ETV Bharat / state

জানুৱাৰীৰ পৰা সীমান্তত ৫৪ অবৈধ অনুপ্ৰৱেশকাৰীক আটক - Bangladeshi detained

author img

By ETV Bharat Assamese Team

Published : Sep 9, 2024, 2:23 PM IST

Bangladeshi detained: অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে অসম চৰকাৰ কঠোৰ হোৱাৰ সময়তে সীমান্তত পুনৰ আটক হৈছে বাংলাদেশী । অনুপ্ৰৱেশৰ চেষ্টা চলোৱা দুই বাংলাদেশীক আটক কৰি পিচত আৰক্ষীয়ে পুনৰ বাংলাদেশলৈ ঘূৰাই পঠিয়ায় । অসম আৰক্ষীক প্ৰশংসা মুখ্যমন্ত্ৰীৰ ।

Bangladeshi detained
জানুৱাৰীৰ পৰা সীমান্তত ৫৪ অবৈধ অনুপ্ৰৱেশকাৰীক আটক (ETV Bharat)

গুৱাহাটী, ৯ ছেপ্টেম্বৰ : ৰাজ্যৰ সীমান্তৱৰ্তী বিভিন্ন অঞ্চলত বহু বাংলাদেশী অনুপ্ৰৱেশকাৰীক গ্রেপ্তাৰ কৰাৰ পিচতে ৰাজ্য চৰকাৰে অসমত অবৈধ বিদেশীৰ চিনাক্তকৰণৰ প্ৰক্ৰিয়া জোৰদাৰ কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে । তেনে সময়তে অসম আৰক্ষীয়ে পুনৰ দুই বাংলাদেশী নাগৰিকক অনুপ্ৰৱেশত বাধা দিয়ে ।

  • বাংলাদেশী আটক

কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তত দুই বাংলাদেশী নাগৰিকে দেওবাৰে নিশা অসমত অনুপ্ৰৱেশৰ বাবে চেষ্টা চলাইছিল । দুয়োগৰাকী বাংলাদেশী নাগৰিকক শ্বাহাদত হুছেইন আৰু প্ৰিয়ংকা গেইন বুলি জানিব পৰা গৈছে । তেওঁলোকক কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তত আটক কৰা হয় । পৰৱৰ্তী সময়ত তেওঁলোকক সীমান্তৰ সিপাৰে বাংলাদেশলৈ পুনৰ ঘূৰাই পঠিওৱা হয় ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে এই সন্দৰ্ভত এক্সৰ এটা পোষ্টত কয়, "অনুপ্ৰৱেশৰ বিৰুদ্ধে আমি সম্পূৰ্ণৰূপে সজাগ আৰু সচেতন হৈ আছো ৷ কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তত আমাৰ অসম আৰক্ষীয়ে শ্বাহাদত হুছেইন আৰু প্ৰিয়ংকা গেইন নামৰ দুগৰাকী বাংলাদেশী অনুপ্ৰৱেশকাৰীক আটক কৰে ৷ আৰু পিচত তেওঁলোকক সীমান্তৰ সিপাৰে বাংলাদেশলৈ ঘূৰাই পঠিয়ায় ৷ দিনে-নিশাই অহৰহ সীমান্তত পহৰা দি অনুপ্ৰৱেশ ৰোধ কৰাৰ বাবে সেৱা আগবঢ়োৱা আমাৰ আৰক্ষীৰ কৰ্মৰ শলাগ ল'লো ৷"

  • অবৈধ বিদেশীৰ চিনাক্তকৰণৰ প্ৰক্ৰিয়া

দুদিন পূৰ্বে অসমত অবৈধ বিদেশীৰ চিনাক্তকৰণৰ প্ৰক্ৰিয়া জোৰদাৰ কৰাৰ নিৰ্দেশ জাৰি কৰি মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত কৈছিল যে যোৱা দুটা মাহত গড়ে ২০-২৫ জনকৈ বাংলাদেশী অনুপ্ৰৱেশকাৰীক সীমান্তত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি সীমাৰ বাহিৰ কৰি দিয়াৰ ঘটনাৰ পিচত বিদেশী চিনাক্তকৰণৰ প্ৰক্ৰিয়া অধিক শক্তিশালী কৰি তোলা হৈছে ।’’

‘‘মন কৰিবলগীয়া যে, ৰাজ্যৰ ৰাজনৈতিক(খ)বিভাগে জাৰি কৰা নিৰ্দেশনাত কোৱা হৈছে যে যোৱা জানুৱাৰী মাহৰ পৰা এই পর্যন্ত ৫৪ জন অবৈধ অনুপ্ৰৱেশকাৰীক কৰায়ত্ত কৰা হৈছে । ইয়াৰে ৪৫ জনক সীমা পাৰ কৰি তেওঁলোকৰ দেশলৈ প্ৰেৰণ কৰা হৈছে আৰু ৯ জনক কৰিমগঞ্জত গ্রেপ্তাৰ কৰা হৈছে ।’’

‘‘ইয়াৰ লগতে ৰাজ্যখনত বিশেষকৈ উজনি অসম আৰু উত্তৰ অসমৰ জিলাকেইখনত সন্দেহজনক বিদেশীৰ উপস্থিতি ধৰা পৰিছে । ৰাষ্ট্ৰৰ আভ্যন্তৰীণ নিৰাপত্তাৰ প্ৰতি সম্ভাৱ্য ভাবুকি কঢ়িয়াই অনাৰ আশংকাৰ প্ৰতি লক্ষ্য ৰাখি অসম আৰক্ষীৰ সীমান্ত শাখাক অবৈধ অনুপ্ৰৱেশকাৰীৰ চিনাক্তকৰণৰ আৰু বিতাড়নৰ বাবে সকলো প্রয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।"

লগতে পঢ়ক :অসম আৰক্ষীৰ জালত ৪ বাংলাদেশৰ অনুপ্ৰৱেশকাৰী: ক্ষীপ্ৰতাৰে বাংলাদেশক হস্তান্তৰ - Bangladeshi nationals apprehended

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.