ETV Bharat / bharat

Odisha murder case : মংগলা কোঠিত নৰ বলিৰ সন্দেহত মহিলা বেজসহ চাৰিজনক গ্ৰেপ্তাৰ

author img

By

Published : Jul 31, 2023, 1:57 PM IST

ওড়িশাত চাঞ্চল্যকৰ ঘটনা । মাতৃয়ে পৰম্পৰাগত চিকিৎসাৰ বাবে পুত্ৰক কোঠিলৈ লৈ গৈছিল । পাছত পুত্ৰৰ ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ । নৰ বলিৰ সন্দেহ ৰাইজৰ । মহিলা বেজ আৰু তেওঁৰ ৩ পুত্ৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।

Odisha murder case
কিশোৰক হত্যাৰ অভিযোগত মহিলা বেজ আৰু ৩ পুত্ৰক গ্ৰেপ্তাৰ

নেশ্যনেল ডেস্ক,৩১ জুলাই : ১৪ বছৰীয়া কিশোৰক বলি দিয়াৰ অভিযোগত ওড়িশা আৰক্ষীয়ে ৪ জন লোকক গ্ৰেপ্তাৰ কৰে । সোমবাৰে আৰক্ষীয়ে ৰাজ্যখনৰ আংগুল জিলাৰ পৰা অভিযুক্ত কেইজনক গ্ৰেপ্তাৰ কৰে । জানিব পৰা মতে আৰক্ষীয়ে কিশোৰজনক হত্যাৰ অভিযোগত এগৰাকী পৰম্পৰাগত বেজ আৰু তেওঁৰ ৩ পুত্ৰক গ্ৰেপ্তাৰ কৰে । নিহত কিশোৰজন হৈছে সঞ্চিত বিছৱাল ।

জিলাখনৰ কিয়াকাটা আৰক্ষী থানাৰ অন্তৰ্গত সুবৰ্ণপুৰ গাঁৱত ঘৰ আছিল কিশোৰজনৰ । ধৃত লোকসকল মহিলা বেজ ৰিতাঞ্জলি বাগ আৰু তেওঁৰ ৩ পুত্ৰ ক্ৰমে দিব্যাৰঞ্জন, সৌম্যৰঞ্জন আৰু জ্যোতিৰঞ্জন বুলি জানিব পৰা গৈছে ।

স্থানীয় লোকসকলৰ মতে সঞ্চিতৰ স্বাস্থ্যৰ অৱস্থা ভাল নাছিল । সেয়ে মাতৃ বাসন্তীয়ে তেওঁক ২২ জুলাইত ৰিতাঞ্জলি বাগৰ দ্বাৰা পৰিচালিত দেৱী মংগলাৰ এক বিশেষ উপাসনা স্থলী মংগলা কোঠিলৈ লৈ গৈছিল । নিশা সঞ্চিত আৰু তেওঁৰ মাতৃ কোঠিৰ পৃথক কোঠাত আছিল । পিছদিনা পুৱা সঞ্চিত সন্ধানহীন হৈ পৰিছিল ।

পৰিয়ালৰ লোকসকলে তেওঁক বিচাৰি অনুসন্ধান আৰম্ভ কৰিছিল । মাতৃ বাসন্তীয়ে কিয়াকাটা আৰক্ষী থানাত এই সন্দৰ্ভত এটা নিৰুদ্দেশৰ গোচৰ ৰুজু কৰে । কিন্তু ২৮ জুলাইত বাৰুনী বনাঞ্চলত সঞ্চিতৰ ক্ষত বিক্ষত মৃতদেহ গছত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হয় । লগে লগে অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় । আনকি আৰক্ষীৰ বিৰুদ্ধে ৰাইজে প্ৰতিবাদো আৰম্ভ কৰে । প্ৰতিবাদৰ অংশস্বৰূপে প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ বাহনত অগ্নিসংযোগ কৰে ।

আৰক্ষীয়ে মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰে আৰু মংগলা কোঠি বন্ধ কৰি দিয়ে । আৰক্ষীয়ে জনোৱা মতে ইতিমধ্যে হত্যাকাণ্ডৰ মূল অভিযুক্ত মহিলা বেজ আৰু তেওঁৰ ৩ পুত্ৰক গ্ৰেপ্তাৰ কৰা হৈছে । ধৃত লোকসকলে এই অপৰাধৰ কথা আংশিকভাৱে স্বীকাৰ কৰিছে । অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু ফৰেন্সিক পৰীক্ষাৰ প্ৰতিবেদনৰ বাবে আৰক্ষীয়ে অপেক্ষা কৰি আছে ।

আৰক্ষীয়ে জনোৱা মতে গোচৰটোৰ অধিক তদন্তৰ বাবে অভিযুক্তসকলক আৰক্ষীয়ে জিম্মাত বিচাৰিব । বহুতে ইয়াক নৰবলি বুলি সন্দেহ কৰিছে যদিও সেয়া আৰক্ষীয়ে স্পষ্ট কৰা নাই ।

লগতে পঢ়ক :Uzma Parveen controversial post : যোগী আদিত্যনাথক মাফিয়া, ধৰ্ষণকাৰী আখ্যা উজমা পাৰবীনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.