ETV Bharat / briefs

ধুবুৰীত দুখন চোৰাং কাঠভৰ্তি ট্ৰাক জব্দ

author img

By

Published : Oct 17, 2020, 10:48 AM IST

পৰিবহণ বিভাগৰ তালাচী অভিযানত ধুবুৰীত বৃহৎ পৰিমাণৰ অবৈধ কাঠ জব্দ কৰিবলৈ সক্ষম হয় ।

ধুবুৰীত দুখন চোৰাং কাঠভৰ্তি ট্ৰাক জব্দ
ধুবুৰীত দুখন চোৰাং কাঠভৰ্তি ট্ৰাক জব্দ

ধুবুৰী,17 অক্টোবৰ : ধুবুৰীৰ বালাজানত অবৈধ কাঠভৰ্তি দুখন ট্ৰাক জব্দ । নিশা জিলা পৰিবহন বিভাগৰ অভিযানত জব্দ চোৰাং কাঠ ভৰ্তি ট্ৰাক দুখন ৷ ধুবুৰীত এতিয়াও অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা । তেনে সময়তে নিশা ধুবুৰী জিলা পৰিবহন বিভাগৰ তালাচী অভিযানত জব্দ বৃহৎ পৰিমাণৰ অবৈধ কাঠ ।

ধুবুৰীত দুখন চোৰাং কাঠভৰ্তি ট্ৰাক জব্দ
ধুবুৰীত দুখন চোৰাং কাঠভৰ্তি ট্ৰাক জব্দ

উল্লেখযোগ্য যে, ধুবুৰী জিলা পৰিবহণ বিভাগৰ সহকাৰী পৰিদৰ্শক আৰিফুল ইছলামৰ নেতৃত্বত এটি অভিযানকাৰী দলে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত তালাচী অভিযান চলায় । উক্ত অভিযানত মেঘালয়ৰ পৰা পাটনা অভিমুখে CB-04GB 1654 আৰু BR-01GG 9872 নম্বৰৰ অবৈধ কাঠভৰ্তি ট্ৰাক দুখন আহি থকাৰ সময়তে বালাজান অঞ্চলত আটক কৰিবলৈ সক্ষম হয় ।

ধুবুৰীত দুখন চোৰাং কাঠভৰ্তি ট্ৰাক জব্দ
ধুবুৰীত দুখন চোৰাং কাঠভৰ্তি ট্ৰাক জব্দ

উল্লেখ্য যে, ট্ৰাকদুখনত প্ৰায় ৩৬ টন চোৰাং কাঠ আছে বুলি পৰিবহণ বিভাগে জনাইছে । ইফালে পৰিবহণ বিভাগে বনবিভাগক খবৰ দি স্থানীয় বালাজান আৰক্ষী চকীত ট্ৰাকদুখন চমজাই দিয়ে । আৰক্ষীয়ে উক্ত ঘটনাৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : কল্পনা পাটোৱাৰীৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.