ETV Bharat / bharat

Delhi flood situation : বিপদসীমাৰ ওপৰেৰে বৈছে যমুনা: সোনকালে জলস্তৰ হ্ৰাস হোৱাৰ সম্ভাৱনা

দিল্লীৰ মন্ত্ৰী আতিশী আৰু লেফটেনেণ্ট গৱৰ্ণৰে দিল্লীৰ বিভিন্ন বানপীড়িত অঞ্চল পৰিদৰ্শন কৰিছে । বানপীড়িতসকলৰ পৰিস্থিতিৰ বুজ লৈছে । সোনকালে জলস্তৰ হ্ৰাস হোৱাৰ সম্ভাৱনা ।

author img

By

Published : Jul 17, 2023, 11:16 AM IST

Delhi flood situation
সোনকালে যমুনাৰ জলস্তৰ হ্ৰাস হোৱাৰ সম্ভাৱনা

নেশ্যনেল ডেস্ক,১৭ জুলাই : বিগত কেইবাদিনো ধৰি দিল্লীত যমুনা নদীৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ আছে । অৱশ্যে দেওবাৰৰ পৰা যমুনাৰ জলস্তৰ কিছু হ্ৰাস হোৱা দেখা গৈছে । পুৰণি ৰে'লৱে দলঙত নিশা ১১ বজাত জলস্তৰ ২০৫.৫০ মিটাৰত উপনীত হৈছিল । তথাপিও জলস্তৰ এতিয়াও ২০৫.৩৩ মিটাৰ বিপদসীমাৰ ওপৰত আছে । বিষয়াসকলে জনোৱা মতে ই সোনকালেই হ্ৰাস হোৱাৰ সম্ভাৱনা আছে । ইয়াৰ পূৰ্বে, দেওবাৰে নিশা ৮ বজাত দিল্লীৰ যমুনা নদীৰ জলস্তৰ ২০৫.৫৬ মিটাৰ আছিল ।

দিল্লীৰ ৰাজহ মন্ত্ৰী আতিশীয়ে দেওবাৰে কয় যে যমুনাৰ জলস্তৰ দ্ৰুতগতিত হ্ৰাস পাইছে আৰু তেওঁলোক আশাবাদী সোনকালে যমুনাৰ পানী বিপদসীমাৰ তলত থাকিব । চৰকাৰৰ প্ৰধান লক্ষ্য হৈছে দিল্লীক স্বাভাৱিক অৱস্থালৈ ঘূৰাই লৈ যোৱা আৰু যি সকলে তেওঁলোকৰ ঘৰ এৰিব লগা হৈছে তেওঁলোকৰ বাবে সাহায্য আৰু পুনৰ্সংস্থাপনৰ ব্যৱস্থা কৰা । কিন্তু ৰাজধানী চহৰৰ বহু ঠাইত এতিয়াও পানী জমা হৈ আছে । ৰাজপথৰ পৰা পানী উলিওৱাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে ।

ইয়াৰপূৰ্বে দিল্লীৰ মন্ত্ৰী আতিশী আৰু লেফটেনেণ্ট গৱৰ্ণৰ ভি কে চাক্সেনাই ৰাজ ঘাট, শান্তিভান আৰু লালকিল্লা অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় । দিল্লীত যমুনা নদীৰ জলস্তৰ ১০ জুলাইৰ সন্ধিয়া ৫ বজাত ২০৫.৩৩ মিটাৰ বিপদসীমা অতিক্ৰম কৰিছিল । কেন্দ্ৰীয় জল আয়োগে ইতিমধ্যে পূৰ্বানুমান কৰিছে যে কম সময়ৰ ভিতৰতে জলস্তৰ হ্ৰাস হ'ব ।

জানিব পৰা মতে দিল্লীৰ বানপীড়িত জিলাসমূহত উদ্ধাৰ অভিযানৰ বাবে এনডিআৰএফৰ ১৭ টা দল মোতায়েন কৰা হৈছে । এনডিআৰএফৰ দলে ৭২৪১ গৰাকী লোক আৰু ৯৫৬ টা পশুধন স্থানান্তৰ কৰিছে ।

উদ্ধাৰ হোৱা ৯০৮ গৰাকী লোকক প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হৈছে । জানিব পৰা মতে দিল্লীৰ ৬ খন জিলাৰ বানপীড়িত অঞ্চলৰ পৰা প্ৰায় ২৬,৪০১ গৰাকী লোকক স্থানান্তৰ কৰা হৈছে । তাৰ ভিতৰত প্ৰায় ২১,৫০৪ গৰাকী লোকে ৪৪ টা অস্থায়ী শিবিৰত আশ্ৰয় লৈছে ।

লগতে পঢ়ক :Delhi flood condition : দিল্লীত বান, ৰাইজক সহায়ৰ বাবে সেনাৰ অভিযান অব্যাহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.