ETV Bharat / bharat

Crime in Delhi: ডিজে বজোৱাত বাধা দিয়া বাবেই গৰ্ভৱতী মহিলাক গুলীয়াই হত্য়া

author img

By

Published : Apr 10, 2023, 1:27 PM IST

Updated : Apr 10, 2023, 3:01 PM IST

দিল্লীত উচ্চ স্বৰত সংগীত বজোৱাত বাধা দিয়া বাবে হত্য়াকাণ্ড (Murder in Delhi)। এই সন্দৰ্ভত ইতিমধ্য়ে দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ।

Murder in Samaypur Badli of Delhi
উচ্চ স্বৰত সংগীত বজোৱাত বাধা দিয়া বাবে হত্য়াকাণ্ড

নেশ্য়নেল ডেস্ক, ১০ এপ্ৰিল: দিল্লীৰ সময়পুৰ বদলী অঞ্চলত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা । চুবুৰীয়াই উচ্চ স্বৰত সংগীত বজোৱাত আপত্তি দৰ্শোৱাৰ পিচতেই কোনো কথাৰ অৱতৰণা নকৰাকৈয়ে এগৰাকী ৩০ বছৰীয়া গৰ্ভৱতী মহিলাক গুলীওৱাৰ ঘটনাই চাঞ্চল্য়ৰ সৃষ্টি কৰিছে (Murder in Samaypur Badli of Delhi)। চুবুৰীয়াৰ গুলীত আহত মহিলাগৰাকীক পিচত চিকিৎসাত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতেই তেওঁৰ মৃত্যু হয় ।

দেওবাৰে দিল্লী আৰক্ষীয়ে এই ঘটনাটোৰ বিষয়ে সদৰী কৰিছে । ইতিমধ্য়ে এই সন্দৰ্ভত দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে বুলি দিল্লী আৰক্ষীৰ সূত্ৰত প্ৰকাশ (Delhi police arrest murder accused)। আৰক্ষীয়ে উল্লেখ কৰা মতে,নিহত মহিলাগৰাকী আঠ মাহৰ গৰ্ভৱতী আছিল ।

এই ঘটনাটোৰ বিষয়ে উল্লেখ কৰি আৰক্ষীয়ে কয়,"যোৱা 3 এপ্ৰিলৰ পুৱা সময়পুৰ বদলী আৰক্ষী থানাত এগৰাকী মহিলাক তেওঁৰ চুবুৰীয়াই গুলীয়াইছিল বুলি অভিযোগ কৰে । তেওঁ চুবুৰীয়াক ডিজে বন্ধ কৰিবলৈ কোৱাৰ পিচতেই ঘটনাটো সংঘটিত হয় । ইতিমধ্য়ে অভিযুক্তজনক হৰিশ বুলি চিনাক্ত কৰা হৈছে ।"

আৰক্ষীয়ে পুনৰ কয়,"এই খবৰ লাভ কৰাৰ পিচত আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় যদিও আঘাতপ্ৰাপ্ত মহিলাগৰাকীক ইতিমধ্য়ে শালিমাৰ বাগ দিল্লীৰ মেক্স চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল (Max Hospital Shalimar Bagh Delhi)। আৰক্ষীয়ে ইয়াৰ পিচতেই ঘটনাটোৰ তদন্ত আৰম্ভ কৰে ।" পিচত আৰক্ষীয়ে এগৰাকী প্ৰত্যক্ষদৰ্শীৰ ভাষ্যও লিপিবদ্ধ কৰে । এই প্ৰত্যক্ষদৰ্শীগৰাকী আহত মহিলাগৰাকীৰ ভগ্নী বুলিও আৰক্ষীয়ে কয় ।

প্ৰত্যক্ষদৰ্শীগৰাকীয়ে এই সন্দৰ্ভত কয় ,"হৰিশ সময়পুৰ বদলী অঞ্চলৰ একেটা কলনীত পথৰ সিপাৰে বাস কৰে । যোৱা 2 এপ্ৰিলত হৰিশৰ পুত্ৰৰ এক অনুষ্ঠান আছিল য'ত ডিজে বজোৱা হৈছিল । মই আৰু মোৰ ভগ্নী ৰঞ্জু বাৰান্দালৈ আহি হৰিশক ডিজে বন্ধ কৰিবলৈ কৈছিলো । ইয়াৰ পিচত অমিতৰ পৰা বন্দুক লোৱা হৰিশে গুলী চালনা কৰে ।"

লগতে পঢ়ক:Karnataka Polls 2023: বিধানসভা নিৰ্বাচনৰ পূৰ্বে কৰ্ণাটকত ১০ দিনত নগদ ধনসহ ১০০ কোটি টকাৰ সামগ্ৰী জব্দ

Last Updated : Apr 10, 2023, 3:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.