বাক্সা, ১১ ফোব্ৰুৱাৰী: সমগ্ৰ ৰাজ্যতে জনজাতি কৰণক লৈ সোমবাৰে আদিবাসী ছাত্র সন্থাই আহ্বান জনোৱা ১২ ঘন্টীয়া অসম বন্ধৰ প্ৰভাৱ পৰিলক্ষিত হয়। বাক্সাৰ আদিবাসী অধ্যক্ষিত অঞ্চল সমূহতো এই অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ দেখা গ'ল।
সোমবাৰে পুৱা বন্ধৰ সমৰ্থক সকলে অতিশিঘ্ৰই আদিবাসী সকলক জনজাতিৰ মৰ্য্যদা দিবলৈ বাক্সাৰ বাছবাৰীত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে । আনহাতে বন্ধৰ সময়ছোৱাত বৰ্তমান লৈকে কোনো ধৰণৰ অপৃতিকৰ ঘটনা সংঘটিত হোৱা নাই ।