ETV Bharat / bharat

Rapid increase of COVID-19 Cases in Tripura: ত্ৰিপুৰাত পুনৰ মাস্ক পৰিধান বাধ্যতামূলক

author img

By

Published : Jul 12, 2022, 1:15 PM IST

ত্ৰিপুৰাত শেহতীয়াকৈ ক'ভিডৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পাইছে (Rapid increase of COVID-19 Cases in Tripura)। যাৰ বাবে চৰকাৰে কেইবাটাও নতুন নিৰ্দেশনা জাৰি কৰিছে । ৰাজ্যখনত মাস্ক পুনৰ বাধ্যতামূলক কৰা হৈছে (Masks again compulsory in Tripura) ।

Covid situation in Tripura
ত্ৰিপুৰাত পুনৰ মাস্ক বাধ্যতামূলক

আগৰতলা,১২ জুলাই : দেশৰ ভিন্ন প্ৰান্তত ক'ভিডৰ দ্ৰুত সংক্ৰমণ আৰম্ভ হৈছে (Covid situation in India)। ত্ৰিপুৰাতো শেহতীয়াকৈ ক'ভিডে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে (Rapid covid infection in Tripura)। যাৰ বাবে ত্ৰিপুৰা চৰকাৰ পুনৰ কঠোৰ হৈছে । ত্ৰিপুৰাত মাস্ক পৰিধান কৰাটো পুনৰ বাধ্যতামূলক কৰিছে চৰকাৰে (Wearing of masks compulsory in Tripura)।

সংবাদমেলযোগে এই কথা ঘোষণা কৰে ৰাজহ বিভাগৰ অতিৰিক্ত সচিব প্ৰদীপ আচাৰ্যই । সংবাদমাধ্যমৰ সন্মুখত তেওঁ উল্লেখ কৰা মতে ৰাজ্য়খনত ক'ভিড আক্ৰান্ত হোৱা ৩৭ গৰাকী ৰোগী এতিয়াও সন্ধানহীন হৈ আছে । ইতিমধ্যে ৰাজ্যৰ মুখ্য সচিব জে কে সিনহাই ৰাজ্যিক পৰ্যায়ৰ টাস্ক ফ'ৰ্চৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰিছে আৰু বৈঠকত ক'ভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰিছে ।

বৈঠকত চৰকাৰে তিনিটা সিদ্ধান্ত গ্ৰহণ কৰিছে (Covid new rules in Tripura)। সেইকেইটা হৈছে মাস্ক পিন্ধা বাধ্যতামূলক কৰা, উপযুক্ত নীতি-নিৰ্দেশনা বজাই ৰখা আৰু ক'ভিড ৰোগী চিনাক্তকৰণৰ বাবে জনবহুল স্থানত দ্ৰুত পৰীক্ষা আৰম্ভ কৰা । ৰাজ্যিক ৰোগ নিৰীক্ষণ বিষয়া ড০ দীপ কুমাৰ দেববৰ্মাই জনোৱা মতে যোৱা ৪ জুলাইত ৰাজ্যখনত আক্ৰান্তৰ হাৰ ১.৭৯ শতাংশ আছিল । কিন্তু ১০ জুলাইত এই সংখ্যা ৭.১২ শতাংশলৈ বৃদ্ধি পাইছে ।

ত্ৰিপুৰাৰ পশ্চিম জিলাত ক'ভিড ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে আৰু আগৰতলা পৌৰ নিগম (AMC) অঞ্চলত বেছিভাগ আক্ৰান্ত ৰোগী ধৰা পৰিছে । যোৱা এসপ্তাহত কমেও ১৩১ গৰাকী ক'ভিড পজিটিভ ৰোগী পোৱা গৈছে আৰু তেওঁলোকৰ ভিতৰত ৮২ গৰাকী পশ্চিম জিলাৰ । আক্ৰান্তৰ সংখ্যাৰ ফালৰ পৰা চেপাহিজালা জিলা দ্বিতীয় স্থানত আছে ।

ড০ দীপ কুমাৰ দেববৰ্মাই জনোৱা মতে আক্ৰান্ত লোকসকলৰ দেহত ক'ভিডৰ সাধাৰণ লক্ষণ ধৰা পৰিছে যাৰ বাবে তেওঁলোকক স্বাস্থ্য বিভাগে হোম কোৱাৰেণ্টাইনত প্ৰেৰণ কৰিছে । ১৩১ গৰাকীৰ ভিতৰত মাত্ৰ ৮ গৰাকী ৰোগীকহে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । কিন্তু, দুৰ্ভাগ্যবশতঃ প্ৰথমে আক্ৰান্ত হোৱা ৩৭ গৰাকী লোকৰ সৈতে যোগাযোগ স্থাপন কৰাত স্বাস্থ্য বিভাগ তথা প্ৰশাসন ব্যৰ্থ হৈছে ।

তেওঁলোকৰ নমুনা সংগ্ৰহ কৰা হৈছিল । যেতিয়া তেওঁলোকক পজিটিভ পোৱা গৈছিল স্বাস্থ্য বিভাগ আৰু প্ৰশাসনে তেওঁলোকৰ সৈতে যোগাযোগ স্থাপন কৰিছিল যদিও ব্যৰ্থ হৈছিল । তেওঁলোকে দিয়া ফোন নম্বৰত যোগাযোগ কৰিও কোনো সুফল পোৱা নাই । অৱশ্যে আক্ৰান্ত ৰোগীসকলৰ সৈতে শীঘ্ৰে প্ৰশাসনে যোগাযোগ স্থাপন কৰিবলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰিছে বিষয়াগৰাকীয়ে । ইফালে ১৮ বছৰ আৰু তাৰ উৰ্ধৰ লোকসকলৰ বাবে প্ৰতিষেধকৰ বুষ্টাৰ পালি প্ৰদানৰ অনুমতি বিচাৰি ৰাজ্য চৰকাৰে কেন্দ্ৰলৈ পত্ৰ প্ৰেৰণ কৰিব বুলিও সংবাদমেলত বিষয়াসকলে উল্লেখ কৰিছে ।

লগতে পঢ়ক :Malaria cases in Tripura : ত্ৰিপুৰাত মেলেৰিয়াত আক্ৰান্তৰ সংখ্যা ৩০০০ স্পৰ্শ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.