নেশ্যনেল ডেস্ক,২৭ মাৰ্চ: পশ্চিমবংগত চলি আছে প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ ভোটদান । তাৰ মাজতে ৰাজ্যখনত উত্তেজনাময় পৰিৱেশ । তৃণমূল কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে কিছুমান গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰাৰ উদ্দেশ্যে সাক্ষাৎ কৰে মুখ্য নিৰ্বাচনী বিষয়াক । আনহাতে টুইটাৰযোগে সৰ্ব ভাৰতীয় তৃণমূল কংগ্ৰেছে পাঁচ মিনিটৰ ভিতৰত ভোটদানৰ শতাংশ কেনেকৈ আধালৈ হ্ৰাস পাইছে সেই বিষয়ে ভাৰতৰ নিৰ্বাচন আয়োগক প্ৰশ্ন কৰে ।
আনহাতে, ভোটগ্ৰহণৰ কেইঘণ্টামান পূৰ্বে ৰাজ্যখনৰ পূৰ্ব মেদিনীপুৰ জিলাত বোমা বিস্ফোৰণ আৰু গুলীচালনাৰ ঘটনা সংঘটিত হয় । ভাগবনপুৰ বিধানসভা সমষ্টিৰ আৰগোৱাল গাঁও পঞ্চায়তৰ সতসতমল গাঁৱত সংঘটিত এই ঘটনাত দুগৰাকী নিৰাপত্তাৰক্ষী আহত হয় । আনহাতে পশ্চিম মেদিনীপুৰৰ বিজেপি প্ৰাৰ্থী সমিত দাসে টিএমচিক জিলাখনৰ গ্ৰাম্য অঞ্চলত অশান্তি সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰিছে ।
পশ্চিমবংগত প্ৰথম পৰ্যায়ত পুৰুলিয়া আৰু ঝাড়গ্ৰাম জিলাৰ সকলো বিধানসভা সমষ্টিক সামৰি ৩০ খন আসন আৰু বাঙ্কুৰা, পূৰ্ব মেদিনীপুৰ আৰু পশ্চিম মেদিনীপুৰৰ এটা অংশত নিৰ্বাচন অনুষ্ঠিত হৈছে । প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণে ২১ জন মহিলা প্ৰাৰ্থীকে ধৰি মুঠ ১৯১ গৰাকী প্ৰাৰ্থীৰ নিৰ্বাচনী ভাগ্য নিৰ্ণয় কৰিব । ভোটগ্ৰহণ আবেলি ৬.৩০ বজাত সমাপ্ত হ'ব ।
ইফালে, শনিবাৰে পুৱা ১০.১৯ বজালৈ পশ্চিমবংগত ১৫.৩০ শতাংশ ভোটগ্ৰহণ সম্পন্ন হৈছে ।
লগতে পঢ়ক: মিজোৰামত 6 গৰাকীৰ দেহত ক’ভিড 19