আইজল, 5 জানুৱাৰী : মিজোৰামত চাকমা স্বায়ত্বশাসিত জিলা পৰিষদৰ শীতকালীন অধিৱেশন মঙলবাৰৰ পৰা আৰম্ভ হয় ৷ শীতকালীন অধিৱেশনৰ ক্ষেত্ৰত সম্পূৰ্ণ ক‘ভিড-19ৰ প্ৰট‘কলৰ পালন কৰা হয় ৷ অধিৱেশনৰ প্ৰশ্নোত্তৰ কালত এটা নিৰ্ধাৰিত আৰু 7 টা অনিৰ্ধাৰিত প্ৰশ্নৰ উত্তৰ দিয়া হয় ৷ প্ৰশ্ন সমূহ উত্থাপন কৰিছিল বিৰোধী দল বিজেপিয়ে ৷
বৰ্তমানৰ কাৰ্যবাহী সমিতিৰ দ্বাৰা নিয়মীয়া কৰা কৰ্মচাৰীৰ তালিকা,স্থানীয় বাসিন্দা ব্যৱসায়ী সকলক জাৰি কৰা বাণিজ্যিক অনুমতিৰ তালিকা আৰু মাচুল, 2018-2021 বিত্তীয় বৰ্ষৰ আৰ.কে.ভি.ৱাই. আঁচনিৰ হিতাধিকাৰী আৰু কৰ্মচাৰীৰ তালিকা, 2020-21 বৰ্ষত কৃষক সকলে পোৱা আৰ্থিক সাহাৰ্য আদি সন্দৰ্ভত কিছুমান প্ৰশ্ন সোধা হয় ৷ আজিৰ পৰ্বৰ অন্তত চি.এ.ডি,চি.ৰ এই অধিৱেশন 8 জানুৱাৰীলৈ স্থগিত কৰা হৈছে ৷
লগতে পঢ়ক : মিজোৰামত উদ্যোমী বিকাশ কেন্দ্ৰৰ অনলাইন প্ৰশিক্ষণ কৰ্মশালা