ETV Bharat / sports

অসমৰ খেলুৱৈয়েও ভাগ লওক পেৰা অলিম্পিকত: এয়াই আশা গীতিকাৰ - INTERVIEW WITH GITIKA TALUKDAR

author img

By ETV Bharat Sports Team

Published : Sep 9, 2024, 3:20 PM IST

Updated : Sep 9, 2024, 3:54 PM IST

Interview with Gitika Talukdar: সপোনৰ পম খেদি তিনিচুকীয়া জিলাৰ ডুমডুমাৰ পৰা পেৰিছ পালেগৈ এগৰাকী অসমকন্যা ৷ কেমেৰাটো হাতত লৈ বন্দী কৰি গ’ল এটাৰ পিছত আনটো শ্নেপ ৷ দেশী-বিদেশী ফটোগ্ৰাফাৰৰ সৈতে একেটা শাৰীতে থিয় হৈ পেৰিছত অসমীয়াগিৰি বজাই ৰখা সেইগৰাকী জ্যেষ্ঠ সাংবাদিকৰ নাম হৈছে গীতিকা তালুকদাৰ ৷ অলিম্পিকৰ পিছত পেৰিছ পেৰালিম্পিকৰ মাজৰ পৰাই গীতিকা তালুকদাৰে ইটিভি ভাৰতলৈ বিশেষভাৱে প্ৰেৰণ কৰে কেইবাটাও ভিডিঅ' ৷ তাৰেই আধাৰত আমাৰ আজিৰ এই বিশেষ প্ৰতিবেদন ৷

INTERVIEW WITH GITIKA TALUKDAR
অসমৰ খেলুৱৈয়েও ভাগ লওক পেৰা অলিম্পিকত: এয়াই আশা গীতিকাৰ (Gitika Talukdar)

স্প’ৰ্টছ ডেস্ক, 9 ছেপ্টেম্বৰ: সপোন দেখিলে আৰু আপোনাৰ মনোবল দৃঢ় হ'লে আকাশ চুবলৈ আপোনাক কোনেও বাধা দিব নোৱাৰে । অসমৰ তিনিচুকীয়া জিলাৰ ডুমডুমাৰ এগৰাকী কিশোৰীয়েও এদিন সপোন দেখিছিল অসমৰ নাম উজলাবলৈ, আনৰ আদৰ্শ নলৈ সপোন দেখিছিল নিজৰ নাম সুকীয়াকৈ প্ৰতিষ্ঠা কৰাৰ ।

ই টিভি ভাৰতৰ বিশেষ প্ৰতিবেদন (Gitika Talukdar)

এই সপোনকে সাৰথি কৰি কিশোৰীগৰাকী যি ডুমডুমাৰ পৰা ওলাই আহিল, তেতিয়াৰে পৰা আৰু পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই । বৰ্তমান সময়ত তেওঁ প্ৰতিষ্ঠিত এগৰাকী ক্ৰীড়া সাংবাদিক হিচাপে । আমি ক'ব খুজিছো জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক গীতিকা তালুকদাৰৰ কথা ।

INTERVIEW WITH GITIKA TALUKDAR
আন্তৰ্জাতিক অলিম্পিক সমিতিৰ সভাপতি থমাছ বাকৰ সৈতে গীতিকা (Gitika Talukdar)

ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমত এইগৰাকী ক্ৰীড়া সাংবাদিকৰ কৰ্মজীৱন সম্পৰ্কে বিভিন্ন প্ৰতিবেদন প্ৰকাশ পাইছে ৷ সম্প্ৰতি গীতিকা পেৰিছত ৷ পেৰিছৰ মূল অলিম্পিক 'কাভাৰ' কৰাৰ পিছত তেওঁ অসমলৈ উভতি আহিছিল যদিও মনটোৰ হেঁচাত পুনৰ উৰা মাৰে পেৰিছলৈ, পেৰালিম্পিক 'কাভাৰ' কৰিবলৈ ৷ পেৰালিম্পিকৰ মাজৰ পৰাই গীতিকা তালুকদাৰে ইটিভি ভাৰতলৈ বিশেষভাৱে প্ৰেৰণ কৰে কেইবাটাও ভিডিঅ' ৷ তাৰেই আধাৰত আমাৰ আজিৰ এই প্ৰতিবেদন ৷

INTERVIEW WITH GITIKA TALUKDAR
পেৰিছত ৰূপৰ পদকপ্ৰাপ্ত ভাৰতীয় জেভলিট থ্ৰৱাৰ অজিত কুমাৰ যাদৱক পিন্ধালে অসমীয়াৰ স্বাভিমান গামোচা (Gitika Talukdar)

কেনেকৈ আৰম্ভণি ঘটিছিল এই যাত্ৰাৰ:

পিতৃৰ চাকৰিসূত্ৰে তিনিচুকীয়া জিলাৰ ডুমডুমাত থাকিবলৈ লৈছিল গীতিকা তালুকদাৰ ৷ অৱশ্যে তেওঁৰ পিতৃ ধীৰেন্দ্ৰ নাথ তালুকদাৰৰ ঘৰৰ ঘাইশিপাডাল আছে নলবাৰীৰ চামতাত ৷ এছ এছ বিত কৰ্মৰত গীতিকাৰ পিতৃক এগৰাকী গীতিকাৰ হিচাপেও জনা যায় ৷

INTERVIEW WITH GITIKA TALUKDAR
দক্ষিণ কোৰিয়াৰ ছিউল ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰ পৰা ক্ৰীড়া ব্যৱস্থাপনাত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণৰ মুহূৰ্তত (Gitika Talukdar)

গীতিকাই ডুমডুমাতেই স্কুলীয়া আৰু কলেজীয়া শিক্ষা গ্ৰহণ কৰাৰ পিছত পৰৱৰ্তী সময়ত অৰ্থাৎ 2005 চনত অসম মিডিয়া ট্ৰাষ্টৰ পৰা গ্ৰহণ কৰে সাংবাদিকতাৰ শিক্ষা ৷ এই শিক্ষা লাভৰ পিছতে গীতিকাই আৰম্ভণি কৰে পেছাদাৰী জীৱনৰ ৷ তেওঁ কিছুদিন ইষ্টাৰ্ণ প্ৰজেকছন নামৰ এটা প্ৰতিষ্ঠানত ইণ্টাৰ্ণশ্বিপ কৰি জীৱনৰ নতুন ইনিংছ মুকলি কৰে ৷ ইয়াৰ পিছত তেওঁ কেতিয়াও নিজৰ জীৱনত ঘূৰি চাবলগীয়া হোৱা নাই ৷ 2007 চনত গীতিকাই যোগদান কৰে জি এল পাব্লিকেছনত ৷

INTERVIEW WITH GITIKA TALUKDAR
পেৰালিম্পিকত ব্ৰঞ্জৰ পদকপ্ৰাপ্ত ভাৰতীয় শ্বটপুট খেলুৱৈ নাগালেণ্ডৰ হ'কাটো চেমাৰ সৈতে গীতিকা, পেৰিছত (Gitika Talukdar)

পেছাদাৰী জীৱন:

প্ৰাৰম্ভিক পৰ্যায়ত অসমৰ কেইবাখনো আগশাৰীৰ বাতৰি কাকতত কাম কৰিছিল গীতিকা তালুকদাৰে ৷ স্থানীয় সংবাদ মাধ্যমৰ অভিজ্ঞতাৰে পুষ্ট সাংবাদিকগৰাকীয়ে পৰৱৰ্তী সময়ত দেশৰ কেইবাটাও সংবাদ মাধ্যমৰ সৈতে কাম কৰাৰ সুযোগ লাভ কৰে ৷

বৰ্তমান গীতিকাই এখন আগশাৰীৰ ৰাষ্ট্ৰীয় কাকতৰ লগতে জাৰ্মানীৰ এটা সংবাদ সংস্থাৰ বাবে নিয়মীয়াকৈ বাতৰি আৰু ফটো যোগান ধৰি আছে ৷

INTERVIEW WITH GITIKA TALUKDAR
স্বৰ্ণ পদকপ্ৰাপ্ত ভাৰতীয় হাই জাম্পাৰ প্ৰৱীণ কুমাৰৰ সৈতে পেৰিছত (Gitika Talukdar)

অলিম্পিকৰ অভিজ্ঞতা:

দুটাকৈ অলিম্পিকত ফটো সাংবাদিক হিচাপে পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰা গীতিকা আছিল ভাৰতৰ একমাত্ৰ মহিলা ক্ৰীড়া সাংবাদিক ৷ ক’ভিডৰ প্ৰত্যাহ্বানক নেওচি গীতিকাই অংশগ্ৰহণ কৰিছিল টকিঅ’ অলিম্পিক 2020 ত ৷ সেই সময়ত জাপানৰ পৰা অলিম্পিকৰ বাতৰি আৰু ফটো সংগ্ৰহ কৰা ভাৰতৰ একমাত্ৰ মহিলা সাংবাদিক আছিল গীতিকা তালুকদাৰ ৷

INTERVIEW WITH GITIKA TALUKDAR
ছিউলৰ ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ত গীতিকাৰ এক মুহূৰ্ত (Gitika Talukdar)

চলিত বছৰত প্ৰেমৰ চহৰত অনুষ্ঠিত পেৰিছ অলিম্পিক 2024 তো অংশগ্ৰহণ কৰে অসমকন্যা তথা জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক গীতিকা তালুকদাৰে ৷ পেৰিছৰ পৰা মেটমৰা অভিজ্ঞতা লৈ উভতি অহা গীতিকাৰ ভৰা নাছিল মন ৷ যাৰ বাবে তেওঁ পুনৰ উৰা মাৰে একেখন চহৰলৈ ৷ এইবাৰৰ উদ্দেশ্য আছিল গ্ৰীষ্মকালীন পেৰিছ পেৰালিম্পিক 2024 গেমছ ৷

পেৰিছ পেৰালিম্পিক 2024 গেমছত অসমৰ গীতিকা:

28 আগষ্টৰ পৰা 8 ছেপ্টেম্বৰলৈ চলা গ্ৰীষ্মকালীন পেৰিছ পেৰালিম্পিক 2024 গেমছত অংশগ্ৰহণ কৰি গীতিকাই সমৃদ্ধ কৰে নিজৰ অভিজ্ঞতা ৷ ই টিভি ভাৰতলৈ পেৰিছৰ পৰা প্ৰেৰণ কৰা ভিডিঅ'ত ক্ৰীড়া সাংবাদিকগৰাকীয়ে ব্যক্ত কৰে নিজৰ মনৰ কথা ৷ দেশৰ পেৰা-এথলীটসকলৰে পৰিপূৰ্ণ পেৰিছ পেৰালিম্পিকত এইবেলি ভাৰতৰ প্ৰদৰ্শন আছিল দুৰ্দান্ত ৷ ভাৰতৰ পেৰা-খেলুৱৈসকলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি অৰ্জন কৰিছিল 29 টাকৈ পদক ৷ য’ত আছিল 7 টাকৈ স্বৰ্ণ, 9 টা ৰূপ আৰু 13 টা ব্ৰঞ্জৰ পদক ৷ তদুপৰি পদক তালিকাত ভাৰতে লাভ কৰিছিল 18 নং স্থান ৷

ভাৰতৰ এনে প্ৰদৰ্শনে সুখী কৰে সাংবাদিকগৰাকীক ৷ তদুপৰি অলিম্পিকৰ দৰে পেৰালিম্পিকতো অসমৰ খেলুৱৈসকলে এদিন হ’লেও ক্ৰীড়া প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ব বুলি গীতিকা তালুকদাৰে আশা প্ৰকাশ কৰে ৷

লগতে পঢ়ক: Gitika Talukdar photo exhibition : অসমৰ ফটো সাংবাদিক গীতিকা তালুকদাৰৰ ক্ৰীড়া ফটো প্ৰদৰ্শনী

অলিম্পিকৰ বাৰ্তা দিবলৈ পেৰিছলৈ আমন্ত্ৰিত অসমৰ গীতিকা - Sports Photographer Gitika Talukdar

Last Updated : Sep 9, 2024, 3:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.