ETV Bharat / bharat

Chandrayaan 3 launch : চন্দ্ৰত মহাকাশযান অৱতৰণ কৰা চতুৰ্থ দেশ হোৱাৰ দিশে ভাৰত - spacecraft to moon

চন্দ্ৰযান-৩ অভিযানে ভাৰতক চন্দ্ৰপৃষ্ঠত মহাকাশযান অৱতৰণ কৰা চতুৰ্থখন দেশ হিচাপে ইতিহাস সৃষ্টি কৰিব । ১৪ জুলাইত উৎক্ষেপণ হ'ব চন্দ্ৰযান-৩ ।

ISRO
ISRO
author img

By

Published : Jul 10, 2023, 4:14 PM IST

নিউজ ডেস্ক, ১০ জুলাই : চলিত সপ্তাহত শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ হ'বলগীয়া চন্দ্ৰযান-৩-য়ে 'চন্দ্ৰপৃষ্ঠত মহাকাশযান অৱতৰণ কৰা ভাৰতক চতুৰ্থখন দেশ' হিচাপে গঢ়ি তুলিব । দেওবাৰে কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) জীতেন্দ্ৰ সিঙে এই কথা কয় । তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শেহতীয়া আমেৰিকা ভ্ৰমণত মহাকাশ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ চুক্তিসমূহে ইংগিত দিয়ে যে যিবোৰ দেশে ভাৰততকৈ বহু পূৰ্বে মহাকাশ যাত্ৰা আৰম্ভ কৰিছিল, তেওঁলোকে আজি দেশখনক সমান সহযোগী হিচাপে লক্ষ্য কৰি আছে ।

"প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শাসনকালত আমাৰ মহাকাশ দক্ষতা ইমান বৃদ্ধি হোৱাৰ পিছত, ভাৰতে চন্দ্ৰলৈ যাত্ৰাত পিছপৰি থাকিবলৈ আৰু অপেক্ষা কৰিব নোৱাৰে ।" মন্ত্ৰীগৰাকীয়ে কয় । সিঙে কয় যে চন্দ্ৰযান-৩ হৈছে চন্দ্ৰযান-২ৰ এক অনুসৰণ অভিযান আৰু ইয়াৰ উদ্দেশ্য হৈছে চন্দ্ৰপৃষ্ঠত ৰ'ভাৰৰ মসৃণ অৱতৰণত ভাৰতৰ সামৰ্থ্য প্ৰদৰ্শন কৰা । তেওঁ কয় যে মহাকাশযানখনে চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰাৰ বাবে প্ৰয়োজনীয় জটিল মিছন প্ৰ'ফাইলটো অতি সঠিকভাৱে সম্পাদন কৰা হৈছে ।

"চন্দ্ৰযান-৩ৰ সফল অৱতৰণৰ পিছত, ছয়টা চকা থকা ৰ'ভাৰখন ওলাই আহিব আৰু চন্দ্ৰত ১৪ দিন কাম কৰিব বুলি আশা কৰা হৈছে । ৰ'ভাৰত থকা একাধিক কেমেৰাৰ সমৰ্থনত আমি ছবিবোৰ লাভ কৰিবলৈ সক্ষম হ'ম ।" মন্ত্ৰালয়ৰ এক বিজ্ঞপ্তি অনুসৰি তেওঁ কয় ।

মহাকাশ কৰ্মীসকলৰ বাবে এক সক্ষম পৰিৱেশ প্ৰদান কৰা আৰু ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বৰ বাবে মহাকাশ খণ্ডক উন্মুক্ত কৰাৰ দৰে পথপ্ৰদৰ্শক সিদ্ধান্ত লোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সম্পূৰ্ণ কৃতিত্ব প্ৰদান কৰি সিঙে কয়, বৰ্তমানৰ বিকাশৰ গতিপথৰ ওপৰত ভিত্তি কৰি ভাৰতৰ মহাকাশ খণ্ড অনাগত বছৰবোৰত ১ ট্ৰিলিয়ন আমেৰিকান ডলাৰৰ অৰ্থনীতি হ'ব পাৰে । সিঙে কয়, "চন্দ্ৰযান-৩ অভিযানৰ প্ৰাথমিক উদ্দেশ্য হৈছে চন্দ্ৰপৃষ্ঠত সুৰক্ষিত আৰু মসৃণ অৱতৰণ প্ৰদৰ্শন কৰা, চন্দ্ৰত ঘূৰি থকা ৰ'ভাৰ প্ৰদৰ্শন কৰা আৰু পৰিস্থিতি ভিত্তিক বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা কৰা ।"

আনহাতে, মন্ত্ৰীগৰাকীয়ে স্মৰণ কৰে যে চন্দ্ৰযান অভিযানৰ শৃংখলাৰ প্ৰথমটো অৰ্থাৎ চন্দ্ৰযান-১ক চন্দ্ৰপৃষ্ঠত পানীৰ উপস্থিতি আৱিষ্কাৰ কৰাৰ কৃতিত্ব দিয়া হয় । যিটোৱে বিশ্বৰ বাবে এক নতুন দিশ উন্মোচন কৰিছিল । আনকি আমেৰিকাৰ নাছাৰ দৰে আটাইতকৈ মুখ্য মহাকাশ সংস্থাসমূহো এই আৱিষ্কাৰৰ দ্বাৰা আকৰ্ষিত হৈছিল আৰু তেওঁলোকৰ পৰৱৰ্তী পৰীক্ষাৰ বাবে ইয়াৰ তথ্য ব্যৱহাৰ কৰিছিল ।

চন্দ্ৰযান-৩য়ে পৰৱৰ্তী পৰ্যায়ত কাম কৰিব বুলিও তেওঁ কয় । মহাকাশযানখনে ইয়াৰ উৎক্ষেপণৰ বাবে ইছৰোৰ দ্বাৰা বিকশিত লঞ্চ ভেহিকেল মাৰ্ক-৩ ব্যৱহাৰ কৰিব বুলি তেওঁ কয় । সিঙে লগতে কয়, "চন্দ্ৰযান-৩ৰ উৎক্ষেপণক লৈ সমগ্ৰ দেশতে যথেষ্ট আগ্ৰহ পৰিলক্ষিত হৈছে । বিশেষকৈ চন্দ্ৰযান-২ মিছনে ৬ ছেপ্টেম্বৰ, ২০১৯ ত মহাকাশযানৰ অৱতৰণ আৰম্ভ কৰাৰ মাত্ৰ ১৩ মিনিটৰ পিছতে বিফল হোৱাৰ বাবে আকাংক্ষিত ফলাফল লাভ কৰিব নোৱাৰিলে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শ্ৰীহৰিকোটাত অনুষ্ঠানটো চাবলৈ ব্যক্তিগতভাৱে উপস্থিত আছিল ।" মন্ত্ৰীগৰাকীয়ে লগতে কয়, "চন্দ্ৰযান-২ৰ উত্তৰাধিকাৰী চন্দ্ৰযান-৩ৰ লেণ্ডাৰৰ দৃঢ়তা বৃদ্ধিৰ বাবে কেইটামান পৰিৱৰ্তন হৈছে ।

লগতে পঢ়ক :Chandrayaan 3 : ১৪ জুলাইত চন্দ্ৰযান-৩ৰ উৎক্ষেপণ, চন্দ্ৰযানৰ বিশেষত্ব কি ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.