ETV Bharat / bharat

Women reservation Bill: মহিলা সংৰক্ষণ বিধেয়ক ভাৰতীয় ৰাজনীতিত এক অস্থায়ী সমাধান-বিশ্লেষণ - Women reservation Bill

প্ৰায় এক দশক ধৰি বিতৰ্কৰ বিষয় হৈ থকা মহিলা সংৰক্ষণ বিধেয়কে আকৌ এবাৰ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে ৷ ইয়াৰ দ্বাৰা মহিলাসকল কিমান লাভৱান্বিত হ’ব ৷ এই সন্দৰ্ভত এক বিস্তৃত প্ৰতিবেদন...

Women reservation Bill
Women reservation Bill
author img

By ETV Bharat Assamese Team

Published : Sep 20, 2023, 5:44 PM IST

নেশ্যনেল ডেস্ক, 20 ছেপ্টেম্বৰ: সদনত মহিলা সংৰক্ষণ বিধেয়ক অৱশেষত গৃহীত হয় যদিও ই 2024 চনৰ লোকসভা নিৰ্বাচনত কাৰ্যকৰী নহ'ব । অৱশ্যে, যেতিয়া কাৰ্যকৰী হ’ভ, ইয়াৰ দ্বাৰা সংসদ আৰু বিধানসভাত মহিলাৰ প্ৰতিনিধিত্ব যথেষ্ট বৃদ্ধি হ’ব ৷ মুঠ 33.33 শতাংশ আসন সংৰক্ষণ হ’ব মহিলাৰ বাবে ৷

বৰ্তমান, 543 জন সাংসদক লৈ গঠিত লোকসভাত মহিলা সাংসদৰ সংখ্যা 181 লৈ বৃদ্ধি পাব । এই বৃদ্ধি কেৱল সাধাৰণ আসনতে সীমাবদ্ধ নহয় ৷ ই অনুসূচীত জাতি-জনজাতি মহিলালৈও প্ৰসাৰিত ৷ অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত আসন থাকিব ৷

বৰ্তমান, লোকসভাত অনুসূচীত জাতিৰ বাবে 84 খন আৰু অনুসূচীত জনজাতিৰ বাবে 47 খন আসন সংৰক্ষিত হৈ আছে । মহিলা সংৰক্ষণ কাৰ্যকৰী হোৱাৰ পিছত, এই 131 খন আসনৰ ভিতৰত 44 খন অনুসূচীত জাতি-জনজাতি মহিলাৰ বাবে সংৰক্ষিত কৰা হ'ব । বাকী 362 খন আসন পুৰুষ আৰু মহিলা উভয়ৰে বাবে মুকলি থাকিব । অৱশ্যে, এইটো মন কৰাটো গুৰুত্বপূৰ্ণ যে এই আইন কেৱল লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব ৷

মহিলা সংৰক্ষণ বিধেয়কৰ ওপৰত বিতৰ্ক কেৱল আইনী বিষয়েই নহয়, ই ভাৰতৰ ৰাজনীতিৰ অৱস্থা প্ৰতিফলিত কৰা এক দাপোনো । বিভিন্ন ক্ষেত্ৰত মহিলাসকলে যথেষ্ট অগ্ৰগতি লাভ কৰা স্বত্বেও ৰাজনীতিত মহিলাৰ প্ৰতিনিধিত্ব স্থবিৰ হৈ আছে । ভাৰতৰ ৰাজনৈতিক দৃশ্যপট পুৰুষ প্ৰধান হৈ আছে আৰু পৰম্পৰাগত পুৰুষতান্ত্ৰিক নিয়মবোৰে সিদ্ধান্ত গ্ৰহণত প্ৰভাৱ পেলাই আহিছে ৷

1993 চনত পঞ্চায়তি ৰাজ ব্যৱস্থা মহিলাসকলৰ বাবে এক-তৃতীয়াংশ সংৰক্ষণ প্ৰৱৰ্তন কৰাটো এক পদক্ষেপ আছিল ৷ কিন্তু ‘চৰপঞ্চ পতি’ (Sarpanch Pati) প্ৰণালীৰ স্থিৰতাই তত্ত্ব আৰু অনুশীলনৰ মাজৰ ব্যৱধান প্ৰদৰ্শন কৰে । এনে বহুতো উদাহৰণ আছে য’ত মহিলাসকলে নিৰ্বাচনত জয়ী হোৱাৰ পাছতো কিন্তু প্ৰকৃত কৰ্তৃত্ব কমকৈ লাভ কৰে ৷ এই বৈষম্যই এনে ব্যৱস্থাৰ কাৰ্যকৰীতাৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰে ।

ভাৰতৰ ৰাজনৈতিক দলবোৰে এই ব্যৱস্থাৰ বিৰুদ্ধে কেতিয়াবাহে এক শক্তিশালী স্থিতি গ্ৰহণ কৰে ৷ ফলত লিংগ বৈষম্যক চিৰস্থায়ী হৈ পৰিছে ৷ মহিলা সংৰক্ষণ বিধেয়কে ৰাজনৈতিক দলসমূহৰ বাবে ৰাজনীতিত লিংগ সমতাৰ বাবে এক অনন্য সুযোগ প্ৰদান কৰে ৷

সম্প্ৰতি প্ৰতিটো ৰাজনৈতিক দল মহিলা সৱলীকৰণক একে মুখে সমৰ্থন কৰিছে বাস্তৱত ইয়াৰ স্বৰূপ বেলেগ ৷ 2019 চনৰ লোকসভা নিৰ্বাচনত, মুঠ 543 খন আসনৰ মাত্ৰ 14 শতাংশ মহিলাই দখল কৰিছিল, 78 গৰাকী মহিলা সাংসদে সংসদত স্থান লাভ কৰিছিল । ৰাজ্যিক বিধানসভাতো একে ধৰণৰ ছবি দেখিবলৈ পোৱা যায় ৷ ফলত মহিলাৰ প্ৰতিনিধিত্ব প্ৰায়ে 10 শতাংশলৈ অৱনমিত হয় ৷

ৰাজনীতিত স্বজনতোষণ হৈছে এক ডাঙৰ সমস্যা ৷ ৰাজনৈতিক দলবোৰে সঘনাই ইটো দলে সিটো দলক দোষাৰোপ কৰে ৷ প্ৰশ্ন উত্থাপিত হয়- মহিলাৰ সংৰক্ষণে ৰাজনীতিত স্বজনতোষণ সমাপ্ত কৰিব নে ?

বিশেষজ্ঞসকলে ক’ব খোজে যে মহিলা সংৰক্ষণ বিধেয়ক ৰূপায়ণৰ ফলত জনসংখ্যা, সংৰক্ষণ আৰু সীমানিৰ্ধাৰণৰ ওপৰত আধাৰিত কৰি লোকসভা আৰু বিধানসভা আসনৰ পুনৰ বিতৰণ হ'ব । ফলস্বৰূপে, এয়া সম্ভৱ যে একেৰাহে নিৰ্বাচনত এগৰাকী মহিলাৰ বাবে আসন সংৰক্ষণ কৰা নহ'ব পাৰে ৷

ইয়াৰ ফলত, তত্ত্বগতভাৱে, পৰিয়াল কেন্দ্ৰিক ৰাজনীতিৰ স্থায়ীকৰণ হ্ৰাস হ'ব পাৰে । অৱশ্যে, তেওঁলোকে মহিলাৰ অংশগ্ৰহণক প্ৰকৃততে সমৰ্থন কৰাটো নিশ্চিত কৰাৰ দায়িত্ব ৰাজনৈতিক দলবোৰৰ ওপৰত থাকিব ৷

মহিলা সংৰক্ষণ বিধেয়কখন আইনত পৰিণত হ’ব আৰু কাৰ্যকৰী হ’ব বুলি ধৰি লৈ মহিলাসকলে পৰৱৰ্তী 15 বছৰৰ বাবে সংৰক্ষণৰ পৰা লাভান্বিত হ'ব । অৱশ্যে, প্ৰশ্ন উত্থাপিত হয়- মহিলাসকলৰ বাবে 15 বছৰৰ সংৰক্ষণ পৰ্যাপ্ত নেকি ?

ছত্তীশগড় ৰাজ্যিক নিৰ্বাচন আয়োগৰ প্ৰাক্তন আয়ুক্ত আৰু অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া ড৹ সুশীল ত্ৰিবেদীয়ে কয় যে ধাৰণা হিচাপে মহিলা সংৰক্ষণ বাতিল কৰাটো সম্ভৱ নহ'বও পাৰে । তেওঁৰ মতে, বিধেয়কখন 15 বছৰৰ বাবে প্ৰস্তুত কৰা হৈছে, প্ৰতিটোত পাঁচ বছৰৰ তিনিটা চৰ্তত এক-তৃতীয়াংশ সংৰক্ষণ সম্পূৰ্ণ কৰা হৈছে ।

এই সময়ৰ পিছত, সংবিধান প্ৰতিষ্ঠা হোৱাৰ সময়ত সংৰক্ষণৰ বাবে 10 বছৰীয়া পুনৰ বিবেচনা প্ৰক্ৰিয়াৰ দৰে আইনখন সম্প্ৰসাৰিত কৰা হ'ব নে নাই সেয়া সংসদৰ ওপৰত নিৰ্ভৰ কৰিব ।

মহিলা সংৰক্ষণ বিধেয়কে ভাৰতীয় ৰাজনীতিত লিংগ বৈষম্য দূৰ কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ প্ৰতিনিধিত্ব কৰে । যদি সফলতাৰে কাৰ্যকৰী কৰা হয়, ই অধিক মহিলাৰ অংশগ্ৰহণ আৰু প্ৰভাৱৰ পথ প্ৰশস্ত কৰিব পাৰে । অৱশ্যে, ই মহিলাৰ সৱলীকৰণৰ প্ৰতি ৰাজনৈতিক দলবোৰৰ প্ৰকৃত প্ৰতিশ্ৰুতি, পুৰুষতান্ত্ৰিক নিয়মৰ স্থিৰতা, আৰু স্বজনতোষণৰ সম্ভাৱ্য পৰিণামৰ বিষয়েও প্ৰশ্ন উত্থাপন কৰে ।

লগতে পঢ়ক: Womens Reservation Bill: লোকসভাত নাৰী সংৰক্ষণ বিধেয়ক বিতৰ্কৰ নেতৃত্বত ছোনিয়া গান্ধী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.