ETV Bharat / briefs

বিজেপিৰ এক তোলা সোণত লাভাম্বিত মুছলমান সম্প্ৰদায়ঃ হাগ্ৰামা মহিলাৰী - এবছু

"এসময়ত এনডিএফবিয়ে এবছু নেতাক হত্যা কৰি এতিয়া একেলগে ইউপিপিএল দলৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মক জয়ী কৰিবলৈ ৰাইজক আভুৱা ভাৰিছে ৷ এনডিএফবিয়ে বহু বড়ো নেতাক হত্যা কৰিছে আৰু আন জনগোষ্ঠীৰ ওপৰত অত্যাচাৰ কৰিছে তৎসত্বেও এবছু এতিয়া এনডিএফবিৰ সৈতে লগ হৈ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে

হাগ্ৰামা মহিলাৰীৰ নিৰ্বাচনী সভা
author img

By

Published : Apr 12, 2019, 10:43 PM IST

কোকৰাঝাৰ ১২ এপ্ৰিল : মানুহ হত্যা কৰা দলক ভোট নিদিবলৈ আহ্বান হাগ্ৰামা মহিলাৰীৰ ৷ শুকুৰবাৰে কোকৰাঝাৰ বনৰগাওঁৰ খাগ্ৰাবাৰীত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ এনেদৰে মন্তব্য কৰে মহিলাৰীয়ে ৷ ভাষণ প্ৰসংগত হাগ্ৰামাই কয়, "এসময়ত এনডিএফবিয়ে এবছু নেতাক হত্যা কৰি এতিয়া একেলগে ইউপিপিএল দলৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মক জয়ী কৰিবলৈ ৰাইজক আভুৱা ভাৰিছে ৷ এনডিএফবিয়ে বহু বড়ো নেতাক হত্যা কৰিছে আৰু আন জনগোষ্ঠীৰ ওপৰত অত্যাচাৰ কৰিছে তৎসত্বেও এবছু এতিয়া এনডিএফবিৰ সৈতে লগ হৈ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে । এনডিএফবিয়ে এবছুৰ কাৰ্যালয়,বজাৰ, বড়ো জনগোষ্ঠীৰ নেতাকে ধৰি কিমান ঠাইত কিমান গুলীচালনা কৰিছে সেয়া ৰাইজে পাহৰা নাই ৷ সেয়েহে এবছু , এনডিএফবি সমৰ্থিত প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মক ভোটাৰ ৰাইজে কাহানিও ভোট নিদিয়ে । এনেদৰে বিস্ফোৰক মন্তব্য প্ৰকাশ কৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ।

হাগ্ৰামা মহিলাৰীৰ নিৰ্বাচনী সভা

আনহাতে, নৱ কুমাৰ শৰণীয়া এইবাৰ কোনো ফেক্টৰেই নহয় বুলি উল্লেখ কৰি বিপিএফৰ বিজয় নিশ্চিত বুলি দাবী কৰে হাগ্ৰামা মহিলাৰীয়ে ৷ লগতে নিৰ্বাচনী প্ৰচাৰ অভিযান হাগ্ৰামা মহিলাৰীয়ে মিত্ৰ দল বিজেপি চৰকাৰৰ উন্নয়নৰ ক্ষতিয়ান দাঙি ধৰি বিজেপিৰ এক তোলা সোণত আটাইতকৈ মুছলমান লোকে লাভবান হৈছে বুলি বিতৰ্কিত মন্তব্য কৰে মহিলাৰীয়ে ৷

তাৰোপৰি মহিলাৰীয়ে মোডী চৰকাৰে মুছলমান লোক লাভাম্বিত হোৱাকৈ আচঁনি হাতত লৈছে বুলি উল্লেখ কৰি কেন্দ্ৰত পুনৰ বিজেপি চৰকাৰ আহিলে বিটিচিবাসী লোকৰ বাবে পঞ্চাশ পইচাত এক কিলো চাউল আৰু এক তোলা সোণ বৃদ্ধি কৰি দুই তোলা সোণ দিয়াৰ দাবী উত্থাপন কৰিব বুলিও মন্তব্য কৰে ৷

Intro:মানুহ হত্যা কৰা দলক ভোট নিদিবলৈ আহ্বান হাগ্ৰামা মাহিলাৰী।।

কোকৰাঝাৰ ১২ এপ্ৰিল : বিপিএফ দলে বিটিএডিবাসী ৰাইজৰ উন্নয়নৰ বাবে জন্ম লগ্নৰে পৰা কাম কৰি আহিছে আৰু আগলৈকে কৰি যাব ৷ বিৰোধী দল সমূহে যিমানে অপপ্ৰচাৰ, অভিযোগ উত্থাপন নকৰক কিয় বিপিএফ দলৰ বাহিৰে কোনো দলে এই অঞ্চলৰ উন্নয়ন কৰিব নোৱাৰে ৷ এই মন্তব্য কৰিছে বিপিএফ সভাপতি তথা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷

Body:আজি কোকৰাঝাৰ জিলাৰ বনৰগাওঁৰ খাগ্ৰাবাৰীত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ উক্ত মন্তব্য প্ৰকাশ কৰি এবছুক পুনৰবাৰ আক্ৰমনৰ লক্ষ্য হিচাপে বাছি লয় ৷ বিশাল প্ৰচাৰ সভাত হাগ্ৰামা মহিলাৰীয়ে ভাষনত কয় যে এসময়ত এনডিএফবিয়ে এবছু নেতাক হত্যা কৰি এতিয়া একেলগে ইউপিপিএল দলৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মক জয়ী কৰিবলৈ ৰাইজক আভুৱা ভাৰিছে ৷ এনডিএফবিয়ে বহু বড়ো নেতাক হত্যা কৰিছে আৰু আন জনগোষ্ঠীৰ ওপৰত অত্যাচাৰ কৰিছে তৎসত্বেও এবছু এতিয়া এনডিএফবিৰ সতে লগ হৈ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে । এনডিএফবিয়ে এবছুৰ কাৰ্যালয় , বজাৰ , বড়ো জনগোষ্ঠীৰ নেতাকে ধৰি কিমান ঠাইত কিমান গুলীচালনা  কৰিছে সেয়া ৰাইজে পাহৰা নাই , সেয়েহে এবছু , এনডিএফবি সমৰ্থিত প্ৰাৰ্থী  উৰ্খাও  গৌৰা ব্ৰহ্মক ভোটাৰ ৰাইজে কাহানিও ভোট নিদিয়ে । এই বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ।  

           কোকৰাঝাৰৰ বনৰগাঁওৰ খাগ্ৰাবাৰীত বিপিএফৰ এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বিটিচি প্ৰধান তথা বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে উক্ত বিস্ফোৰক মন্তব্য কৰি এবছু , এনডিএফবিক কঠোৰ ভাষাৰে সমালোচনা কৰে৷  বড়োৰ বহু নেতাক এনডিএফবিয়ে হত্যা কৰাৰ পিছত সেই এনডিএফবিৰ সতে এবছুৱে নিৰ্বাচন খেলা কাৰ্যই কি সূচাইছে বুলি উল্লেখ কৰি মহিলাৰীয়ে উৰ্খাও গৌৰা ব্ৰহ্মক ৰাইজে ভোট নিদিয়ে বুলি উল্লেখ কৰিছে । আনহাতে নৱ কুমাৰ শৰণীয়া এইবাৰ কোনো ফেক্টৰেই নহয় বুলি উল্লেখ কৰি বিপিএফৰ বিজয় নিশ্চিত বুলি দাবী কৰিছে । 

          ইপিনে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত পাঁচখন আসনৰ ভিতৰত চাৰিখনতেই বিজেপি আৰু মিত্ৰগোটে জয়লাভ কৰিবলৈ সক্ষম হব বুলি দাবী কৰিছে মহিলাৰীয়ে । নিৰ্বাচনী প্ৰচাৰ অভিযান হাগ্ৰামা মহিলাৰীয়ে মিত্ৰ দল বিজেপি চৰকাৰৰ উন্নযনৰ ক্ষতিয়ান দাঙি ধৰি বিজেপিৰ এক তোলা সোণত আটাইতকৈ মুছলমান লোকে লাভবান হৈছে বুলি মন্তব্য কৰে ৷ মহিলাৰীয়ে  মোডী চৰকাৰে মুছলমান লোক লাভাম্বিত হোৱাকৈ আচঁনি হাতত লৈছে বুলি উল্লেখ কৰি কেন্দ্ৰত পুনৰ বিজেপি চৰকাৰ আহিলে বিটিচিবাসী লোকৰ বাবে পঞ্চাশ পইচাত এক কিলো চাউল আৰু এক তোলা সোণ বৃদ্ধি কৰি দুই তোলা সোণ দিয়াৰ দাবী উত্থাপন কৰিব ৷ নিৰ্বাচনী সভাত হাগ্ৰামা মহিলাৰীয়ে কেন্দ্ৰত বিজেপি চৰকাৰ হবই বুলি দাবী কৰি ২০২০ চনত বিটিচিত পুনৰাই বিপিএফ দলৰে চৰকাৰ হব বুলিও দাবী কৰে ৷ বিজেপি চৰকাৰ পুনৰাই ক্ষমতাত আহিলে

আদিবাসী,কোচঁৰাজবংশীৰ জনগাতিকৰন হবই বুলি দৃঢ়তাৰে উল্লেখ কৰিছে ৷ বিশাল

নিৰ্বাচনী সভাত হাগ্ৰামা মহিলাৰীয়ে এবছু সভাপতি প্ৰমোদ মড়োক পুনৰাই  বেপাৰী আখ্যা দি বড়ো ৰাজ্য লাগে বুলি আন্দোলন চলোৱা এবছুুুুৱে নিৰ্বাচনী ইস্তাহাৰত বড়ো ৰাজ্যৰ প্ৰসংগ কিয় উল্লেখ নকৰিলে বুলি প্ৰশ্ন উত্থাপন কৰে ৷ 

আজিৰ নিৰ্বাচনী প্ৰচাৰ সভাত ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰীয়ে অংশগ্ৰহণ কৰি এবছু আৰু ইউপিপিএল দলক ক্ষুৰধাৰ সমালোচনা কৰি বিজেপি চৰকাৰৰ বিভিন্ন আচঁনিৰ ক্ষতিয়ান দাঙি ধৰে ৷

Conclusion:আজিৰ নিৰ্বাচনী সভাত বিটিচিৰ কাৰ্যবাহী সদস্য ক্ৰমে- দনেশ্বৰ গয়াৰী,ৰাজীৱ কুমাৰ ব্ৰহ্ম,প্ৰাক্তন বিএলটি কল্যান পৰিষদৰ অধ্যক্ষ জনমোহন মুছাহাৰী কে ধৰি প্ৰায় দহ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.