ETV Bharat / bharat

বিজেপিৰ হোৱাটছ এপ গ্ৰুপৰ ভাইৰেল মেছেজে তোল পাৰ লগাইছে পশ্চিমবংগত

author img

By

Published : May 29, 2021, 3:30 PM IST

অভিযোগ অনুসৰি বিজেপিৰ সদস্যসকলে ঘূৰ্ণীবতাহ য়াছৰ সাহাৰ্য কেন্দ্ৰলৈ অধিক লোকক লৈ অহাৰ ষড়যন্ত্ৰ কৰিছে আৰু যাৰ বাবে ৰাজ্যখনত ক'ভিড-১৯ৰ ঘটনা বৃদ্ধি কৰিছিল । বিজেপি দলৰ এটা হোৱাটছ এপ গ্ৰুপৰ মেছেজ ভাইৰেল হোৱাৰ লগে লগে তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে ৰাজ্যখনত ।

YAAS CYCLONE
বিজেপিৰ হোৱাটছ এপ গ্ৰুপৰ ভাইৰেল মেছেজে তোল পাৰ লগাইছে পশ্চিমবংগত

নেশ্যনেল ডেস্ক, ২৯ মে': কৰ'ণাৰ সমান্তৰালকৈ য়াছ ঘূৰ্ণীবতাহে বিভীষিকাৰ সৃষ্টি কৰিছে পশ্চিমবংগত । গৃহহীন হৈছে বহু লোক । এনে সময়তে এটা হোৱাটছ এপ গ্ৰুপে লোকসকলৰ বাবে এক সাহাৰ্য শিবিৰ পাতিছে । কিন্তু এই হোৱাটছ এপ গ্ৰুপটোত বিজেপিৰ নেতা থকাৰ অভিযোগ তুলি টিএমচিয়ে কয় যে সাহাৰ্য শিবিৰৰ জৰিয়তে কৰ'ণা মহামাৰী সংক্ৰমণৰ চেষ্টা কৰিছে বিজেপিয়ে ।

শাসনত থকা টিএমচিয়ে অভিযোগ কৰে যে, এই গ্ৰুপত বহু বিজেপি বিধায়ক আৰু সাংসদ অন্তৰ্ভূক্ত আছে । গ্ৰুপটোৰ কিছুমান মেছেজ ভাইৰেল হোৱাৰ লগে লগে এতিয়া তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যখনত ।

ভাইৰেল হোৱা মেছেজৰ এটা মেছেজত বিদ্যাসাগৰ চক্ৰৱৰ্তী নামৰ এজন সদস্যই কৈছে যে সাহাৰ্য কেন্দ্ৰত অধিক লোকক পুনৰ সংস্থাপন কৰাটো ভাল হ'ব । কিয়নো নিৰ্দিষ্ট কোঠা এটাত যিমানে অধিক লোক থাকিব সিমানেই তেওঁলোক কৰ'ণাত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি থাকিব । তেতিয়া চৰকাৰ সমস্যাত পৰিব বুলিও বিস্ফোৰক মেছজ কৰিছে ।

আন এটা ভাইৰেল মেছেজ হৈছে বিজেপি সাংসদ জ্যোতিৰ্মোয়াদাৰ । তেওঁ কৈছে যে এই কথা কেন্দ্ৰীয় চৰকাৰক অৱগত কৰিব আৰু সংবাদ মাধ্যমত জনাবলৈ আহ্বান জনাব । তেওঁ লগতে বিজেপি কৰ্মীসকলক অধিক ফটো আৰু ভিডিঅ' কৰিবলৈ ক'ব ।

মেছেজবোৰ ভাইৰেল হোৱাৰ লগে লগে টিএমছি নেতাসকলক ক্ষোভিত হোৱা দেখা গৈছে । তৃণমূল কংগ্ৰেছৰ মতে বিজেপি দলে চৰকাৰক সিংহাসনচ্যুত কৰিবলৈ কৰ'ণাক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি এই শিবিৰৰ আয়োজন কৰিছে ।

পুৰুলিয়া জিলাৰ টিএমচিৰ মুখপাত্ৰ নাবেন্দু মহালীয়ে কয় যে, বিজেপিয়ে বিধানসভা নিৰ্বাচনত পৰাজিত হৈ এতিয়া পশ্চিমবংগত এনে কাৰ্যকলাপৰ পৰিকল্পনা কৰি আছে যাতে তেওঁলোকে যিকোনো মূল্যত চৰকাৰখন ধ্বংস কৰিব পাৰে । অৱশ্যে বিজেপি বিধায়ক নাৰাহাৰী মহাটোৱে এই অভিযোগ খণ্ডন কৰে ।

ইফালে ৰাজ্য চৰকাৰৰ তথ্য অনুসৰি পশ্চিমবংগত যোৱা ২৪ ঘণ্টাত মুঠ ১২,১৯৩ টা কৰ'ণাৰ নতুন ঘটনা পোহৰলৈ আহিছে । ইয়াৰ লগে লগে ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা হ'লগৈ ১৩,৪৩,৪৪২ টা । ৰাজ্যখনত যোৱা ২৪ ঘণ্টাত ১৯,৩৯৬ গৰাকী আৰোগ্য লাভ কৰাৰ লগতে ১৪৫ গৰাকী লোকৰ মৃত্যু হৈছে ।

লগতে পঢ়ক:মহাৰাষ্ট্ৰত অট্টালিকা খহি নিহত ৭

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.