বিশ্বনাথ, ১ অক্টোবৰ : ২৯ চেপ্তেম্বৰ পৰা চলি থকা ৰাষ্ট্ৰীয় অনলাইন “Poomsae টাইকোৱাণ্ডো” প্ৰতিযোগিতাত অসম দলৰ হৈ বিশ্বনাথৰ দুই ছাত্ৰীয়ে অংশগ্ৰহণ কৰি পদক অৰ্জন কৰিবলৈ সক্ষম হয় । দুৰ্দান্ত প্ৰৰ্দশনৰে নয়নী গগৈয়ে সোণৰ পদক আৰু প্ৰিয়দৰ্শনী লামাই ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়।
উক্ত প্ৰতিযোগিতা খনি আয়োজন কৰে ভাৰতীয় টাইকোৱাণ্ডো সংঘ (Taekwondo Federation Of India) ৰ অধীনত ওড়িশা টাইকোৱাণ্ডো সংস্থাই।
উল্লেখ্য যে, বিশ্বনাথৰ চেম্পিয়নছ্ মেকাৰ একাডেমীত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষক হৃদয়ানন্দ দাসৰ তত্বাৱধানত এই দুগৰাকী খেলুৱৈয়ে নিয়মীয়াকৈ অনুশীলন চলাই আছে । চেম্পিয়েনছ মেকাৰ অকাডেমীৰ লগতে সদৌ অসম টাইকোৱাণ্ডো সংস্থাৰ সম্পাদক ৰেৱ কান্ত গগৈ, সভাপতি অৰ্জুন বৰ্মনে দুই খেলুৱৈক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।
লগতে পঢ়ক: SI কেলেংকাৰী : নলবাৰী আৰক্ষীৰ জালত পুনৰ চাৰি অভিযুক্ত