ETV Bharat / bharat

এলোপেথি সন্দৰ্ভত ৰামদেৱে কৰা মন্তব্য প্ৰত্যাহাৰক প্ৰশংসা স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধনৰ

author img

By

Published : May 24, 2021, 9:55 AM IST

Updated : May 24, 2021, 2:02 PM IST

যোগ গুৰু ৰামদেৱে যিদৰে এলোপেথিক ঔষধৰ বিৰুদ্ধে তেওঁৰ বক্তব্য প্ৰত্যাহাৰ কৰিছে আৰু বিষয়টোক লৈ চৰ্চিত হোৱা বিতৰ্ক বন্ধ কৰে সেয়া সঁচাকৈ প্ৰশংসনীয় বুলি মন্তব্য কৰে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধনে ।

ramdev
যোগ গুৰু ৰামদেৱক প্ৰশংসা কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধনৰ

নেশ্যনেল ডেস্ক, ২৪ মে': যোগ গুৰু বাবা ৰামদেৱক প্ৰশংসা কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধনৰ । দেওবাৰে টুইটাৰযোগে ৰামদেৱক প্ৰশংসা কৰে কেন্দ্ৰীয় মন্ত্ৰী হৰ্ষবৰ্ধনে । দুদিন পূৰ্বে ৰামদেৱে আধুনিক চিকিৎসা পদ্ধতি (এলপেথিক)ক সম্পৰ্কে এক মন্তব্য কৰিছিল । পৰৱৰ্তী সময়ত এই মন্তব্যই সামাজিক মাধ্যমত ব্যাপক ৰূপে চৰ্চা লাভ কৰে । পাচত ইণ্ডিয়ান মেডিকেল এছ’চিয়েছন চমুকৈ আই এম এয়ে স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধনক ৰামদেৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নাইবা আধুনিক চিকিৎসা পদ্ধতি মষিমূৰ কৰিব লাগে বুলি দাবী জনাইছিল । এই দাবীৰ পাচতে ৰামদেৱে তেওঁ কৰা মন্তব্যৰ বাবে ক্ষমা প্ৰাৰ্থনা বিচাৰে আৰু উক্ত মন্তব্যটো প্ৰত্যাহাৰ কৰে ।

যোগ গুৰু ৰামদেৱে যিদৰে এলোপেথিক ঔষধৰ বিৰুদ্ধে তেওঁৰ বক্তব্য প্ৰত্যাহাৰ কৰে আৰু বিষয়টোক লৈ চৰ্চিত হোৱা বিতৰ্ক বন্ধ কৰে সেয়া সঁচাকৈ প্ৰশংসনীয় বুলি টুইটাৰযোগে বৰ্ধনে কয় । উল্লেখ্য যে, স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধনে ৰামদেৱলৈ এক পত্ৰ প্ৰেৰণ কৰাৰ পাচতে এলোপেথিক ঔষধ সম্পৰ্কে কৰা বক্তব্য প্ৰত্যাহাৰ কৰে ।

'আমি আধুনিক চিকিৎসা বিজ্ঞান আৰু এলোপেথিৰ বিৰোধিতা নকৰোঁ । আমি বিশ্বাস কৰোঁ যে এলোপেথিয়ে অস্ত্ৰোপচাৰ আৰু জীৱন ৰক্ষা প্ৰণালীত যথেষ্ট অগ্ৰগতি দেখুৱাইছে । যদি ই কোনো ব্যক্তিৰ মনত আঘাত হানে তেন্তে মই দুঃখিত' এইদৰে ৰামদেৱেও হৰ্ষবৰ্ধনলৈ পত্ৰ লিখি ক্ষমা প্ৰাৰ্থনা বিচাৰিছিল ।

লগতে পঢ়ক: ত্ৰিপুৰাত টেংকী পৰিস্কাৰত নিয়োজিত দুই শ্ৰমিকৰ মৃত্যু

Last Updated : May 24, 2021, 2:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.