ETV Bharat / sports

আমাৰ যুৱতীসকলেও কাৰাটে শিকাটো অত্যন্ত জৰুৰী : সাংসদ দিলীপ শইকীয়া - KARATE COMPETITION IN RANGIA

author img

By ETV Bharat Sports Team

Published : Sep 9, 2024, 2:25 PM IST

MP Dilip Saikia: এদিনীয়া কাৰ্যসূচীৰে ৰঙিয়াত সম্পন্ন কাৰাটে প্ৰতিযোগিতা ৷ ৰঙিয়া জিলা কাৰাটে সন্থাৰ উদ‍্যোগত অনুষ্ঠিত এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে সাংসদ দিলীপ শইকীয়াই ৷ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ ছোৱালীবোৰে আত্মৰক্ষাৰ কৌশল হিচাপে কাৰাটে শিকা উচিত বুলি সাংসদগৰাকীয়ে মন্তব্য কৰে ৷

KARATE COMPETITION IN RANGIA
প্ৰায় 250 ল’ৰা আৰু ছোৱালীয়ে অংশগ্ৰহণ কৰে উক্ত প্ৰতিযোগিতাত (ETV Bharat Assam)

স্প’ৰ্টছ ডেস্ক, 9 ছেপ্টেম্বৰ: লোকসভাৰ দৰং-ওদালগুৰি সমষ্টিৰ সাংসদ দিলীপ শইকীয়াক দেখা গ’ল আন এক ৰূপত । ৰঙিয়াৰ তৰণিস্থিত আৰিমত্ব মিনি ষ্টেডিয়ামত অনুষ্ঠিত ৰঙিয়া জিলা কাৰাটে প্ৰতিযোগিতাৰ এখন প্ৰীতি খেলত অংশগ্ৰহণ কৰে সাংসদগৰাকীয়ে ।

ৰঙিয়াত কাৰাটে প্ৰতিযোগিতা সম্পন্ন (ETV Bharat Assam)

প্ৰতিযোগিতাৰ টাটামিত নামি কাৰাটে প্ৰদৰ্শনৰে থিয়ৈ থিয়ৈ বিপক্ষৰ মুখত পাঞ্চ মাৰি দৰ্শকৰ মন জয় কৰিলে সাংসদ শইকীয়াই । দৰাচলতে ৰঙিয়াত দেওবাৰে এদিনীয়াকৈ ৰঙিয়া জিলা কাৰাটে সন্থাৰ উদ‍্যোগত অনুষ্ঠিত হৈছে চতুৰ্থ বাৰ্ষিক কাৰাটে প্ৰতিযোগিতাখন । ৰঙিয়া জিলা কাৰাটে সন্থাৰ 9 টাকৈ স্বীকৃতিপ্ৰাপ্ত ক্লাৱৰ পৰা ৰঙিয়াৰ বিভিন্ন প্ৰান্তৰ প্ৰায় আঢ়ৈ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখন উদ্বোধন কৰে সাংসদ দিলীপ শইকীয়াই ।

কাটা আৰু কুমিতে- এই দুটা শাখাত প্ৰায় 250 ল’ৰা আৰু ছোৱালীয়ে অংশগ্ৰহণ কৰে উক্ত প্ৰতিযোগিতাত । খেলখন উদ্বোধন কৰি সাংসদ দিলীপ শইকীয়াই কয় যে, "ৰঙিয়া জিলা কাৰাটে সন্থাই ৰাজ‍্যখনৰ ভিতৰতে অন‍্যতম মুখ্য ৰূপত পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে । দিনে দিনে ৰঙিয়া জিলা কাৰাটে সন্থাৰ প্ৰসাৰ বঢ়াৰ লগতে সন্থাৰ জৰিয়তে অঞ্চলটোত কাৰাটে খেলৰ প্ৰচাৰো বাঢ়িছে" ।

"কাৰাটে অতি প্ৰাচীন খেল । খেলৰ লগতে আত্মৰক্ষাৰ এবিধ প্ৰধান কৌশল হিচাপেও কাৰাটে চিহ্নিত । বৰ্তমান সময়ত আমাৰ যুৱতীসকলেও কাৰাটে শিকাটো অত্যন্ত জৰুৰী । কাৰণ শাস্ত্ৰত উল্লেখ আছে যে সকলো আত্মৰক্ষাৰ পথত অগ্ৰসৰ হ’ব লাগে । গতিকে কাৰাটেৰ জৰিয়তে আমাৰ ছোৱালীসকলে বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ লগতে বহুতক উদ্বুদ্ধ কৰিব পাৰে" বুলি সমান্তৰালকৈ সাংসদগৰাকীয়ে সদৰী কৰে ৷

দেওবাৰে নিশাৰ ভাগত অন্ত পৰা প্ৰতিযোগিতাখনত বিজয়ী হিচাপে প্ৰথম স্থান লাভ কৰে ৰয়েল কাৰাটে একাডেমীয়ে ৷ তদুপৰি দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে ৰঙিয়া কাৰাটে একাডেমী আৰু গ্ল’বেল কাৰাটে একাডেমীয়ে ।

লগতে পঢ়ক: ভাৰত-বাংলাদেশৰ প্ৰথম টেষ্টৰ বাবে ভাৰতীয় দল ঘোষণা, বাদ পৰিল কেবাগৰাকীও খেলুৱৈ - INDIA vs BANGLADESH test series

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.