ETV Bharat / bharat

মাংগালুৰুত বাছৰ ভিতৰতে মহিলাক নিৰ্যাতন সহযাত্ৰীৰ - পোষ্টটো ছ'চিয়েল মিডিয়াত ভাইৰেল

মাংগালুৰুত বাছৰ ভিতৰতে এগৰাকী মহিলাৰ ওপৰত নিৰ্যাতন চলালে সহযাত্ৰীয়ে । ইনষ্টাগ্ৰাম পোষ্টযোগে সমগ্ৰ ঘটনাৰ বিষয়ে লিখিলে নিৰ্যাতিতা মহিলাগৰাকীয়ে । বৰ্তমান ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে মহিলাগৰাকীয়ে শ্বেয়াৰ কৰা পোষ্টটো ।

মাংগালুৰুত বাছৰ ভিতৰতে এগৰাকী মহিলাৰ ওপৰত নিৰ্যাতন চলালে সহযাত্ৰীয়ে

author img

By

Published : Jan 16, 2021, 1:30 PM IST

নেশ্যনেল ডেস্ক, ১৬ জানুৱাৰী: বাছেৰে যাত্ৰা কৰাৰ সময়ত হয়তো বহু যুৱতী-মহিলাৰ সৈতে নিৰ্যাতনৰ ঘটনা সংঘটিত হয় । কিন্তু বহুতেই এনে ঘটনাৰ বিষয়ে প্ৰকাশ কৰাৰ পৰা বিৰত থাকে । ফলত একাংশ নিকৃষ্ট মানসিকতাৰ লোকে মহিলাৰ ওপৰত নিৰ্যাতন চলাবলৈ সাহস কৰে । মাংগালুৰুতো এগৰাকী মহিলাই স্থানীয় বাছেৰে যাত্ৰা কৰাৰ সময়তে এনে এক পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয় । এই ঘটনাৰ বিষয়ে লিখি তেওঁ ইনষ্টাগ্ৰাম পোষ্টযোগে শ্বেয়াৰ কৰে ।

সম্প্ৰতি মহিলাগৰাকীয়ে শ্বেয়াৰ কৰা পোষ্টটো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । মহিলাগৰাকীয়ে পোষ্টটোত উল্লেখ কৰিছে যে, ১৪ জানুৱাৰীৰ দিনা প্ৰায় ৩.৪৫ বজাত তেওঁ বাছেৰে যাত্ৰা কৰিছিল । কে জি হেজ হাস্পতাল বাছ ষ্টপেজত এজন লোক বাছত উঠে আৰু মহিলাগৰাকীৰ কাষতে বহে । এখন হাতেৰে ফোনটো লৈ আনৰ সৈতে কথা পাতি থকাৰ অভিনয় কৰি লোকজনে আনখন হাতেৰে মহিলাগৰাকীৰ দেহত স্পৰ্শ কৰিছিল বুলি অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীয়ে । তেওঁ কোৱা মতে, এনে কাৰ্যত অস্বস্তি বোধ কৰি তেওঁ লোকজনৰ পৰা কিছু আঁতৰি বাছৰ খিৰীকিৰ ফালে চাপি যায় ।

ইয়াৰ পিছতো লোকজনে মহিলাগৰাকীক অশান্তি দি আছিল । উপায়হীন হৈ মহিলাগৰাকীয়ে লোকজনক গালি পাৰিবলৈ আৰম্ভ কৰে । তেতিয়া লোকজনে ক্ষমা বিচাৰে আৰু সেই স্তানৰ পৰা উঠি গৈ বাছখনৰ পিছ ফালৰ আসন বহে । কিন্তু তিনিটা বাছ ষ্টপেজ অতিক্ৰম কৰাৰ পিছত মহিলাগৰাকীয়ে লোকজনক আন এখন বাছৰ পৰা নামি অহা প্ৰত্যক্ষ কৰে । পুনৰ লোকজনে মহিলাগৰাকী থকা বাছখনত উঠে আৰু তেওঁৰ কাষত বহে আৰু পুনৰ আগৰ দৰে অভব্য আচৰণ কৰিবলৈ লয় । মহিলাগৰাকীয়ে লোকজনক আন খালী আসনত বহিবলৈ কয় যদিও তেওঁ অমান্তি হয় ।

মহিলাগৰাকীয়ে শ্বেয়াৰ কৰা পোষ্টটোত তেওঁ বাছত থকা আন যাত্ৰীসকলৰ ওপৰত ক্ষোভ প্ৰকাশ কৰি কয় যে, এগৰাকী যাত্ৰীয়েও সেই সময়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল, কেৱল নিৰৱ দৰ্শক হৈ চাই আছিল সমগ্ৰ দৃশ্য । চালক আৰু হেণ্ডিমেনেও লোকজনৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল । যেতিয়া মহিলাগৰাকীয়ে লোকজনক তেওঁৰ ফটো ইণ্টাৰনেটত ভাইৰেল কৰাৰ ধমকি দিয়ে, তেতিয়া লোকজনে নিৰ্লজ্জভাৱে মুখত থকা মাস্কখন আঁতৰাই দি ফটো উঠাবলৈ কয় ।

মহিলাগৰাকীয়ে কয় যে, তেওঁ এই পোষ্টটো শ্বেয়াৰ কৰাৰ উদ্দেশ্য হৈছে সজাগতা সৃষ্টি কৰা । মহিলাগৰাকীয়ে কয় যে, ৯৯ শতাংশ যুৱতী-মহিলাই ভৱিষ্যতৰ কথা চিন্তা কৰি লাজতে এনে ঘটনাৰ বিৰোধিতা নকৰে । এনে সময়তে নিজে সজাগ নহ'লে আন মানুহ, আৰক্ষী, আইন কোনেও সহায় নকৰে বুলি কয় মহিলাগৰাকীয়ে ।

লগতে পঢ়ক:11 গৰাকীৰ মহিলাক বিয়া কৰাই আৰক্ষীৰ জালত 22 বছৰীয়া যুৱক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.