ETV Bharat / bharat

Petroleum Products Storage : ত্ৰিপুৰাত পেট্ৰোলিয়ামজাত সামগ্ৰী মজুত ভঁৰাল নিৰ্মাণ - Prime Minister Garib Kalyan Anna Yojana

ত্ৰিপুৰাৰ চেপাহিজালা জিলাৰ অন্তৰ্গত চেকাৰকোটত পেট্ৰ'লিয়াম সামগ্ৰীৰ বাবে বাফাৰ ষ্টোৰেজ স্থাপনৰ বাবে নিৰ্মাণকাৰ্য আৰম্ভ কৰা হৈছে আৰু ২০২৫ চনৰ ভিতৰত এই কাম সম্পূৰ্ণ কৰা হ'ব (buffer storage for petroleum products) ।

Tripura
Tripura
author img

By

Published : Oct 30, 2022, 5:47 PM IST

আগৰতলা, ৩০ অক্টোবৰ : ত্ৰিপুৰাৰ চেপাহিজালা জিলাৰ অন্তৰ্গত চেকাৰকোটত পেট্ৰ'লিয়াম সামগ্ৰীৰ বাবে বাফাৰ ষ্টোৰেজ স্থাপনৰ বাবে নিৰ্মাণকাৰ্য আৰম্ভ কৰা হৈছে আৰু ২০২৫ চনৰ ভিতৰত এই কাম সম্পূৰ্ণ কৰা হ'ব (buffer storage for petroleum products) ।

এক সংবাদমেল সম্বোধন কৰি খাদ্য বিভাগৰ বিশেষ সচিব (Special Secretary of Food Department) সন্দীপ আৰ ৰাথোৰে কয়, ৰাজ্যখনত পেট্ৰ'ল আৰু ডিজেলৰ বাফাৰ ষ্টোৰেজ আন্তঃগাঁথনি সম্প্ৰসাৰিত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ সমন্বিত প্ৰচেষ্টাৰ ফলস্বৰূপে ইণ্ডিয়ান অইল কৰ্পোৰেচন লিমিটেডে (Indian Oil Corporation Limited) চেকাৰকোটত ৬৮০ কোটি টকা ব্যয়েৰে ২১,০০০ কিলোলিটাৰ সঞ্চয় ক্ষমতাৰ ৰে'লৱে ডিপো নিৰ্মাণৰ প্ৰকল্প হাতত লৈছে (buffer storage construction in Tripura) ।

"এই প্ৰকল্পটোৰ নিৰ্মাণকাৰ্য ইতিমধ্যে আৰম্ভ হৈছে আৰু ২০২৫ চনৰ ছেপ্টেম্বৰ মাহৰ ভিতৰত এই প্ৰকল্পটো সম্পূৰ্ণ কৰাৰ লক্ষ্য ৰখা হৈছে । এই নতুন ৰে'লৱে ডিপোৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত ৰাজ্যখনত প্ৰায় ২৫-৩০ দিনৰ বাবে পেট্ৰ'ল আৰু ডিজেলৰ বাফাৰ ষ্টক ৰখাটো সম্ভৱ হ'ব ।" তেওঁ কয় ।

তেওঁ লগতে জনায় যে ৰাজ্য চৰকাৰে শেহতীয়াকৈ ৰাজ্যজুৰি ২৫২ খন সুলভ মূল্যৰ দোকান (fair price shop) খুলিছে আৰু যাৰ ফলত ৫০৪ টা নতুন নিযুক্তিৰ সুবিধা সৃষ্টি হৈছে ।

"ৰাজ্যখনত আৰু ২৫২ খন নতুন ৰেচন দোকান বা সুলভ মূল্যৰ দোকান খোলা হৈছে । এই নতুন ৰেচন দোকানকেইখন খোলাৰ ফলত মুঠ ৫০৪ টা নিযুক্তিৰ সুবিধা সৃষ্টি হৈছে । ৰাজ্য চৰকাৰৰ নাৰী সবলীকৰণ কাৰ্যসূচীৰ অংশ হিচাপে নতুন ৰেচন দোকানৰ বাবে ডিলাৰশ্বিপ প্ৰদান কৰাত মহিলাসকলক অগ্ৰাধিকাৰ দিয়া হৈছে ।"

তেওঁ কয় যে কৰোনা মহামাৰীৰ প্ৰভাৱৰ পৰা সাধাৰণ লোকসকলক যিমান সম্ভৱ ৰক্ষা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাৰ (Prime Minister Garib Kalyan Anna Yojana) অধীনত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ (National Food Security Act) অধীনত হিতাধিকাৰীসকলক নিয়মীয়া আবণ্টনৰ উপৰি ৫ কিলোগ্ৰাম হাৰত বিনামূলীয়া খাদ্যশস্য বিতৰণ কৰা হৈছে ।

"২০২০ চনৰ এপ্ৰিলৰ পৰা চলিত বৰ্ষৰ ছেপ্টেম্বৰলৈকে ২৫ মাহত এই আঁচনিৰ অধীনত মুঠ ২ লাখ ১৮ হাজাৰ ৮০৮ মেট্ৰিক টন চাউল আৰু ৪,৩৮১ মেট্ৰিক টন মাহশস্য বিনামূলীয়াকৈ বিতৰণ কৰা হৈছে । শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে এই আঁচনিৰ ম্যাদ এই বছৰৰ ডিচেম্বৰলৈকে বৃদ্ধি কৰিছে । ইয়াৰ ফলস্বৰূপে ৰাজ্যখনৰ খাদ্য সুৰক্ষা আইনৰ অধীনত ৫ লাখ ৯৬ হাজাৰ পৰিয়াল বিশেষভাৱে লাভান্বিত হ'ব ।" তেওঁ লগতে কয় ।

লগতে পঢ়ক :New Traffic guidelines in Guwahati: ষট পূজা উপলক্ষে গুৱাহাটীৰ মহানগৰীত যান-বাহন চলাচলত নতুন নিৰ্দেশনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.